ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক শ্বপিং চেণ্টাৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ এমাহ পুৰণি দৃশ্যকে ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ। 

Misleading Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত  ২০ জুলাই ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেয়া উল্লিখিত দিনটোৰ ৰাতিপুৱা ৰাছিয়াৰ বোমা আৰু মিছাইলৰ আক্ৰমণত বিধ্বস্ত হোৱা ইউক্ৰেইনৰ ৰাজধানী কীভৰ দৃশ্য। পোষ্টটোত লিখিছে- আজি ৰাতিপুৱাৰ কীয়েভ চহৰৰ ধংসৰ দৃশ্য। ৰুছিয়াৰ ভয়ানক বোমা, মিচাইলৰ আঘাটত বিধস্ত ইউক্ৰেইনৰ ৰাজধানী চহৰখন  

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টোৰ কেইবাটাও কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই দৃশ্যটো ২০২৬ৰ ২৮ জুন তাৰিখে এক্সত আপলোড কৰা দেখিলোঁ। চীনা ভাষাত কেপছন লিখা হৈছে এইদৰে-莫斯科下起了石油雨 । যাৰ অৰ্থ হৈছে মস্কোত তেলৰ বৰষুণ আৰম্ভ হ’ল।

একেটা ভিডিঅ’ ফেচবুকত ২০২৬ৰ ২০ জুনত আপলোড কৰা হৈছিল। তাত কেপছন লিখা হৈছে- Modern Warfare Has Changed Forever! Cheap and highly effective drones are reshaping the battlefield, proving that even the most advanced military systems face new challenges. Recent attacks deep inside Russia have once again highlighted how dron…(আধুনিক যুদ্ধ চিৰদিনৰ বাবে সলনি হৈছে! সস্তীয়া আৰু অতি ফলপ্ৰসূ ড্ৰ’নে যুদ্ধক্ষেত্ৰখনক নতুন ৰূপ দিছে, যিয়ে প্ৰমাণ কৰিছে যে অতি উন্নত সামৰিক ব্যৱস্থাসমূহেও নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ভিতৰৰ গভীৰতাত হোৱা আক্ৰমণে আকৌ এবাৰ উজ্জ্বল কৰি তুলিছে যে কেনেকৈ ড্ৰন…)

ৰেডিটত এই ভিডিঅ’টো আপলোড কৰি লিখা হৈছে- A Russian fire response helicopter is seen over the burning shopping centre in the Moscow region after being hit by a downed Ukrainian drone – June 2026.(মস্কো অঞ্চলৰ জ্বলি থকা শ্বপিং চেণ্টাৰৰ ওপৰেৰে দেখা গৈছে ৰাছিয়াৰ এখন অগ্নিনিৰ্বাপক হেলিকপ্টাৰ ইউক্ৰেইনৰ ড্ৰ’নে খুন্দা মৰা – জুন ২০২৬)

ইউটিউবত এক সংবাদ প্ৰতিষ্ঠানে ১৯ জুন ২০২৬ত এই ভিডিঅ’টো আপলোড কৰা হৈছে। বাতৰিটোত কোৱা হৈছে যে এয়া ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক শ্বপিং চেণ্টাৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ দৃশ্য। 

ইয়াৰ পৰাই প্ৰমাণ হয় যে এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এয়া ২০ জুলাই ২০২৬ত ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ দৃশ্য নহয়। এয়া যোৱা ১৯ জুন ২০২৬ত মস্কোৰ শ্বপিং চেণ্টাৰৰ ওপৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ দৃশ্যহে।

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ৰাছিয়াৰ ৰাজধানী মস্কোৰ এক শ্বপিং চেণ্টাৰত ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ এমাহ পুৰণি দৃশ্যকে ইউক্ৰেইনৰ ৰাজধানী কীভৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ বুলি বিভ্ৰান্তিকৰ প্ৰচাৰ।

Fact Check By: Pranjal Sharma

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *