বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তে আমি অৱগত যে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ উন্নয়নৰ অংশ হিচাবে ১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ প্ৰকল্প উদ্বোধন কৰিব। প্ৰকল্পটোৱে বাৰাণসী চহৰৰ চেহেৰা সলনি কৰিব বুলি কোৱা হৈছে। এনে সময়তে সুন্দৰ ৰূপে জিলিকি থকা মন্দিৰৰ এখন ছবি ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।

অসমতো উক্ত মন্দিৰৰ ছবিখন ভাইৰেল হৈ পৰিছে আৰু এইখন নতুনকৈ নিৰ্মাণ কৰা কাশী বিশ্বনাথ মন্দিৰৰ ছবি বুলি উল্লেখ কৰি বিভিন্ন জনে মেছেজিং প্লেটফৰ্ম যেনে Whatsappত বিভিন্ন বাৰ্তা আদান প্ৰদান কৰা দেখা গৈছে ।

এই বিষয়ে সত্যতা নিৰূপণ কৰিবলৈ এক অনুৰোধ আমাৰ ২৪ x ৭ Whatsapp হেল্প লাইন নম্বৰলৈ আহিছে আৰু আমি সেইবাবে এক অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । অনুসন্ধানত প্ৰকাশ পাইছিল যে এইখন কাশী বিশ্বনাথ মন্দিৰৰ ছবি নহয় বৰঞ্চ গুজৰাটৰ সোমনাথ মন্দিৰৰ ছবি হয় । Archived Link

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ছবিখনৰ উৎস বিচাৰিবলৈ আমি প্ৰথমে গুগল ৰিভাৰ্চ ইমেজ চাৰ্চ কৰোঁ । ফলাফলবোৰ, বিশেষকৈ টুইটাৰ পোষ্ট কিছুমান দেখি আমাৰ সন্দেহ হ'ল যে ভাইৰেল ছবিত দেখা মন্দিৰ আচলতে গুজৰাটৰ সোমনাথ মন্দিৰ হব পাৰে ।

গতিকে ইয়াৰ পাছত আমি গুজৰাটৰ সোমনাথ মন্দিৰৰ ৱেবছাইট আৰু অন্যান্য সামাজিক মাধ্যমৰ হেণ্ডেলসমূহ পৰিদৰ্শন কৰিছিলো। সোমনাথ মন্দিৰৰ অফিচিয়েল টুইটাৰ পৃষ্ঠাত এক ভিডিঅ' দেখা গ'ল যাৰ উক্ত ভাইৰেল ফটোখনৰ সৈতে সাদৃশ্য আছে । ভালদৰে লক্ষ্য কৰাত ভাইৰেল ফটোখন উক্ত ভিডিঅ'ৰ পৰা লোৱা এক স্ক্ৰিনশ্বট যেন লাগিল ।

উক্ত ভিডিঅ'টোৰ শিৰোনাম হৈছে "শ্ৰী সোমনাথ মন্দিৰত দেৱালীৰ বিশেষ সজ্জা"। যদি আপুনি নিৰ্মাণ পদ্ধতিটো লক্ষ্য কৰে, এইটো স্পষ্ট হৈ পৰে যে সোমনাথ মন্দিৰ ভাইৰেল ছবিৰ দৰে একে।

পিছত আমি শ্ৰী কাশী বিশ্বনাথ মন্দিৰৰ বিষয়ে সোধা-পোছা কৰিছিলো। কাশী বিশ্বনাথ মন্দিৰ তলৰ ছবিখনত দেখা গৈছে।

আমি তেতিয়া নিশ্চয়তাৰ বাবে মন্দিৰ ন্যাসৰ সৈতে যোগাযোগ কৰিছিলো । কৰ্তৃপক্ষই কৈছিল যে প্ৰচাৰিত ভাইৰেল ছবিখন কাশী বিশ্বনাথ মন্দিৰৰ নহয়। তদুপৰি, মন্দিৰৰ নতুনকৈ বিশেষ পৰিৱৰ্তন কৰা হোৱা নাই ।

লগতে, আমাৰ গুজৰাটৰ প্ৰতিনিধিজনে তাৰ এজন স্থানীয় সাংবাদিকৰ সৈতে কথা পাতিছিল। তেওঁ নিশ্চিত কৰিছিল যে ভাইৰেল ফটোখন বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ নহয়, সোমনাথ মন্দিৰৰ ফটোহে হয় । তেওঁ যোৱা বছৰ তোলা সোমনাথ মন্দিৰৰ এখন ছবিও আমালৈ প্ৰেৰণ কৰিছিল। আপুনি তলৰ ছবিখন চাব পাৰে।

আমাৰ তথ্য পৰীক্ষা ইংৰাজীত পঢ়ক:

Video Of Somnath Temple Viral As Newly Renovated Kashi Vishwanath Temple

ফলাফল

উক্ত দাবীটো মিছা। প্ৰচাৰিত ছবিখন বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ নহয়। এই ভাইৰেল ফটোখন গুজৰাটৰ সোমনাথ মন্দিৰৰ হে হয় । কাশী বিশ্বনাথ মন্দিৰৰ নতুনকৈ বিশেষ পৰিৱৰ্তন হোৱা নাই ।

Avatar

Title:এইখন কাশী বিশ্বনাথ মন্দিৰৰ ছবি নহয়!

Fact Check By: Manjori Borkotoky

Result: False