
২০২৬ চনৰ ৩ জুনত দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন হোটেলত অগ্নিকাণ্ড সংঘটিত হৈ ২১ জন লোকৰ মৃত্যু হৈছে, ইয়াৰে ১২ জন বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হৈছে। কমেও ৫৮ জন লোকক উদ্ধাৰ কৰি ওচৰৰ মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। উদ্ধাৰকাৰী দল অহাৰ পূৰ্বেই স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই পটভূমিত ডাঠ ধোঁৱা আৰু জুইৰ শিখাৰে আগুৰি থকা অট্টালিকাৰ পৰা জখলাৰে নামি অহাত এগৰাকী মহিলাক সহায় কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰে যে ভিডিঅ’টোত মালব্য নগৰৰ অগ্নিকাণ্ডৰ ঘটনা দেখা গৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। তেতিয়া আমি চাউথ চাইনা মৰ্নিং পোষ্টৰ ইউটিউব চেনেলত ২০২৫ চনৰ ১১ ডিচেম্বৰত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা আপলোড হোৱা দেখিলোঁ।

প্ৰতিবেদন অনুসৰি এই ঘটনাটো ফিলিপাইনছৰ। ২০২৫ চনৰ ১০ ডিচেম্বৰত ফিলিপাইনছত হোৱা এক অগ্নিকাণ্ডৰ পৰা নিজকে ৰক্ষা কৰাৰ পূৰ্বে এগৰাকী মহিলাই তেওঁৰ কুকুৰকেইটাক প্ৰথমে নিৰাপদ স্থানলৈ দলিয়াই দি ৰক্ষা কৰে। এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে মহিলাগৰাকীৰ এই কাৰ্যক সকলোৱে প্ৰশংসা কৰে।
“The Star“ত ২০২৫ চনৰ ১১ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই ঘটনাটো ২০২৫ চনৰ ১০ ডিচেম্বৰৰ পুৱা ফিলিপাইনছৰ চেবু প্ৰদেশৰ (Cebu Province) মাণ্ডাউ (Mandaue)চহৰত সংঘটিত হৈছিল।

আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো দিল্লীৰ মালব্য নগৰৰ অগ্নিকাণ্ডৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টো যোৱা ৩ জুনত দিল্লীৰ মালব্য নগৰৰ হোটেল এখনত হোৱা অগ্নিকাণ্ডৰ সময়ৰ উদ্ধাৰ অভিযানৰ নহয়। এয়া ফিলিপাইনছৰ মাণ্ডাউ চহৰত সংঘটিত এক অগ্নিকাণ্ডৰ পুৰণি ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


