সঁচাকৈ মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰিছিল নেকি? 

Altered Political

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়া শুভেচ্ছাৰে ভৰাই দিয়াৰ সময়তে একাংশ লোকে প্ৰধানমন্ত্ৰীৰ এখন ছবি শ্বেয়াৰ কৰি এক বিভ্ৰান্তিকৰ দাবী কৰে।

ছবিখনত দেখা গৈছে যে মোডীয়ে Canon বুলি লিখা কেমেৰাৰ লেন্স কেপটো আঁতৰাই নিদিয়াকৈ ফটো ক্লিক কৰি আছে। 

যি সময়ত একাংশ লোকে এই সুযোগতে মোদীক সমালোচনা কৰিছিল; কিছুমানে এই ছবিখন ব্যংগ হিচাপে শ্বেয়াৰ কৰিছিল। 

পি এম মোদীক ঠাত্তা কৰি কিছু লোকে দাবী কৰিছিল যে যোৱা ৭০ বছৰত কোনোৱেই এনেধৰণৰ ফটো ক্লিক কৰা নাই।

এই ছবি সম্বলিত পোষ্ট এনে ধৰণৰ দাবীৰে সৈতে ফেচবুকতও দেখা গৈছে । 

Facebook Link | Archived Link

আমালৈ আমাৰ হোৱাটচ‌এপ নম্বৰতও উক্ত ভাইৰেল ফটো সম্বলিত পোষ্ট সত্যতা নিৰূপণৰ বাবে পঠোৱা হৈছে।  Archived Link

অনুসন্ধানৰ পাছত, ফেক্ট ক্ৰেচেণ্ডোৱে এই ছবিখন ডিজিটেলভাৱে সলনি কৰা বুলি নিশ্চিত কৰিছে । 

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত এটা প্ৰাসংগিক কীৱৰ্ড চাৰ্চ আৰু ৰিভাৰ্ছ ইমেজ চাৰ্চ চলাই আমাৰ তদন্ত আৰম্ভ কৰিলোঁ। ফলাফলৰ ফলত আমি ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত দ্য ফ্ৰী প্ৰেছ জাৰ্নেলে প্ৰকাশ কৰা এটা প্ৰতিবেদনলৈ লৈ গলোঁ।

প্ৰতিবেদন অনুসৰি, ছবিখন প্ৰথমে টিএমচিৰ সাংসদ জৱাহৰ ছিৰকাৰে শ্বেয়াৰ কৰিছিল যদিও পিছত তেওঁ পোষ্টটো ডিলিট কৰিছিল। ইয়াৰ উত্তৰত বিজেপিয়ে জৱাহৰ ছিৰকাৰক সম্পাদিত ছবি শ্বেয়াৰ কৰি ভুৱা অপপ্ৰচাৰ কৰাৰ প্ৰয়াস কৰাৰ অভিযোগ উত্থাপন কৰে। 

আমি ACTP News Hindi ৱেবচাইটত ভাইৰেল ছবিখন পাইছিলোঁ। কিন্তু এই ছবিখনত আমি স্পষ্টকৈ দেখিবলৈ পাওঁ যে কেমেৰা ব্যৱহাৰ কৰাৰ সময়ত পি এম মোদীয়ে কেমেৰাৰ লেন্সৰ কেপটো আঁতৰাই পেলাইছে। আমি দেখিলোঁ যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰাৰ আগতে ভাইৰেল ছবিখন সম্পাদনা কৰি মিৰ’ৰ কৰা হৈছে। তলত ভাইৰেল আৰু মূল ছবিখনৰ তুলনা চাব পাৰিব।

২০২২ চনৰ ১৭ ছেপ্টেম্বৰত হিন্দুস্তান টাইমছে ইউটিউবত এটা ভিডিঅ’ আপলোড কৰিছিল য’ত পি এম মোদীয়ে কেমেৰাৰ লেন্স কেপ নথকাকৈ চিতাৰ ফটো তুলি থকা দেখা যায়। ভিডিঅ’টোৰ কেপচনত লিখা আছে, “পিএম মোদীয়ে জন্মদিনত চিতাক বনত এৰি দিয়ে; ভাৰতৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত।”

প্ৰতিবেদনত কোৱা হৈছে যে চিতা বিলুপ্তিৰ পথত আছিল আৰু অৱশেষত ৭৪ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰি দিয়ে এই চিতাবোৰ। নামিবিয়াৰ পৰা ভাৰতলৈ অনা আঠটা চিতাৰ ভিতৰত ৫টা মাইকী আৰু ৩টা মতা।

দ্য টেলিগ্ৰাফৰ বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে নামিবিয়াৰ পৰা অনা চিতাৰ ফটো তুলি থকাৰ সময়তে এই ভাইৰেল ছবিখন তোলা হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নামিবিয়াৰ পৰা চিতা আহিলে ভাৰতৰ ভৱিষ্যত শক্তিশালী হ’ব।

ফলাফল

ফেক্ট ক্ৰেচেণ্ডোৱে নিশ্চিত কৰিলে যে ভাইৰেল ছবিখন ডিজিটেলভাৱে সলনি কৰা হৈছে। মূল ছবিখনত পি এম মোদীয়ে কেমেৰাৰ লেন্স কেপ অবিহনে ভাৰতলৈ অনা চিতাৰ ফটো ক্লিক কৰি আছিল। ভাইৰেল ছবিখন মিছাকৈ সম্পাদনা কৰি দাবী কৰা হৈছিল যে পি এম মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰি আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈ মোদীয়ে কেমেৰাৰ লেন্স কেপ লগাই ফটো ক্লিক কৰিছিল নেকি?

Fact Check By: Manjori Borkotoky 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *