FACT CHECK: চাৰ্জিকেল মাস্কত ক'লা কীট নাথাকে!
দেশত কৰ'ণাভাইৰাছৰ দ্বিতীয় স্তৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু একে সময়তে কৰ'ণাভাইৰাছ সম্পৰ্কীয় ভূৱা বাতৰিয়েও যেন দ্বিতীয় স্তৰহে লাভ কৰিছে। বৰ্তমান ছোচিয়েল মিডিয়াত,বিশেষকৈ অসমৰ ফেচবুকত চাৰ্জিকেল মাস্ক সম্পৰ্কীয় এটা বাতৰি ভাইৰেল হৈ পৰিছে।
আমি জানো দেশৰ সৰ্বদাধাৰণ জনতাই কৰ'ণাভাইৰাছৰ ক্ষেত্ৰত নিৰাপদ হ'বলৈ সৰহ সংখ্যকেই চাৰ্জিকেল মাস্ক পৰিধান কৰে। এটা দাবী ভাইৰেল হৈ পৰিছে যে এই মাস্কসমুহত ক'লা কীট থাকে, ফলত ইয়াক পৰিধান কৰা লোকসকলৰ কৰ'ণাভাইৰাচতকৈয়ো মাৰত্মক ৰোগ হ'ব পাৰে।
তেনেকুৱা এটা দাবী কৰা হৈছে ৰিপোৰ্টাৰ অসম নামৰ ফেচবুক পেজটোত আৰু সেই বিশেষ ভিডিঅ'টো ভাইৰেল হৈ পৰিছে। সেই বিশেষ পোষ্টটো ফেচবুকত ৪০হাজাৰ বাৰতকৈয়ো অধিক শ্বেয়াৰ কৰা হৈছে।
Original Post: Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত ল'লো আৰু গম পালো যে সেই দাবী মিছা আৰু কীটৰ দৰে এই পদাৰ্থটো আচলতে ফাইবাৰ হে।
সত্যতা নিৰূপন পদ্ধতি
আমি কেইটামান প্ৰাসংগিক শব্দেৰে গুগল ছাৰ্চ কৰি চালো আৰু ইউটিউৱত এটা ভিডিঅ' পালো, যিয়ে এই দাবীটোক নস্যাত কৰি পেলাইছে।
নতুন দিল্লীৰ হামদৰ্দ ইনষ্টিটিউট অৱ মেডিকেল চাইন্স এণ্ড ৰিছাৰ্চৰ কম্যুনিটী মেডিছিনৰ সহকাৰী অধ্যাপক ড: য়াছিৰ আলভিয়ে ফেক্ট ক্ৰেছেণ্ডোক জানিবলৈ দিছে যে মাস্ক পৰিধান কৰাটো সম্পূৰ্ণ নিৰাপদ। ক'লা কীটৰ দৰে দেখা পদাৰ্থবিধ প্ৰকৃততেই ফেব্ৰিক সুতা। এইটো কথা জনাটো দৰকাৰ যে অনুবিক্ষনীয় জীৱ এটাক আমি মোবাইল কেমেৰাৰে যিমানেই জুম কৰি নাচাওঁ কিয়, খালি চকুৰে দেখাটো অসম্ভৱ।
তেওঁ লগতে কয়,ঘৰতে এটা পৰীক্ষা কৰি চাব পাৰি আৰু আমি দেখিম যে মাস্কত তেনেকুৱা একো কীটেই নাই। বৰ্তমান সময়ত মাস্ক পিন্ধাটো খুবেই জৰুৰী আৰু তেনেকুৱা কোনো ভিডিঅ' বা ফটো ছোচিয়েল মিডিয়াত যিবোৰ চলি আছে, কোনোপধ্যেই গুৰুত্ব দিব নালাগে।
আমাৰ শ্ৰীলংকাৰ সহকৰ্মীয়ে (ফেক্ট ক্ৰেছেণ্ডো শ্ৰীলংকা), তাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি নালিকা গুণৱৰ্ধনাৰ সৈতে কথা পাতোতে তেওঁ কয়: "কোভিড সংক্ৰমনটো এনেকুৱা এটা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়,যিটো ৫০নেনোমিটাৰৰ পৰা ১৪০নেনোমিটাৰ আকাৰৰ আৰু তাক খালি চকু অথবা সাধাৰণ অনুবিক্ষণ যন্ত্ৰৰে দেখা পোৱা নাযায়।
পৰজীৱি সম্পৰ্কত তেওঁ কয়," অন্য অনুবিক্ষণীয় জীৱ আন সংক্ৰমনৰ বাবে দায়ী হ"ব পাৰে,কোভিড সংক্ৰমনৰ বাবে নহয়!"
ফলাফল
উক্ত দাবীটো মিছা। সেইবোৰ ক'লা কীট নহয়, আচলতে মাস্কত থকা ফাইবাৰ হে হয় । উক্ত ভাইৰেল ভিডিঅ'টোৱে সাধাৰণ মানুহৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিছে ।