
গুগলৰ চিইও সুন্দৰ পিছাইৰ নামটো ভুৱা বাতৰিৰ জগতখনৰ বাবে নতুন নহয়। এইবাৰ ৰাজনীতি আৰু নিৰ্বাচন প্ৰসংগত এটা উক্তিৰ সৈতে পিছাইৰ নাম সাঙুৰি অসমৰ ছোচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ কৰা হৈ আছে।

সুন্দৰ পিছাইৰ ফেচবুক পেজৰ পৰা অক্টোবৰৰ ১৩ তাৰিখে সন্ধিয়া ৬বাজি ৪৩মিনিটত সেই পোষ্টটো দিয়া ধৰণৰ এটা স্ক্ৰিণশ্বটত এই উক্তিটো লিখা হৈছে।
উক্তিটো এনেকুৱা ধৰণৰ:
“এজন ৰাজনীতিকে দুখন ঠাইৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে কিন্তু আপুনি দুখন ঠাইত ভোট দিব নোৱাৰে। যদি আপুনি জেলত থাকে,আপুনি ভোট দিব নোৱাৰে। কিন্তু এজন ৰাজনীতিকে জেলৰ পৰাও নিৰ্বাচন খেলিব পাৰে।যদি আপুনি এবাৰলৈয়ো জেললৈ যায়,তেনেহ’লে আপুনি কেতিয়াও চৰকাৰী চাকৰি নাপায়,কিন্তু এজন ৰাজনীতিকে যিমানবাৰেই জেললৈ নাযাওক কিয়,তেওঁ আনকি প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিও হ’ব পাৰে। আপুনি বেংকৰ যিকোনো চাকৰি কৰিবলৈকো ন্যূনতম স্নাতক ডিগ্ৰী ল’ব লাগিব,কিন্তু এজন নিৰক্ষৰো গৈ দেশৰ বিত্তমন্ত্ৰী হ’বগৈ পাৰে। মই ভাবো এই ব্যৱস্থাটোৰ সলনি হ’ব লাগে।এই বাৰ্তাটো বিয়পায় সমৰ্থন প্ৰকাশ কৰক।”
একেটা স্ক্ৰিনশ্বট আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যাসত্য নিৰূপনৰ বাবে প্ৰেৰণ কৰা হৈছিল। ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই স্ক্ৰিনশ্বটটো মৰ্ফ কৰা। Archived Link
সত্যতা নিৰূপন পদ্ধতি
আমি স্ক্ৰিনশ্বটটো ভালকৈ পৰ্যবেক্ষন কৰি দেখিলো যে গুগলৰ চিইওগৰাকীৰ নামটো তাত ভুলকৈ লিখা হৈছে। তেওঁৰ নামটো লিখা হয় SUNDAR বুলি, SUNDER বুলি নহয়। তেওঁ সুন্দৰ বানানটোত Aহে লিখে।
https://twitter.com/sundarpichai?s=20
আমি গুগলত সেই উক্তিটো লিখি ছাৰ্চ কৰোতে কুৱেৰী হোম জিকে বুলি ৱেবচাইটটোত ২০১৬ প্ৰকাশিত যিটো পিছাইৰ নামত উল্লেখ কৰা হৈছে।

Screenshot, Query Home
Original Link: Query Home
কিন্তু আমি সেই উক্তিটো পিছাইৰ বুলি কোনো নিৰ্ভৰযোগ্য তথ্য লাভ নকৰিলো।
আমি ইয়াকো লক্ষ্য কৰিলো যে পিছাইৰ কোনো ভেৰিফাইড ফেচবুক একাউন্ট নাই, তেওঁৰ নামত আন বহুতো একাউন্ট আৰু পেজ আছে। কিন্তু একমাত্ৰ যিটো একাউন্ট দেখিলো, যিটো ভেৰিফাইড নহয় যদিও প্ৰকৃত একাউন্ট যেন অলপ লাগিল,সেইটোতো ২০১৫ৰ পৰা কোনো পোষ্ট কৰা হোৱা নাই। আৰু এখন বেলেগ প্ৰোফাইল পিকছাৰ লগোৱা আছে ২০১৫ৰ পৰা।
https://www.facebook.com/sundar.pichai
ফলাফল
উক্তিটো পিছায়ে ফেচবুকত পোষ্ট কৰা নাই। এয়া প্ৰথমবাৰৰ বাবে হোৱা নাই যে পিছাই এটা ভুৱা বাতৰিৰ সৈতে সংযুক্ত হৈছে। ২০১৯চনৰ লোকসভা নিৰ্বাচনতো পিছাই ভাৰতলৈ আহি নিৰ্বাচনত ভোট প্ৰদান কৰা বুলি কেইবাটাও টুইটাৰৰ পৰা আৰু এটা সংবাদ মাধ্যমৰ পৰা প্ৰচাৰ কৰা হৈছিল।

Title:এই উক্তিটোৰ সৈতে সুন্দৰ পিছাইৰ নাম মিছাতে সাঙোৰা হৈছে।
Fact Check By: Manjori BorkotokyResult: False
