WhatsApp Image 2020-08-13 at 18.07.16.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।

দাবী কৰা হৈছে যে ১ চামুচ ক'লা জালুক ২ চামুচ মৌ আৰু অলপ আদা ৰস মিলাই একেৰাহে ৫ দিন খালে ক’ৰনা ভাইৰাছৰ প্ৰভাৱ কমাই ৰাখিব পাৰে আৰু শেষত ই ১০০% আঁতৰি যায় । বাৰ্তাটোত আৰু লিখা আছে যে সমগ্ৰ বিশ্বয়ে এই প্ৰতিকাৰ বিধ মানিবলৈ আৰম্ভ কৰিছে ।

সঁচাকৈ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ এজন ছাত্ৰয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে নেকি আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে নেকি? সত্য কি? জানো আহক ।

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি অনলাইন চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি অসমৰ ফালৰ পৰা টুইটাৰত এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । টুইটটোত লিখা আছে যে এইটো ভুৱা বাতৰি হয় আৰু যদিও বহুতো ভেক্সিন পৰীক্ষা চলি আছে বিশ্ব স্বাস্থ্য সংস্থায়ে তেনে কোনো প্ৰতিকাৰকে অনুমোদন জনোৱা নাই ।

pib.png

ইয়াৰ উপৰিও আমি এই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত কোনো তথ্য আছে নেকি বিচাৰি চালোঁ । আমাৰ এনে কোনো ঘোষণা বা জাননী চকুত নপৰিল য'ত কোৱা হৈছে যে ভাৰতৰ এই বিশেষ ছাত্ৰ জনৰ প্ৰতিকাৰক অনুমোদন জনোৱা হৈছে ।

who.png

ইয়াৰ উপৰিও আমি এই বিষয়ে গুগলত কীৱৰ্ডছ চাৰ্চ কৰাত এনে কোনো বাতৰি কোনো প্ৰতিষ্ঠিত সংবাদ মাধ্যমত প্ৰকাশ হোৱা নেদেখিলোঁ ।

ফলাফল

উক্ত ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটো ভুৱা হয় । বিশ্ব স্বাস্থ্য সংস্থায়ে এনে কোনো প্ৰতিকাৰকে অনুমোদন জনোৱা নাই ।

Avatar

Title:ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

Fact Check By: Manjori Borkotoky

Result: False