যোৱা ৮ ছেপ্টেম্বৰত মৰক্কোৰ হাই এটলাছ পৰ্বতত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল।

এই ঘটনাৰ ফলত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ জোৱাৰ উঠিছিল। তেনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে এটা অট্টালিকা নিশাৰ ভাগত খহি পৰিছে।

অসমৰ এটা সংবাদ প্ৰতিস্থান ঈষাণ নিউজে তেওঁলোকৰ ফেচবুক পেজৰ ৰীলত সেই ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰিছে যে সেইটো শেহতীয়া মৰক্কো ভূমিকম্পৰ ফলত খহি পৰা এটা অট্টালিকাৰ দৃশ্য।

https://www.facebook.com/reel/769614968186550

Facebook LinkArchived Link

কিন্তু এই দাবীটো সত্য হয়নে? সঁচাকৈয়ে সেইটো মৰক্কো ভূমিকম্পৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ পৰা ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২০ চনৰ আগষ্ট মাহৰে কেইবাটাও বাতৰিৰ প্ৰতিবেদন লাভ কৰিলোঁ। ফ্ৰান্সৰ এটা নিউজ পৰ্টেলত ভাইৰেল ভিডিঅ’টো থকা এটা প্ৰতিবেদন আছিল। ইয়াত উল্লেখ কৰা হৈছে যে ২০২০ চনৰ ৫ আগষ্টত মৰক্কোৰ কাছাব্লাংকাৰ ওচৰৰ স্বাটা অঞ্চলত এই ঘটনা সংঘটিত হৈছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অট্টালিকাটো ভাঙি যোৱাৰ সময়ত এজন লোকৰ মৃত্যু হৈছে।

ইয়াৰ উপৰিও আমি প্ৰায় একে সময়তে একেটা ভিডিঅ’ থকা এটা ভাইৰেল টুইট পালোঁ, যিয়ে আৰু অধিক নিশ্চিত কৰিছিল যে ই ২০২০ চনত কাছাব্লাংকাৰ স্বাটাত সংঘটিত হৈছিল সেই ঘটনা।

সেই সময়ত প্ৰকাশিত কিছুমান প্ৰতিবেদনত প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যেই সেই অট্টালিকাটোৰ অৱস্থা শোচনীয় হৈ পৰিছিল আৰু গাঁথনিগত সমস্যাৰ সৃষ্টি হৈছিল, ইয়াৰ ফলতেই অৱশেষত সেই অট্টালিকাটো ভাঙি পৰিছিল। ইয়াৰ পূৰ্বেই কৰ্তৃপক্ষই অট্টালিকাটো পৰিদৰ্শন কৰি বাসিন্দাসকলক ঘৰ খালী কৰিবলৈ পৰামৰ্শ দিছিল। একাংশ বাসিন্দাই এসপ্তাহৰ ভিতৰতে অট্টালিকাটো খালী কৰাৰ প্ৰতিশ্ৰুতি দিলেও তেওঁলোকে তেনে কৰাৰ আগতেই কৰুণভাৱে অট্টালিকাটো ভাঙি পৰিছিল।

এইদৰে মৰক্কোৰ কাছাব্লাংকা চহৰৰ এটা অট্টালিকা ভাঙি পৰা ভাইৰেল ভিডিঅ’টো দেশখনৰ আন এটা অংশত সংঘটিত হোৱা ভয়ংকৰ ভূমিকম্পৰ দৃশ্য দাবী কৰি শ্বেয়াৰ কৰা হৈছে।

ইয়াৰ অৰ্থ হৈছে যিটো ভিডিঅ’ ঈষাণ নিউজে মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছে, সেই ভিডিঅ’টো ২০২০চনৰ আগষ্ট মাহৰে। একেখন দেশৰ অইন এটা প্ৰান্তৰ কাছাব্লাংকাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাৰ পুৰণি সেই ভিডিঅ’টোকে শেহতীয়া ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে যিটো ভিডিঅ’ ঈষাণ নিউজে মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছে, সেই ভিডিঅ’টো ২০২০চনৰ আগষ্ট মাহৰে। একেখন দেশৰ অইন এটা প্ৰান্তৰ কাছাব্লাংকাত সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাৰ পুৰণি সেই ভিডিঅ’টোকে শেহতীয়া ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে। দাবীটো বিভ্ৰান্তিকৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title: ২০২০চনৰে পুৰণি ভিডিঅ’ শেহতীয়া মৰক্কো ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে।

Written By: Pranjal Sharma

Result: Misleading