এই বানপানীৰ ভিডিঅ’টো অসমৰ নহয়!
অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি বিভিন্ন ফেচবুক পেজ আৰু প্ৰফাইলেও কিছুমান পুৰণি বা সন্দেহজনক ভিডিঅ’ পোষ্ট কৰিছে ।
তেনে এটা পোষ্ট 'নিউজ নাও' নামৰ এটা ফেচবুক পেজে আপলোড কৰিছে য’ত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি বানপানীৰ এক ভিডিঅ’ ক্লিপ আপলোড কৰা হৈছে । ভিডিঅ’ ক্লিপটোত বানপানীৰ দ্ৰুত সোঁতৰ মাজেদি অহা যোৱা কৰি কিছু লোকক এটা কেঁচা ঘৰৰ পৰা বিভিন্ন বয়-বস্তু উদ্ধাৰ কৰা দেখা গৈছে । ভিডিঅ’টোত লগতে গ্ৰাফিক্সৰ সহায়ত প্ৰশ্ন কৰা হৈছে যে বানপানীত যদি অসমীয়াৰ এনে অৱস্থা হৈছে তেন্তে নদী বান্ধ ভাঙিলে কেনে দুৰবস্থা হব।
আমি, ফেক্ট ক্ৰেছেণ্ড অসমীয়াই, এই বিষয়ে তদন্ত কৰাৰ সিদ্ধান্ত লৈ অতি সোনকালেই গম পালোঁ যে এই বিশেষ ভিডিঅ’ ক্লিপটো ফিলিপাইনচৰ হয় আৰু অসমৰ লগত কোনো সম্পৰ্ক নাই ।
সত্যতা নিৰূপণ পদ্ধতি
যেতিয়া আমি বিশেষ ফেচবুক পোষ্টটো সঠিকভাৱে পৰীক্ষা কৰিলোঁ, তেতিয়া আমি বিভিন্ন মন্তব্য দেখিলোঁ যিয়ে আঙুলিয়াই দিলে যে বিশেষ ভিডিঅ’ ক্লিপটো অসমৰ নহয় । আনকি আমি কমেণ্ট হিচাপে পোষ্ট কৰা এটা ফেচবুক লিংকও পাইছিলোঁ যিটো ক্লিক কৰি আমি ১০ মাৰ্চ, ২০২২ তাৰিখে এটা ফেচবুক প্ৰফাইলত আপলোড কৰা মূল ভিডিঅ’টো পাইছিলোঁ। ভিডিঅ’টোৰ কেপচনত স্পষ্টকৈ লিখা আছে যে ই দাভাঅ', ফিলিপাইনচৰ এটা ভিডিঅ’ হয়।
আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু দাভাঅ', ফিলিপাইনচৰ এই বানপানীৰ ফলত দূহেজাৰতকৈ অধিক পৰিয়ালৰ ক্ষতি হোৱা বুলি এক বাতৰি যোৱা মাৰ্চ ৯, ২০২২ তাৰিখে প্ৰকাশ হোৱা দেখিলোঁ ।
ফলাফল
এই বিশেষ ভিডিঅ’ ক্লিপটো অসমৰ শেহতীয়া বান পৰিস্থিতিৰ নহয়। ভিডিঅ’ ক্লিপটো আচলতে ফিলিপাইনচৰ হয় আৰু অসমৰ লগত কোনো সম্পৰ্ক নাই ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ