এয়া ইৰাণে জেৰুজালেমত শেহতীয়াকৈ চলোৱা আক্ৰমণৰ দৃশ্য নহয়। জানক সত্য  

False Social

শেহতীয়াকৈ অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ জেৰুজালেমৰ ওপৰত ইৰাণৰ শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– ইৰাণৰ ধাৰাবাহিক আ**মণত ধ্বংসস্তূপ পৰিণত ইজৰাইলৰ ৰাজধানী জেৰুজালেম। শ শ বেলিষ্টিক মিছাইলৰ প্ৰচণ্ড আঘাতত কঁপি উঠিল জেৰুজালেম।  

Facebook Link Archived Link

একেটা প্ৰতিষ্ঠানৰ ইনষ্টাগ্ৰাম হেণ্ডেলতো সেই দাবীৰে ভিডিঅ’টো আপলোড কৰা হৈছে।

Instagram Link Archived Link

আন এটা ইনষ্টাগ্ৰাম হেণ্ডেলতো একেই দাবীৰে একেই ভিডিঅ’ আপলোড কৰা হৈছে।

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি গোটেই ভিডিঅ’টোত কেইবাটাও ক্লিপ লক্ষ্য কৰিলোঁ। দুটা ভাগত বিভক্ত ভিডিঅ’টোৰ ওপৰৰ অংশত একাধিক ক্লিপ আছে। তাৰে প্ৰথম ক্লিপটোৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি আমি জানিব পাৰিলোঁ যে সেয়া তেল আভিভৰ দৃশ্য। ইজৰাইলৰ এয়াৰ ডিফেন্স চিষ্টেমে ইৰাণৰ মিছাইল ধ্বংস কৰাৰ পাছৰ দৃশ্য সেয়া। সেই প্ৰমাণ ইয়াত আৰু ইয়াত চাব পাৰিব।

আন এটা ক্লিপ সন্দৰ্ভত এটা টুইটত কোৱা হৈছে যে সেয়া শেহতীয়া দৃশ্য যদিও তাৰ কোনো ধৰণৰ ব্যাখ্যা এতিয়াও প্ৰকাশ হোৱা নাই। ইয়াৰ পৰাই স্পষ্ট হয় যে ওপৰৰ দৃশ্যটো ইজৰাইলৰ হ’লেও জেৰুজালেমৰ নহয়।

তলৰ ক্লিপটোৰ ৰিভাৰ্ছ ইমেড ছাৰ্চ কৰোতে আমি ২০২৫ৰ ৩০ এপ্ৰিলৰ এটা টুইটত সেয়া তেল আভিভৰ দৃশ্য বুলি জানিব পাৰিলোঁ। জানিব পাৰিলোঁ যে তেল আভিভত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ অনুষ্ঠানত দুজন পেলেষ্টাইনী ইজৰাইলীক আৰক্ষীয়ে আক্ৰমণ কৰি গ্ৰেপ্তাৰ কৰাৰ ফলত আতংক আৰু হুলস্থুলৰ সৃষ্টি হয় আৰু ২০ জন লোক সামান্যভাৱে আহত হয়।

ইনষ্টাগ্ৰামতো একেটা তাৰিখতে সেয়া তেল আভিভত হোৱা হুলস্থুলীয়া পৰিবেশটোৰ দৃশ্য বুলি উল্লেখ কৰি পোষ্ট কৰা হৈছে।

আন এটা ইনষ্টাগ্ৰাম পোষ্টতো সেয়া তেল আভিভৰ দৃশ্য বুলি আৰু উক্ত ঘটনাটোৰ সময়ৰ বুলি কোৱা হৈছে। 

২০২৫ৰ ২৯ এপ্ৰিলত জেৰুজালেম পোষ্টত সেই ঘটনাটো সন্দৰ্ভত প্ৰকাশ কৰা বাতৰি আমি লাভ কৰিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে জেৰুজালেমত ইৰাণে চলোৱা আক্ৰমণ বুলি যিকেইটা দৃশ্য প্ৰচাৰ কৰা হৈছে, সেইকেইটা জেৰুজালেমৰ দৃশ্য নহয়। সেয়া তেল আভিভৰ অন্য ঘটনাৰহে পুৰণি দৃশ্য।

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ইৰাণে জেৰুজালেমত শেহতীয়াকৈ চলোৱা আক্ৰমণৰ দৃশ্য নহয়। জানক সত্য

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *