FACT CHECK: এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

False Social

শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে বিহাৰৰ দৰভাংগাৰ ওচৰত আকাশৰ পৰা এটা জীৱ সৰি পৰিছে। বিশেষ সেই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যখনত বিভিন্নজনে সেই চুটি ভিডিঅ’ ক্লিপটো আপলোড আৰু শ্বেয়াৰ কৰি আছে।

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰুপনৰ সিদ্ধান্ত ল’লো আৰু গম পালো যে সেই দাবীটো ভূৱা।

সত্যতা নিৰূপন পদ্ধতি

প্ৰথমে আমি ইনভিড ব্যৱহাৰ কৰি ভিডিঅ’টো বিভিন্ন কী-ফ্ৰেমত বিভাজন কৰি ল’লো আৰু তাৰ পিছত গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলো। আমি ২০২০ত প্ৰকাশিত ” Unbelievable Creepy Hyper-Realistic Creatures By Laira Maganuco” শীৰ্ষক এক নিৱন্ধ পালো।

Screenshot, Design You Trust article

Original Link- Design You Trust 

ইয়াৰ পিছত আমি ফেচবুকত কী-ৱৰ্ড ছাৰ্চ কৰিলো আৰু একেই জীৱটোৰ বহুকেইখন ফটো আৰু ভিডিঅ” আপলোড কৰা পোষ্ট থকা এটা ফেচবুক পেজ পালো। আমি জানিব পাৰিলো যে জীৱটো আচলতে ইটালীৰ ভাস্কৰ লাইৰা মাগানুকোৱে নিৰ্মান কৰা এটা চিলিকন ভাস্কৰ্যহে।

Original Link- Facebook | Archived Link

আমি লগতে তেওঁৰ শিল্পকৰ্মও etsyত চাবলৈ পালো। য’ত অনুৰূপ শিল্পকৰ্ম তেওঁ বিক্ৰীৰ বাবে মুকলি কৰি দিছে। আমি কোনো নিৰ্ভৰযোগ্য সংবাদ প্ৰতিস্থানে এই বিষয়ে কৰা কোনো বাতৰিও লাভ নকৰিলো য”ত বিহাৰৰ আকাশৰ পৰা জীৱ সৰি পৰা কথা উল্লেখ আছে। Original Link- Etsy

ফলাফল

বিশেষ সেই দাবীটো মিছা। ভিডিঅ’টোত দেখা জীৱটো বিহাৰৰ দাৰভাংগাত আকাশৰ পৰা সৰি পৰা নাই। এইটো আচলতে ইটালীৰ ভাস্কৰ লাইৰা মাগানুকোৰ এটা চিলিকন ভাস্কৰ্য হে।

Avatar

Title:এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *