
শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটি ভিডিঅ’। ভিডিঅ’টোত এজন যুৱকে এটি শিশুক প্ৰহাৰ কৰা দেখা গৈছে। তাৰে চাৰিওফালে আন কেইটিমান শিশু-কিশোৰ থিয় হৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টো হৰিদ্বাৰৰ এখন অনাথ আশ্ৰমৰ। ফেচবুকত সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে- অনাথ শিশুক নিৰ্মম প্ৰহাৰ। এখন অনাথ আশ্ৰমত নিদাৰুন গুৰুৰ পাশৱিক অত্যাচাৰ। হৰিদ্বাৰ অনাথ আশ্ৰমত আচলতে চলে কি? এনে গুৰুৰ কি শাস্তি হোৱা উচিত?
ভিডিঅ’ – সংগৃহীত

কিন্তু এই দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোক ইনভিড ৱি ভেৰিফাই নামৰ বিশেষ ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি ল’লোঁ। তাৰ পাছত এটা কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সেই ভিডিঅ’টো চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিন্ন তাৰিখত ফেচবুক, ইনষ্টাগ্ৰাম, পাব্লিক , এক্স(পূৰ্বৰ টুইটাৰ)আদি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড হৈ থকা দেখা পালোঁ।
ইয়াৰ পাছত অধিক অনুসন্ধানত আমি এই ঘটনাৰ সৈতে জড়িত এটা বাতৰি ২৬ নৱেম্বৰত InShorts ত প্ৰকাশ কৰা দেখা পালোঁ। তাত লিখা হৈছে যে হৰিদ্বাৰ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’টোক উত্তৰ প্ৰদেশৰ সীতাপুৰৰ বুলি উল্লেখ কৰিছে।

তাৰ পাছত আমি উত্তৰাখণ্ড আৰক্ষীৰ অফিচিয়েল এক্স হেণ্ডেলটো পৰীক্ষা কৰিলোঁ। তাত ২৭ নৱেম্বৰত ভিডিঅ’টোৰ সন্দৰ্ভত পোষ্ট কৰা হয় যে ভাইৰেল ভিডিঅ’টো উত্তৰ প্ৰদেশৰ সীতাপুৰৰ। হৰিদ্বাৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ইয়াৰ সৈতে যি দাবী কৰা হৈছে সেয়া ভুল। উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়ে আৰক্ষীয়ে।
তদুপৰি ২৮ নৱেম্বৰত হৰিদ্বাৰৰ আৰক্ষীৰ এক্স হেণ্ডেলৰ পৰা হৰিদ্বাৰৰ এছ এছ পিৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছিল। তাত তেওঁ কৈছে যে ভাইৰেল ভিডিঅ’টো অক্টোবৰ মাহৰ সীতাপুৰৰ এটা ঘটনাৰ। সেই ভিডিঅ’টোকে হৰিদ্বাৰৰ বুলি শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ”টো বিভ্ৰান্তিকৰ দাবীৰ সৈতে শ্বেয়াৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও কোৱা হৈছিল।
ইয়াৰ পাছত আমি সীতাপুৰ সেই ঘটনাটোৰ বিষয়ে বিচাৰোতে দুমাহ আগতে দৈনিক ভাস্কৰৰ ৱেবছাইটত প্ৰকাশিত খবৰ এটা পালোঁ। ভিডিঅ’টোৰ স্ক্ৰীণশ্বট বাতৰিটোত দেখা পালোঁ। বাতৰি মতে ঘটনাটো সীতাপুৰৰ সিধৌলী থানা এলেকাৰ সংস্কৃত বিদ্যালয়ৰ । ভিডিঅ’টোৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে বুলি উল্লেখ কৰা হৈছে বাতৰিটোত।

তদুপিৰ যোৱা ৯ অক্টোবৰত সীতাপুৰ আৰক্ষীয়ে তেওঁলোকৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ প্ৰকাশ কৰি কয় যে ভাইৰেল ভিডিঅ’টো সীতাপুৰৰ সংস্কৃত বিদ্যালয়ৰ। অভিযুক্ত সতীশৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁক জিম্মাত লোৱা হৈছে।
আমাৰ অনুসন্ধান কালত সীতাপুৰত এই কাণ্ড সংঘটিত কৰা সেই আচাৰ্যগৰাকীক গ্ৰেপ্তাৰ কৰা বাতৰিও আমি লাভ কৰিলোঁ। সেই বাতৰি আপোনালোকে ইয়াত পঢ়িব পাৰিব।

এইখিনিতে প্ৰনিধানযোগ্য যে ইতিপূৰ্বেও আৰএছএছৰ শিবিৰত শিশু নিৰ্যাতন হোৱা বুলি চলিত বৰ্ষৰ অক্টোবৰত একেটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছিল। সেই সময়ত আমাৰ ফেক্ট ক্ৰেছেণ্ডো হিন্দীয়ে তাৰ সত্যতা নিৰূপণ কৰি ইয়াৰ প্ৰকৃত সত্য পোহৰলৈ আনিছিল। সেই সত্যতা নিৰূপণ আপোনালোকে ইয়াত পঢ়িব পাৰিব।

এই সমগ্ৰ তথ্যৰ ভিত্তিত আমি নিশ্চিত হ’লোঁ যে ভাইৰেল হৈ পৰা ভিডিঅ’টো চলিত বৰ্ষৰে যদিও দুমাহ পূৰ্বৰ। কিন্তু দাবী কৰা ধৰণে এয়া হৰিদ্বাৰৰ কোনো অনাথ আশ্ৰমৰ ভিডিঅ’ নহয়। এয়া যোৱা অক্টোবৰ মাহতেই উত্তৰ প্ৰদেশৰ সীতাপুৰৰ সিন্ধৌনী থানাৰ অন্তৰ্গত এখন সংস্কৃত বিদ্যালয়ত এগৰাকী আচাৰ্য্যই ছাত্ৰক কৰা নিৰ্মম প্ৰহাৰৰ ভিডিঅ’হে। বিভ্ৰান্তিকৰ দাবীৰে শেহতীয়াভাৱে ইয়াক প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। এই ঘটনাটো দুমাহ পূৰ্বে উত্তৰ প্ৰদেশৰ সীতাপুৰৰ সিন্ধৌলী থানাৰ অন্তৰ্গত এখন সংস্কৃত বিদ্যালয়ত সংঘটিত হৈছিল। ইয়াৰ হৰিদ্বাৰৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হৰিদ্বাৰৰ অনাথ আশ্ৰমত এটি শিশুক নিৰ্মম প্ৰহাৰ কৰা বুলি দুমাহ পূৰ্বৰ উত্তৰ প্ৰদেশৰ সীতাপুৰৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।
Written By: Pranjal SharmaResult: Misleading
