শেহতীয়াভাৱে অসমৰ ছোচিয়াল মিডিয়াত এটা ভিডিঅৰ’ কিয়দংশ বিয়পি পৰিছে য’ত দেখা গৈছে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতা, সামাজিক কৰ্মী, আৰু মনোবিজ্ঞানী যোগেন্দ্ৰ যাদৱৰ সাক্ষাৎকাৰ লৈ থকা হৈছে। ভিডিঅ’ ক্লিপটোত সাক্ষাৎকাৰ লোৱা এংকৰজনে যাদৱক সুধিছে, “মই আপোনাক চেলিম বুলি ক’লে আপোনাৰ কিবা সমস্যা আছে নেকি?” যাৰ উত্তৰত যাদৱে কয়, “নাই, মোৰ শৈশৱৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালে মোক এই নামেৰেই মাতে। মোৰ ঘনিষ্ঠ মহলৰ বাহিৰৰ মানুহে মোক এই নামেৰে নাজানে। মোৰ মায়ে মোক চেলিম বুলি মাতিছিল, আৰু মোৰ পুৰণি বন্ধুসকলে মোক সেই নামেৰে মাতিছিল। যেতিয়াই টেলিফোনত কোনোবাই মোক চেলিম বুলি সম্বোধন কৰে তেতিয়াই মই বুজি পাওঁ যে সিটো মূৰৰ মানুহজন মোৰ শৈশৱৰ বন্ধু। তদুপৰি কোনোবাই যদি মোক যোগেন্দ্ৰ বুলি মাতে, মই উপলব্ধি কৰোঁ যে এই ব্যক্তিজন মোৰ শৈশৱৰ সংগী নহয়। মোৰ বাবে সদায় দুখন পৃথিৱী আছিল। এখন অন্তৰংগ পৃথিৱী, য’ত মই আছিলোঁ চেলিম আৰু এখন সামাজিক পৃথিৱী য’ত মই যোগেন্দ্ৰ। কিন্তু প্ৰায় ৪-৫ বছৰ আগতে ইয়াকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল ; ইয়াত যিদৰে ঘটে, সকলোকে ঠাট্টা-মস্কৰালৈ ৰূপান্তৰিত কৰা হয়। গতিকে, মোৰ নামটোকো উপহাস কৰা হ’ল।”

ফেচবুকত এই কিয়দংশটো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- কোনোবাই জানিছিল নে কান্ধত অসমীয়া গামোচাখন লৈ দেশৰ চৌদিশে ঘুৰি ফুৰা এইজন যোগেন্দ্ৰ যাদৱৰ আছল নাম চেলিম খান বুলি ? বৰষা দত্ত, টিষ্টা চিতলৱাৰ হতৰ ইচাৰত চলা প্ৰেষ্টিটিউদ মিদিয়াইও কোৱা নাছিল, বাম চেকুলাৰ কেইজনৰ মুখতো ওলোৱা নাছিল যে এইজন চেলিম খান ৷ ভাৰতবৰ্ষত মৌলবাদী আকাহতৰ ইচাৰাত চলা চলিম ওৰফে যোগেন্দ্ৰ যাদৱ হতৰ দৰে অজশ্ৰ মোহোৰা আছে আৰু এই মোহোৰা বোৰে সমজত ভিন ভিন ৰূপত ভিন ভিন নাম লৈ দেখাত অন্য আৰু ভিতৰে ভিতৰে মৈলবাদৰ উত্থানৰ হকে কাম কৰি আছে। যোগেন্দ্ৰ যাদৱ ওৰফে চেলিমে আমাৰ চকুৰ সন্মুখতে চলাই আচিল ভাৰত তোড়ো গেংৰ সতে বামপন্থী কামকাজ, অথচ আমি গমেই পোৱা নাছিলোঁ ৷ ভাৰতবৰ্ষত এনে চদ্মবেশী যোগেন্দ্ৰ যাদৱ বহু আছে । প্ৰয়োজন মাথো এনে চদ্মবেশী যোগেন্দ্ৰ যাদৱ হতক বিছাৰি উলিয়াই জনতাৰ সন্মুখত প্ৰকৃত পৰিছয় দাঙি ধৰাৰ ৷ আজি এজনৰ মুখা সোলকিল, আপোনালোকে বিচাৰিলে কাইলৈ আন হেজাৰ জনৰ মুখা সোলকিব...

হাতে কামে লাগি পৰক...

জনহিতাৰ্থে এই পোষ্টতো চেয়াৰ কৰক আৰু সমাজত লুকাই থকা এনেবোৰ চেলিমক বিচাৰি উলিয়াই মুখা খুলিবলৈ ৰাইজক পাৰ্য্যমানে সজাগ কৰক...

জয় শ্ৰী ৰাম

অৰ্থাত দাবী কৰা হৈছে যোগেন্দ্ৰ যাদৱ এগৰাকী মুছলমান ব্যক্তি আৰু তেখেতে নিজৰ চেলিম খান নামটো লুকুৱাই যোগেন্দ্ৰ বুলি নিজকে পৰিচয় দিয়ে।

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে? যোগেন্দ্ৰ যাদৱ সঁচাকৈয়ে চেলিম খান নামৰ মুছলমান লোক হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভিডিঅ’টো পৰ্যবেক্ষণ কৰি তাত জিষ্ট(JisT)ৰ ল’গ’টো স্পষ্টকৈ দেখিবলৈ পাওঁ। সেয়েহে আমি তেওঁলোকৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত সম্পূৰ্ণ সাক্ষাৎকাৰটো বিচাৰিলোঁ। তেওঁলোকৰ ফেচবুক পেজত আমি ক্লিপটোৰ এটা দীঘলীয়া সংস্কৰণ পাইছিলোঁ যিটো আপুনি তলত চাব পাৰিব।

যেতিয়া সাক্ষাৎকাৰ লোৱা অনিল শ্বাৰ্ডাই তেওঁক সুধিছে, “এই নামৰ আঁৰৰ কাহিনী কি?” ইয়াৰ উত্তৰত যাদৱে কয়, “এয়া মোৰ কাহিনী নহয়, মোৰ দেউতাৰ কাহিনী। মোৰ ককা ৰাম সিং হিছাৰত এগৰাকী শিক্ষক আৰু হোষ্টেল ৱাৰ্ডেন আছিল। এদিন সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ'ল আৰু ককাই কাম কৰা হোষ্টেললৈ মুছলমান গোট এটা সোমাই আহিল। তেওঁলোকে ক’লে যে মছজিদ অপবিত্ৰ কৰা কিছুমান দুস্কৃতিকাৰী আপোনাৰ হোষ্টেলত লুকাই আছে ,তেওঁলোকক আমাৰ হাতত তুলি দিয়ক। মোৰ ককাই নাকচ কৰি ক’লে যে তেওঁ তেওঁলোকৰ অভিভাৱক আৰু তেওঁলোকক তেওঁ এইদৰে ভিৰৰ আগত এৰি দিব নোৱাৰে। তাৰ পাছত উত্তেজিত গোটটোৱে মোৰ ককাক হত্যা কৰিলে। সেই সময়ত আঠ বছৰীয়া দেউতাই এই সকলোবোৰ দেখিছিল। ইয়াৰ প্ৰভাৱ তেওঁৰ ওপৰত গভীৰভাৱে পৰিছিল। কিন্তু তেওঁ আৰ এছ এছত যোগদান কৰা নাছিল বা মুছলমানৰ বিৰুদ্ধে হিন্দুক সংগঠিত কৰা নাছিল, কাৰণ সেই সময়ত গান্ধীৰ যুগ আছিল। গান্ধীজীয়ে মোৰ দেউতাক যথেষ্ট প্ৰভাৱিত কৰিছিল। সেয়ে তেওঁ নিজৰ সকলো সন্তানক মুছলমান নাম দিয়াৰ সিদ্ধান্ত লয়। মোৰ বিশ্বাস তেওঁ এইদৰে নিজৰ সকলো মুছলমান বিৰোধী আৱেগক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল। এই বিষয়ে তেওঁ বিশেষ কথা কোৱা নাছিল।

এইদৰে মোৰ জন্মৰ সময়ত মোৰ নাম আছিল চেলিম। এইটো মোৰ প্ৰকৃত নাম আছিল আৰু কোনো ঘৰুৱা নাম নাছিল। স্কুলীয়া শিক্ষা আৰম্ভ কৰাৰ সময়ত এইটো অদ্ভুত বুলি পাইছিলোঁ। কাৰণ আগতে সকলোৱে মোক সুধিছিল যে তোমাৰ নাম চেলিম কিয়? ঘৰলৈ যাওঁতে সুধিলোঁ মোৰ নামটো চেলিম কিয় সকলোৱে সুধিছে। আন ল’ৰা-ছোৱালীক কোনেও নাম সোধা নাই। মানুহে মোক তুলি লোৱা বা ৰাজপথৰ পৰা বুটলি লোৱাৰ দৰে উৰাবাতৰি বিয়পাবলৈ ধৰিলে। অৱশেষত মই অস্থিৰ হৈ পৰিলোঁ আৰু মোৰ নাম সলনি কৰিবলৈ ক’লোঁ। এইদৰে কাগজ এখনত কেইটামান নাম লিখা হ’ল আৰু মোক এটা বাছি ল’বলৈ কোৱা হ’ল। মই যোগেন্দ্ৰটো বাছি লৈছিলোঁ আৰু তেতিয়াৰ পৰা এইটোৱেই মোৰ নাম।”

সেই ভিডিঅ’টো তলত আপোনালোকে চাবলৈ পাৰিব।

যোগেন্দ্ৰ যাদৱৰ প্ৰকৃত নাম যোগেন্দ্ৰ বুলি এইদৰেও জানিব পাৰি যে নিৰ্বাচন আয়োগৰ সন্মুখত দাখিল কৰা শপতনামাত তেওঁৰ নাম যোগেন্দ্ৰ সিং বুলি লিখা আছে। এইদৰে তেওঁ নিজৰ প্ৰকৃত ধৰ্ম লুকুৱাই ৰাখিবলৈ সকলোৰে পৰা নিজৰ প্ৰকৃত নাম লুকুৱাই ৰাখিছে বুলি উত্থাপন কৰা অভিযোগত কোনো সত্যতা নাথাকে।

আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে যোগেন্দ্ৰ যাদৱে তেওঁৰ শৈশৱৰ নাম যে চেলিম সেই কথাটো লুকুৱাই ৰখা নাই। স্বাধীনতাৰ পূৰ্বৰ যুগত মুছলমান গোটৰ দ্বাৰা যাদৱৰ ককাকক হত্যা কৰাৰ ধৰ্মনিৰপেক্ষ প্ৰতিক্ৰিয়া স্বৰূপে যাদৱৰ পিতৃয়ে তেওঁক চেলিম নাম দিছিল। অৱশ্যে আন ছাত্ৰ-ছাত্ৰীৰ ঠাট্টা-মস্কৰাৰ বাবে যাদৱে স্কুল আৰম্ভ কৰাৰ পিছত নাম সলনি কৰে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। যোগেন্দ্ৰ যাদৱৰ শৈশৱৰ নাম চেলিম আছিল। কিন্তু তেওঁ মুছলমান লোক নহয় আৰু নিজৰ নাম সম্পৰ্কে কোনো মিথ্যাচাৰৰ আশ্ৰয় লোৱা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে যোগেন্দ্ৰ যাদৱৰ আচল নাম চেলিম খান আৰু তেওঁ মুছলমান লোক নেকি?

Written By: Pranjal Sharma

Result: Misleading