
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে যিটো অলপতে মধ্য প্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধৰ ওচৰত হোৱা ক্ৰুজ দুৰ্ঘটনাৰ দৃশ্য বুলি দাবী কৰা হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ২৬ ডিচেম্বৰৰএটা ফেচবুক পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ এক দীঘলীয়া সংস্কৰণ আপলোড কৰা হৈছিল।

পোষ্টটোৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “বৃহস্পতিবাৰে বিয়লি কাপ্তাই হ্ৰদত এখন নাওঁ বাগৰি পৰাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ভিডিঅ’টোত দেখা গৈছে যে ঘটনাৰ পাছতে যাত্ৰীসকলে পানীৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিছে আৰু ওচৰৰ অন্য নাওঁ তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে (A boat capsized in Kaptai Lake on Thursday afternoon, triggering panic among passengers as the vessel suddenly overturned in the middle of the lake. The video shows people struggling in the water moments after the incident, with nearby boats and locals rushing in to help.)।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া “প্ৰথম আলো”ৰ ইউটিউব চেনেলত ২০২৫ চনৰ ২৬ ডিচেম্বৰত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। প্ৰতিবেদন অনুসৰি, ১৯ গৰাকী যাত্ৰী কঢ়িওৱা এখন নাওঁ ২০২৫ চনৰ ২৫ ডিচেম্বৰত বাংলাদেশৰ ৰাঙামাটিৰ কাপ্তাই হ্ৰদত লুতি খাই পৰিছিল।
একেধৰণৰ ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু জবলপুৰৰ ক্ৰুজ দুৰ্ঘটনাৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো মধ্য প্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধৰ ওচৰত হোৱা ক্ৰুজ দুৰ্ঘটনাৰ নহয়। এয়া বাংলাদেশৰ এক পুৰণি ভিডিঅ’।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


