FACT CHECK: পেলেষ্টাইনলৈ সমৰ্থন জনাবলৈ ক্ৰিষ্টিয়ান' ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলৰ পৰা ক'কা ক'লাৰ বটল আঁতৰোৱা নাছিল!
শেহতীয়াভাৱে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকা ক্ৰিষ্টিয়ান' ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলত মেজৰ ওপৰত ৰাখি থোৱা দুটা ক'কা ক'লা ছফ্ট ড্ৰিংকৰ বটল আঁতৰাই তাৰ ঠাইত পানীৰ বটল ৰাখি সমগ্ৰ বিশ্বতে সংবাদ শিৰোনাম দখল কৰিছিল । পিছত এইকথা জানিব পৰা গ'ল যে আন্ত:ৰাষ্ট্ৰীয় ফুটবল তাৰকাগৰাকীৰ এই কৰ্মৰ বাবে ক'কা ক'লাই তেওঁলোকৰ শ্বেয়াৰ নিন্মগামী হোৱাৰ ফলত বৃহৎ পৰিমানৰ লোকচানৰ সমুখিন হৈছিল।
এই দৃশ্যাৱলী সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছিল আৰু এতিয়া তাকেই কেন্দ্ৰ কৰি বিভিন্ন দাবীও ভাইৰেল হৈ পৰা দেখা গৈছে। এটা ফেচবুক পোষ্টৰ দাবী মতে ক'কা ক'লা এটা ইজৰাইলী কোম্পানী আৰু ৰোনাল্ডোৱে এই কৰ্মেৰে পেলেষ্টাইনলৈ সমৰ্থন আগবঢ়াইছে।এই পোষ্টটোত একেই দাবীৰে এক ভিডিঅ' আপলোড কৰা হৈছে।
এই পোষ্টটো আব্দুল হাচিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰা হৈছিল
“বিশ্ব বিখ্যাত ফুটবল খেলুৱৈ ৰোনাল্ড'ৰ দুটা শব্দ আৰু মাত্ৰ ২৫ ছেকেণ্ডে ইজৰাইলৰ কোম্পানী কোকা কোলাৰ ৩০ হাজাৰ কোটিৰ লোকচান, একমাত্ৰ পেলেস্টাইনৰ সমৰ্থনত ফুটবল খেলুৱৈ ৰোনাল্ডয়ে ইজৰাইলক দিলে ঝটকা,,,” কেপচন লিখি আৰু ফেচবুকত ১০হাজাৰতকৈয়ো অধিক বাৰ শ্বেয়াৰ কৰা হৈছে।
Original Link- Facebook | Archived Link
ই অলপ সন্দেহজনক আছিল আৰু সেইবাবে আমি এই দাবীৰ সত্যতা নিৰূপন কৰিলো আৰু গম পালো যে সেই দাবী বিভ্ৰান্তিকৰ।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ছফ্ট ড্ৰিংক কোম্পানী ক'কা ক'লাৰ ৱেবৱাইটটো চালো আৰু জানিব পাৰিলো যে আচলতে এইটো হৈছে এটা আমেৰিকান কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে আমেৰিকাৰ আটলান্টাত। গতিকে ইয়াক ইজৰাইলৰ বুলি কৰা দাবীটো ভূৱা আৰু বিভ্ৰান্তিকৰ।
Screenshot, official website, The Coca-Cola Company
Original Link- The Coca-Cola Company
তাৰ পিছত আমি কিছুমান সাধাৰণ কীৱৰ্ডছ গুগলত ছাৰ্চ কৰি চালো আৰু এটা পুৰণি বাতৰি পালো য'ত ক্ৰিষ্টিয়ান' ৰোনাল্ডোৱে তেওঁৰ সন্তান দুটি আৰু তেওঁলোকৰ খাদ্যাভ্যাসৰ কথা কৈছিল। তেওঁ সেই সময়তো এইটো স্পষ্ট কৰি দিছিল যে তেওঁ ক'কা ক'লাৰ দৰে ছফ্ট ড্ৰিংকবোৰ ভাল নাপায় । গতিকে,আমি নিশ্চিত হ'লো যে সেইটো মাত্ৰ হঠাৎ এদিন হোৱা ঘটনা নহয়, ফুটবল তাৰকাগৰাকী ইয়াৰ পূৰ্বেও এইবিষয়ত সৰৱ হৈছিল, যদিও এনেকুৱা ৰাজহুৱা অনুষ্ঠানত কোৱা নাছিল।
Screenshot, article, Republic World
Original Link- Republic World.com
তেওঁৰ এই কৰ্মক ইজৰাইলক বিৰোধ কৰি পেলেষ্টাইনক সমৰ্থন কৰা কাৰ্যৰ লগত সংযোগ কৰোৱাটো ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ।
আমি ইয়াকো পালো যে পূৰ্বেও ইজৰাইল-পেলেষ্টাইন সংঘাতক কেন্দ্ৰ কৰি ক্ৰিষ্টিয়ান' ৰোনাল্ডোক সাঙুৰি বিভিন্ন দাবী তোলা হৈছিল,যিবোৰ প্ৰসংগহীন আৰু মিছা বুলি বিভিন্নজনে সত্যতা নিৰূপন কৰি থৈছিল। Original Link- AFP Fact Check
ফলাফল
ক'কা ক'লা এটা ইজৰাইলী কোম্পানী আৰু ৰোনাল্ডোৱে পেলেষ্টাইনৰ প্ৰতি থকা সমৰ্থনৰ বাবে কোম্পানীটোক লোকচানৰ সমুখিন কৰোৱাইছে বুলি তোলা দাবীটো বিভ্ৰান্তিকৰ। ক'কা ক'লা আমেৰিকাৰ কোম্পানী আৰু ৰোনাল্ডোৱে পেলেষ্টাইনলৈ সমৰ্থন জনাই তেওঁৰ সংবাদমেলৰ পৰা ক'কা ক'লাৰ বটল আঁতৰোৱা নাছিল।
Title:পেলেষ্টাইনলৈ সমৰ্থন জনাবলৈ ক্ৰিষ্টিয়ান' ৰোনাল্ডোৱে তেওঁৰ সংবাদমেলৰ পৰা ক'কা ক'লাৰ বটল আঁতৰোৱা নাছিল!
Fact Check By: Manjori BorkotokyResult: Misleading