
আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ সম্বলিত পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত কিছু অস্ত্ৰধাৰী ব্যক্তিক নাচি আনন্দ কৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া শেহতীয়াকৈ তালিবানৰ আফগানিস্তান দখলৰ পাছত কৰা উল্লাস বা নৃত্য হয় ।
উক্ত ভিডিঅ’টো অসমৰ এক ফেচবুক পে’জ A News Assam24য়ে ১৭ আগষ্ট, ২০২১ তাৰিখে “আফগানিস্তান দখলৰ পিছত তালিবানীসকলৰ অদ্ভুত উল্লাস৷” বুলি কেপচন দি আপলোড কৰিছে আৰু উক্ত ফেচবুক পোষ্টটো বৰ্তমানলৈকে ৫১৫ বাৰ শ্বেয়াৰ হৈছে তথা ভিডিঅ’টো ৭০ হাজাৰবাৰ দৰ্শন হৈছে ।

Original Link- Facebook | Archived Link
আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই, উক্ত ফেচবুক পোষ্টটোৰ সত্যতা সম্পৰ্কে সন্দেহ হোৱাত অনুসন্ধান কৰিলোঁ আৰু শেষত জানিব পাৰিলোঁ যে ভিডিঅ’টো শেহতীয়া নহয় বা তালিবানে আফগানিস্তান দখলৰ পাছত ৰেকৰ্ড কৰা নহয় । ভিডিঅ’টো আমি কম পক্ষেও চাৰি মাহ মানৰ পুৰণি বুলি প্ৰমাণ কৰিব পাৰিলোঁ আৰু ইয়াৰ দ্বাৰা উক্ত ভিডিঅ’টো আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই বুলি স্পষ্ট হৈ পৰিল । উক্ত দাবীটো ভুৱা হয় । প্ৰসংগ সংগতিহীন ভাৱে উক্ত ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি ইনভিড-ৱী ভেৰিফাই টুলত ভিডিঅ’টো স্প্লিট কৰিলো আৰু ইয়াৰ কী-ফ্ৰেমছ য়াণ্ডেক্সৰ জৰিয়তে ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ । ইয়াৰ ফলত আমি এই একেই ভিডিঅ’টো ইনষ্টাগ্ৰামত যোৱা এপ্ৰিল মাহত আপলোড হোৱা দেখিলোঁ ।
আমি বিষয়টোৰ লগত সম্পৰ্ক থকা কিছু কীবৰ্ডছ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে ইউটিউবত উক্ত ভিডিঅ’টো (১০ এপ্ৰিল, ২০২১) প্ৰায় চাৰি মাহ পূৰ্বে ‘কেইছৰ খান’ নামৰ এক চেনেলৰ পৰা আপলোড কৰা হৈছিল । উক্ত ভিডিঅ’টো ৩৬ হাজাৰ বাৰ দৰ্শন কৰা হৈছে আৰু ভিডিঅ’টোৰ শিৰোনামাত এখন বিয়াৰ সমান্তৰাল ভাৱে উক্ত ‘পাঠান’ নাচ গান অনুষ্ঠিত হৈছিল বুলি উল্লেখ আছে ।
আমি ভিডিঅ’টোৰ কমেণ্টছ চেক্সনত যোৱাত কিছু লোকে এইয়া তালিবান নহয় পাচতুন সম্প্ৰদায়ৰ ব্যক্তি বুলি অভিহিত কৰা দেখিবলৈ পালোঁ, যদিও এই বিষয়ে আমি কোনো স্পষ্ট প্ৰমাণ গোটাব নোৱাৰিলোঁ । কিন্তু এইয়া স্পষ্ট হৈ পৰিল যে ভিডিঅ’টো শেহতীয়া নহয়।
ফলাফল
ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় বা তালিবানে আফগানিস্তান দখলৰ পাছত ৰেকৰ্ড কৰা নহয় । ভিডিঅ’টো কম পক্ষেও চাৰি মাহ মানৰ পুৰণি হয় । ইয়াৰ দ্বাৰা উক্ত ভিডিঅ’টো আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ লগত কোনো সম্পৰ্ক নাই বুলি স্পষ্ট হৈ পৰিল । উক্ত দাবীটো ভুৱা হয় । প্ৰসংগ সংগতিহীন ভাৱে উক্ত ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে ।

Title:এই ভিডিঅ’টো শেহতীয়াকৈ তালিবানীসকলে আফগানিস্তান দখলৰ পাছত কৰা উল্লাস নহয়!
Fact Check By: Manjori BorkotokyResult: False
