শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

International Misleading

শেহতীয়াকৈ পাকিস্তানৰ ৱাজিৰাবাদত এক প্ৰতিবাদী সমাৱেশৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ লাহোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া তেওঁ বিপদ মুক্ত হৈছে ।

এনে পৰিস্থিতিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ওপৰলৈ হাত উঠাই এখন বগা চাদৰত শুই থকা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে এই বিশেষ ছবিখন শেহতীয়াকৈ ইমৰাণ খানৰ উপৰত হোৱা গুলি চালনাৰ সময়ৰ হয় । এনে ধৰণৰ কেইবাটাও পোষ্ট আমি ফেচবুকত দেখা পালোঁ । 

Facebook Link | Archived Link

Facebook Link | Archived Link

Facebook Link | Archived Link

আমি, ফেক্ট ক্ৰেছেণ্ড অসমীয়াই বিষয়টোৰ ওপৰত এটা ফেক্ট-চেক কৰাৰ সিদ্ধান্ত লৈছিলো। অনুসন্ধানৰ পাছত আমি গম পালোঁ যে উক্ত ভাইৰেল ফটোখনৰ শেহতীয়া গুলি চালনা ঘটনাৰ লগত কোনো সম্পৰ্ক নাই ।  উক্ত ফটোখন আচলতে ২০১৪ চনৰ হয় ।  

সত্যতা নিৰূপণ পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমাৰ তদন্ত আৰম্ভ কৰিলো । আমি দেখিলোঁ যে উক্ত ভাইৰেল ছবিখন ২০১৪ চনৰ ১৭ আগষ্টত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে নিজৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলত আপলোড কৰিছিল। সেই টুইটটো তলত চাব পাৰিব।

অধিক অনুসন্ধান কৰা পাছত এই ছবিখনৰ বিষয়ে আৰু তথ্য পোৱা গ’ল। ফটোখন আচলতে ইমৰাণ খান এক প্ৰতিবাদত অংশগ্ৰহণ কৰা সময়ৰ হয় । উক্ত প্ৰতিবাদ ২০১৪ চনত পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হৈছিল।  

ইকনমিক টাইমছৰ তথ্য অনুসৰি, ‘খানে ১৪ আগষ্টত লাহোৰত প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু নিৰ্বাচনত জালিয়াতিৰ অভিযোগত চৰকাৰক নিৰপেক্ষ তদন্ত কৰিবলৈ বাধ্য কৰিবলৈ ইছলামবাগৰ সংসদৰ সন্মুখত তেওঁৰ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে ধৰ্ণা দিছিল”। 

ফলাফল

শেহতীয়াকৈ ২০২২ চনৰ ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ভাইৰেল ছবিখনৰ কোনো সম্পৰ্ক নাই । এই ছবিখন ২০১৪ চনৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

Fact Check By: Manjori Borkotoky 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *