
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকৰ মাজত এগৰাকী যুৱতীয়ে গাড়ী এখনৰ ভিতৰত বহি থকা এজন পুৰুষক চেণ্ডেলেৰে মৰিয়াইছে। দাবী কৰা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ৰ এই ছাত্ৰীগৰাকীয়ে ‘বাংলাদেশী জেহাদীক’ এইদৰে মৰিয়াইছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ‘দিল্লী বিশ্ববিদ্যালয়ত হিন্দু ছোৱালীক প্ৰেম জেহাদত প্ৰলোভিত কৰিবলৈ মিছা পৰামৰ্শ দি আছিল এজন বাংলাদেশী জেহাদী।
তাৰ পাছত মহিলা ছাত্ৰী সকলে সাহস গোটাই জেহাদীজনক ৰঙা হাতেৰে ধৰি জোতা-চপ্পলেৰে প্ৰহাৰ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “dhakachronicles” নামৰ ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৬ চনৰ ২৬ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বন অনুসৰি ঢাকা বিশ্ববিদ্যালয়ৰ এফ বি এছত মহিলাক হাৰাশাস্তি কৰা এজন লোকক এইদৰে প্ৰহাৰ কৰা হৈছিল।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৬ চনৰ ২৬ এপ্ৰিলত The Daily Campus ত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল।

প্ৰতিবেদন অনুসৰি, “‘অবৰ্ণনীয়’ অশ্লীল ইংগিত আৰু মহিলা ছাত্ৰীক হাৰাশাস্তি কৰা ধৰা পৰাৰ পিছতে আজি ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰই আটক কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে এজন বাহিৰৰ লোকক। দেওবাৰে (২৬ এপ্ৰিল) বিয়লি Faculty of Business Studies ৰ সমীপত সংঘটিত হয় এই ঘটনা।
এই সম্পৰ্কে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰে, য’ত ছাত্ৰ-ছাত্ৰীৰ ভিৰ এটাই গাড়ীক ঘেৰি ধৰা দেখা গৈছে। ভিডিঅ’টোত এগৰাকী ছাত্ৰীয়ে লোকজনক গাড়ীৰ ভিতৰত বহি থকা অৱস্থাত জোতাৰে আঘাত কৰা দেখা গৈছে আৰু আন কিছুমানে লোকজনৰ আচৰণৰ প্ৰতিবাদত চিঞৰিছে। সহকাৰী প্ৰক্টৰ আলী মহম্মদ কাউছাৰে দ্য ডেইলী কেম্পাছক এই কথা নিশ্চিত কৰি কয় যে ব্যক্তিজন বিশ্ববিদ্যালয়ৰ সদস্য যেন নালাগে। তেওঁ উল্লেখ কৰে যে পৰিস্থিতি তীব্ৰতৰ হোৱাৰ লগে লগে প্ৰক্টৰিয়েল দলটোৱে মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছিল। ‘তেওঁ কৰা ইংগিতবোৰ ইমানেই আপত্তিজনক আছিল যে শব্দৰ বাহিৰত’।
ভিৰৰ পৰা উদ্ধাৰ কৰাৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সন্দেহজনক লোকজনক আৰক্ষীৰ হাতত গতাই দিয়ে। কেম্পাছৰ চৌহদত এনেধৰণৰ হাৰাশাস্তি ৰোধৰ বাবে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ অভিপ্ৰায়ৰ সংকেত দিছে প্ৰশাসনে। সহকাৰী প্ৰক্টৰে লগতে কয় যে ‘আমি তেওঁক আইনৰ হাতত গতাই দিছো, আৰু বিশ্ববিদ্যালয়খনে আনুষ্ঠানিক আইনী পদ্ধতি অনুসৰণ কৰিব’।
সম্প্ৰতি অধিক জেৰাৰ বাবে আৰক্ষীৰ জিম্মাত আছে সন্দেহজনক লোকজন। এই কাণ্ডই কেম্পাছৰ নিৰাপত্তা আৰু একাডেমিক ভৱনৰ সমীপত সঘনাই বাহিৰৰ লোকে হাৰাশাস্তি কৰা সন্দৰ্ভত ছাত্ৰ সংগঠনৰ মাজত সন্দেহ সৃষ্টি কৰিছে।”
একেটা ভিডিঅ’ আমি Notun Shomoy নামৰ ইউটিউব চেনেলত ২০২৬ চনৰ ২৮ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।
আন প্ৰতিবেদন ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো দিল্লী বিশ্ববিদ্যালয়ৰ নহয় বৰং ঢাকা বিশ্ববিদ্যালয়ৰহে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এগৰাকী যুৱতীয়ে চেণ্ডেলেৰে এজন পুৰুষক প্ৰহাৰ কৰাৰ এই ঘটনা দিল্লী বিশ্ববিদ্যালয়ৰ নহয়। এই ভিডিঅ’টো ঢাকা বিশ্ববিদ্যালয়ৰ, য’ত অশ্লীল ইংগিত দিয়াৰ অভিযোগত এজন লোকক এইদৰে এগৰাকী যুৱতীয়ে চেণ্ডেলেৰে প্ৰহাৰ কৰিছিল।


