কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Communal Misleading

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰

কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি কী-ৱৰ্ড ছাৰ্চ কৰি এটা এক্স হেণ্ডলৰ পৰা কৰা এটা টুইট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো আপলোড কৰা হৈছিল আৰু কেপশ্বনত লিখা আছিল এইদৰে, “Change started in #RamRajya

In Karnataka, when the govt servants came to collect the🛕hundi money they demanded them to get the donations from Church & Masjid

Please make this viral #RamBhakts

https://twitter.com/TheRanaSanga/status/1291688603559628801

এই টুইটটোৰ তলত থকা কমেণ্টসমূহত বহু ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো পুৰণি বুলি উল্লেখ কৰা আমি দেখিলোঁ। আমি এজন এক্স ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা টুইট পালোঁ য’ত উল্লেখ কৰা হৈছিল যে ভাইৰেল ভিডিঅ’টো ২০১৫ চনৰ। 

Archived Link 

Suresh নামৰ এক্স হেণ্ডলত ভিডিঅ’টোৰ সৈতে সম্পৰ্কিত ঘটনাটোৰ বিষয়ে প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ কথাও উল্লেখ কৰা হৈছিল।

Archived Link 

তথ্য অনুসৰি এই ঘটনা ২০১৫ চনৰ।সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল কৰ্ণাটকত। উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি কোলাৰৰ কোলাৰম্মা মন্দিৰৰ কোষাগাৰৰ পৰা অহা ধনৰ অধিকাৰী ৰাজ্য চৰকাৰ। কিন্তু কোলাৰম্মা মন্দিৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ (ASI)ৰ অধীনত আছে। মন্দিৰৰ উপাৰ্জন লোৱাৰ কোনো অধিকাৰ ৰাজ্য চৰকাৰৰ নাই বুলি যুক্তি আগবঢ়ায় পুৰোহিতসকলে। কিন্তু উচ্চ ন্যায়ালয়ে এই মন্দিৰ ৰাজ্য চৰকাৰৰ অধীন বুলি নিৰ্দেশ দিলে।

পোষ্টটোত থকা ভিডিঅ’টোত এই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ অহা সংগ্ৰাহক আৰু অন্যান্য চৰকাৰী বিষয়াক পুৰোহিতসকলে বাধা দিয়া দেখা গৈছে। “আমাক চৰকাৰে দৰমহা নিদিয়ে। মন্দিৰৰ পূজা আৰু অন্যান্য অনুষ্ঠানৰ পৰা পোৱা উপাৰ্জনেৰে আমি আমাৰ পৰিয়ালটো চলাইছো। যদি চৰকাৰে এই ধন লয় তেন্তে ইয়াৰ ৮ জন পুৰোহিতে নিজৰ পৰিয়াল কেনেকৈ চোৱাচিতা কৰিব?” বাতৰি অনুসৰি মন্দিৰৰ এজন পুৰোহিতে এই প্ৰশ্ন কৰিছিল। কিন্তু পূজাৰীসকলে বিৰোধিতা কৰি প্ৰথমে মছজিদ আৰু গীৰ্জাৰ দান-পাত্ৰৰ টকা আনিবলৈ বিষয়ববীয়াসকলক কোৱা বুলি কোনো তথ্য প্ৰতিবেদনত নাছিল।

Archived Link

একেটা ভিডিঅ’আমি ফেচবুকতো ২০১৫ চনৰ ৪ নৱেম্বৰত আপলোড হোৱা দেখিলোঁ আৰু কেপশ্বনত Kolaramma Temple বুলি লিখা আছিল।

Facebook Link | Archived Link 

আমি কানাড়া ভাষাত দখল থকা ব্যক্তিৰ লগত যোগাযোগ কৰি সুধিছিলোঁ যে ভিডিঅ’টোত পুৰোহিতসকলে বিৰোধিতা কৰি আগেয়ে মছজিদ আৰু চাৰ্ছৰ দানপাত্ৰৰ টকা আনিবলৈ বিষয়ববীয়াসকলক কৈছিল নেকি, তেতিয়া তেওঁলোকে আমাক জনায় যে তেনে কোনো মন্তব্য ভিডিঅ’টোত কৰা হোৱা নাছিল।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। প্ৰথমে মছজিদ আৰু গীৰ্জাৰ দান-পাত্ৰৰ টকা আনিবলৈ পূজাৰীসকলে বিষয়ববীয়াসকলক কোৱা নাছিল। তদুপৰি ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০১৫ চনৰেই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *