
শেহতীয়াকৈ মধ্যপ্ৰদেশৰ জবলপুৰৰ নৰ্মদা নদীৰ বৰ্গী বান্ধৰ ওচৰত এখন ক্ৰুজ বাগৰি পৰে আৰু কমেও ৯ জন লোকৰ মৃত্যু হয়। এই মৰ্মান্তিক ঘটনাৰ পাছত উদ্ধাৰ হয় এগৰাকী মাতৃ আৰু তেওঁৰ চাৰি বছৰীয়া শিশুটিৰ মৃতদেহ। খবৰ অনুসৰি মাতৃ আৰু পুত্ৰই একেটা লাইফ জেকেট পিন্ধি আছিল আৰু মাতৃয়ে তেতিয়াও নিজৰ সন্তানক বুকুত আঁকোৱালি লৈ আছিল। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন ফটো, যিখন দুৰ্ঘটনাত মৃত্যু হোৱা মাতৃ-পুত্ৰৰ ফটো বুলি দাবী কৰা হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ফটোখনত কিছুমান বিসংগতি লক্ষ্য কৰিলোঁ। যেনে, মাতৃগৰাকীৰ চেলাউৰি, মাতৃ-পুত্ৰৰ গাৰ ছালৰ মসৃণতা আৰু মাতৃগৰাকীৰ হাতৰ খাৰু ইত্যাদি।

বিভিন্ন AI-Detector Tools অনুসৰি এই ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সম্ভাৱনা অধিক।


আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি জবলপুৰ কালেক্টৰৰ অফিচিয়েল এক্স হেণ্ডেলত এটা টুইট পালোঁ য’ত এই দাবী খণ্ডন কৰা হৈছিল। টুইটটোৰ অসমীয়া অনুবাদ এনেধৰণৰ, “জবলপুৰ — এই ফটোখন এআই জেনেৰেটেড বা আন কোনো উৎসৰ। বৰ্গী ক্ৰুজ দুৰ্ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।”

দুৰ্ঘটনাত নিহত হোৱা মাতৃ-পুত্ৰৰ প্ৰকৃত ফটোখন ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন জবলপুৰৰ ক্ৰুজ দুৰ্ঘটনাৰ নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ফটোখন জবলপুৰৰ ক্ৰুজ দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰৰ নহয়। এই ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


