এজন মানুহৰ চকুৰ পৰা কৃমিৰ দৰে কীট এটা অস্ত্ৰোপচাৰ কৰি আঁতৰ কৰা চিকিত্সাজনিত এটা বৰ আমনিদায়ক ভিডিঅ’ ছোচিয়েল মিডিয়াত বহুলভাৱে প্ৰসাৰ কৰি থকা হৈছে। ভিডিঅ’টোৰ সৈতে সন্নিৱিষ্ট কথাথিনিত উল্লেখ কৰা হৈছে দীৰ্ঘদিনে মাত্ৰাধিক স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ ফলত লোকজনৰ চকুৰ ভিতৰত এই কীটটোৱে বাহ লৈছিল।

দাবী কৰা হৈছে যে অত্যধিক স্মাৰ্টফোন ব্যৱহাৰৰ ফলতেই আঁতৰ কৰোৱা সেই কীটোটৰ সৃষ্টি হৈছিল চকুত। বাৰ্তাটোত ইয়াকো কোৱা হৈছে যে স্মাৰ্টফোনৰ মাত্ৰাধিক ব্যৱহাৰ সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলে জনা উচিত।

ভাইৰেল হোৱা মেছেজটোত আছে:

“অনুগ্ৰহ কৰি মন কৰিব। এই পৰজীৱী কীটবোৰ দীৰ্ঘদিনে মোবাইলত গেম খেলাৰ ফলত চকুত প্ৰৱেশ কৰে। অনুগ্ৰহ কৰি ইয়াক সকলো গ্ৰুপলৈ প্ৰেৰণ কৰক। প্ৰৰকলৈ অশেষ ধন্যবাদ, এই কথা দেখুওৱা আৰু শিশুসকলৰ বাবে বুজাই দিয়াৰ বাবে।”

এই অঞ্চলত হোৱাটছএপত শ্বেয়াৰ হৈ থকা ভিডিঅ’টো আমাৰ ২৪ঘন্টীয়া ফেক্টলাইন নম্বৰ 904 905 3770 লৈ সত্যতা নিৰূপন কৰাৰ বাবে প্ৰেৰণ কৰা হৈছিল। Archived Link

ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে এই দাবীটো ভুৱা। ভিডিঅ’টোত দেখা চকুৰ অস্ত্ৰোপচাৰ কৰি থকা ৰোগীগৰাকী লোৱা লোৱা নামৰ কীটটোৰ দ্বাৰা সংক্ৰমিত হৈছিল। এই কীটটো মানুহৰ চকুলৈ এক নিৰ্দিষ্ট মাখিৰ জৰিয়তেহে বিয়পে, স্মাৰ্টফোনৰ দ্বাৰা নহয়।

সত্যতা নিৰূপন পদ্ধতি

আমি প্ৰথমে জানিব বিচাৰিলো, এই ভিডিঅ'টোনো আচলতে কি বিষয়ক। এটা কী-ৱৰ্ড ছাৰ্চে উন্মোচিত কৰিলে যে এগৰাকী ডাক্তৰে ৮বছৰ আগতে এই ভিডিঅ'টো ইন্টাৰনেটত শ্বেয়াৰ কৰিছিল। ইউটিউৱত 'India Video' নামৰ চেনেলটোত থকা এই ভিডিঅ'টো হৈছে এজন লোকৰ চকুৰ পৰা এটা কৃমি অস্ত্ৰোপচাৰ কৰি আঁতৰ কৰাৰ।

সতৰ্কবানী– স্পৰ্শকাতৰ বিষয়

এই অস্ত্ৰোপচাৰটো ২০১৩চনত সম্পন্ন কৰিছিল ডা. এছলে জেকবে। এটা ২০চেন্টিমিটাৰ দীঘল পৰজীৱীটোক ৰোগীগৰাকীৰ চকুৰ পৰা আঁতৰ পৰা হৈছিল।

লোৱা লোৱা লাৰ্ভানো কি?

লোৱা লোৱা হৈছে এটা পৰজীৱী লাৰ্ভা। ই পশ্চিম আৰু মধ্য আফ্ৰিকাৰ জংঘলত থকা মাখিৰ দেহত বাস কৰে।

ফেক্ট ক্ৰেছেণ্ডো মাৰাঠীয়ে ডা. জেকৱৰ সৈতে যোগাযোগ কৰিছিল যিয়ে এই অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছিল ভিডিঅ'টোত। তেওঁ হৈছে মুলামুট্টিল আই হস্পিতাল কেৰালাৰ প্ৰতিস্থাপক সঞ্চালক।

ভাইৰেল হোৱা দাবীটোক অস্বীকাৰ কৰি তেওঁ ই-মেইলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনায় যে, “এই ভিডিঅ"টো মই কৰা অস্ত্ৰোপচাৰটোৰ। কোনোবাই এই ভিডিঅ"টো সম্পৰ্কে ভুল বাৰ্তা প্ৰচাৰ কৰি আছে। মই ২০১৩চনত আফ্ৰিকাৰ এজন ৰোগীৰ ওপৰত এই অস্ত্ৰোপচাৰটো কৰিছিলো। লোৱা লোৱা হৈছে এটা পৰজীৱী সংক্ৰমন, যিটো ঘাঁ বা সংক্ৰমিত খাদ্যৰে বিয়পে। ৰোগীগৰাকী মোবাইল গেম খেলি আক্ৰান্ত হোৱা নাছিল।"

মোবাইলে এইধৰণৰ সংক্ৰমন কৰিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এইটো এটা উৰা বাতৰি মাথো। মোবাইল গেম খেলিলে তেনেকুৱা একো নহয়। মোবাইলৰ স্ক্ৰিনখন মাত্ৰাধিক চাই থাকিলে চকুৰ খজুৱতি বা আন সমস্যা হব পাৰে। কিন্তু মোবাইল ফোনৰ পৰা চকুত পৰজীৱীয়ে বসতি কৰিব বুলি কোৱা কথাটো অবৈজ্ঞানীক।

২০১৩চনত ডা. এছলেই তেওঁৰ ফেচবুকতো ভিডিঅ"টো শ্বেয়াৰ কৰিছিল।

সতৰ্কবানী– স্পৰ্শকাতৰ বিষয়

সিদ্ধান্ত

সত্যতা নিৰূপনৰ অন্তত আমি পালো যে দাবীটো মিছা। যিজন ৰোগীৰ চকুৰ অস্ত্ৰোপচাৰ কৰা হৈছে, তেওঁ লোৱা লোৱা কৃমিৰ দ্বাৰা সংক্ৰমিত হৈছে । এই কৃমিটো মানুহৰ শৰীৰলৈ সংক্ৰমিত হয় এক নিৰ্দিষ্ট মাখিৰ দ্বাৰাহে, স্মাৰ্টফোনৰ দ্বাৰা নহয়।

যদি আপুনি এনেকুৱা সন্দেহজনক পোষ্ট, ভিডিঅ’, অডিঅ’ আদি ছোচিয়েল মিডিয়াত দেখা পায়, তেনেহ’লে ততালিকে সত্যতা নিৰূপনৰ বাবে আমাৰ ফেক্টলাইন নম্বৰ +91 9049053770লৈ হোৱাটছএপ কৰিব পাৰে।

Avatar

Title:চকুত কৃমিসদৃশ কীটৰ ভিডিঅ’ এটা মিছা দাবীৰে ভাইৰেল কৰা হৈছে

Fact Check By: Manjori Borkotoky

Result: False