ক'ৰণা ভাইৰাছ বুলি একো নাই আৰু আচলতে এইয়া চৰকাৰৰ এক চক্ৰান্ত হয় নেকি?
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক'ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু অকল ভাৰতত এতিয়ালৈকে তিনিশজনতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু চাৰি জনৰ মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে এক ফেচবুক ভিডিঅ' সম্প্ৰতি অসমত ভাইৰেল হৈ পৰিছে । "Corona virus buli ako nai aibur Misa", বুলি এক শিৰোনামা দি উক্ত ভিডিঅ'টো গুনজিত কলিতা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা যোৱা ১৯ মাৰ্চ, ২০২০ তাৰিখে আপলোড কৰা হৈছে । উক্ত ভিডিঅ'টো ৪.১ হাজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভিডিঅ'টো ৭.৪ হাজাৰটা কমেণ্টছ আছে । ভিডিঅ'টোত ল'ৰাজনে দাবী কৰিছে যে ক'ৰণা ভাইৰাছ বুলি একো নাই আৰু আচলতে এইয়া চৰকাৰৰ এক চক্ৰান্ত হয় ।
যিসময়ত ক'ৰণা ভাইৰাছ ৰোগত ভূগি হাজাৰ হাজাৰ মানুহ মৰিছে, সেই সময়ত এনে ধৰণৰ ভিডিঅ' ভাইৰেল হোৱাৰ ফলত চাঞ্চল্যৰ সৃষ্টি হৈছে । এই বিষয়ে সত্যতা জানোঁ আহক ।
প্ৰণালী
আমি এই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ অফিচিয়েল ৱেবচাইটত চাৰ্ছ কৰিলোঁ আৰু ক'ৰনা ভাইৰাছ ৰোগ যে সঁচাকৈ হৈছে আৰু ইয়াৰ বিভিন্ন বিষয়ৰ ওপৰত বিস্তাৰিত ভাৱে লিখনি পঢ়িবলৈ পালোঁ । ইয়াত পঢ়ক।
ঠিক সেইদৰেই ক'ৰণা ভাইৰাছৰ বিষয়ে ভাইৰেল হোৱা বিভিন্ন উৰা বাতৰি আমি ইয়াত পঢ়িবলৈ পাইছোঁ ।
আমি গুগল চাৰ্ছ কৰি দেখিলোঁ যে ভিডিঅ'টোত ল'ৰাজনে ক'ৰণা ভাইৰাছ বুলি একো নাই আৰু আচলতে এইয়া চৰকাৰৰ এক চক্ৰান্ত হয় বুলি দাবী কৰাৰ দৰে বাতৰি বা লিখনি আৰু ক'তো প্রকাশ হোৱা নাই ।
ফলাফল
ক'ৰণা ভাইৰাছ বুলি একো নাই আৰু আচলতে এইয়া চৰকাৰৰ এক চক্ৰান্ত হয় বুলি দাবী কৰা ভিডিঅ'টো সম্পূৰ্ণ ভুৱা হয় আৰু জনসাধাৰণক অনাহকত বিপথে পৰিচালিত কৰিছে ।
Title:ক'ৰণা ভাইৰাছ বুলি একো নাই আৰু আচলতে এইয়া চৰকাৰৰ এক চক্ৰান্ত হয় নেকি?
Fact Check By: Manjori BorkotokyResult: False