
অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।
পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।
Original Link- Facebook | Archived Link | Original Link- Facebook | Archived Link | Original Link- Facebook | Archived Link |
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই দাবীটো আংশিকভাৱে মিছা। বাইডেন-হেৰিছ ট্ৰানজিশ্বনৰ দ্বাৰা যোৱা শুকুৰবাৰে ঘোষণা কৰা মতে ফজিলিক আচলতে হোৱাইট হাউচৰ নেশ্বনেল ইক’নমিক কাউঞ্চিলৰ ডেপ্যুটি ডিৰেক্টৰ হিচাপেহে নিযুক্তি দিয়া হৈছে।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি কিছু প্ৰাসংগিক শব্দৰে গুগল ছাৰ্ছ কৰি চালো আৰু ফজিলিক হোৱাইট হাউচৰ নেশ্বনেল ইক’নমিক কাউঞ্চিলৰ ডেপ্যুটি ডিৰেক্টৰ হিচাপে নিযুক্তি দিয়া কেইবাটাও বাতৰি লাভ কৰিলো। তলত লিংকসমুহ দিয়া হৈছে।
Original Link- NDTV | Archived Link | Original Link- Zee News | Archived Link | Original Link- Economic Times | Archived Link |
আমি তদুপৰি জানিব পাৰিলো যে ফজিলি বৰ্তমান বাইডেন-হেৰিছ ট্ৰানজিশ্বনৰ ইক”নমিক এজেঞ্চি লীড হিচাপে কৰ্মৰত। ফজিলী ইতিপূৰ্বে ফেডেৰেল ৰিজাৰ্ভ বেংক অৱ আটলান্টাত ডিৰেক্টৰ অৱ এনগেজমেন্ট ফৰ কম্যুনিটী এণ্ড ইক’নমিক ডেভলে’পমেন্টৰ সঞ্চালক হিচাপে কৰ্মৰত আছিল।
Original Link- Wikipedia | Archived Link
ফজিলি হৈছে দ্বিতীয়গৰাকী কাশ্মীৰ মূলৰ ভাৰতীয় আমেৰিকান,যাক বাইডেন প্ৰশাসনে এক গুৰুত্বপূৰ্ণ পদবী প্ৰদান কৰিছে।যোৱা ডিচেম্বৰত আয়েশ্বা শ্বাহক হোৱাইট হাউচত ডিজিটেল ষ্ট্ৰেটেজীৰ পাৰ্টনাৰশ্বিপ মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল।
ইয়াৰ পিছত আমি এনইচিৰ সঞ্চালক হিচাপে কাকনো নিযুক্তি দিয়া হৈছে,সেই সম্পৰ্কে বাতৰিৰ সন্ধান কৰিলো আৰু জানিব পাৰিলো যে ব্ৰায়ান ডীজক এই পদত অধিস্থিত কৰা হৈছে।
Original Link- New York Times | Archived Link
সিদ্ধান্ত
আমি জানিব পাৰিলো যে কাশ্মীৰ মূলৰ সমীৰা ফজিলিক হোৱাইট হাউচৰ নেশ্বনেল ইক’নমিক কাউঞ্চিলৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া কথাটো আংশিক ভাৱে মিছা। তেওঁক সহকাৰী সঞ্চালক হিচাপেহে নিযুক্তি দিয়া হৈছে। ব্ৰায়ান ডীজক হে সঞ্চালক পদটো দিয়া হৈছে।

Title:কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই
Fact Check By: Manjori BorkotokyResult: Partly False