
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত পাঁচশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু লাখতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে এক বিশেষ বাতৰিৰ স্ক্ৰিনশ্বট য’ত দাবী কৰা হৈছে যে চীন চৰকাৰে নিজৰ দেশৰ সৰ্বোচ্চ কোৰ্ট, ছুপ্ৰীম কোৰ্টৰ ওচৰত আবেদন কৰিছে যে তেওঁলোকক ক’ৰনা ভাইৰাছত আক্রান্ত ২০০০০ নাগৰিকক হত্যা কৰিবলৈ অনুমতি দিব লাগে যাতে ভয়াবহ ৰোগটো বিয়পাৰ গতি ৰোধিব পৰা যাই । বাতৰিটোৰ স্ক্ৰিনশ্বটত লিখা আছে যে চীন চৰকাৰে কোৰ্টক আৰু জনাইছে যে চীন দেশে নিজৰ চিকিৎসা কৰ্মী সকলক ক’ৰনা ভাইৰাছ ৰোগত হেৰুৱাব ধৰিছে আৰু প্ৰত্যেকদিনা কমেও ২০জন চিকিৎসা কৰ্মীলৈ এই ৰোগ সংক্ৰমণ হব ধৰিছে ।
সঁচাকৈ চীন চৰকাৰে এনে ধৰণৰ আবেদন কৰিছে নেকি? বাতৰিটোৰ সত্যতা সম্পৰ্কে বিচাৰ কৰোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ভাইৰেল হোৱা স্ক্ৰিনশ্বটৰ পৰা বাতৰিটোৰ শিৰোনামা গুগলত চাৰ্ছ কৰিলোঁ আৰু আচল বাতৰিটোৰ ৱেবলিংক বিচাৰি পালোঁ । ‘ab-tc.com/চিটি নিউজ‘ নামৰ এটা ৱেবছাইটত প্ৰকাশ পোৱা বাতৰিটোত অকল স্থানীয় সংবাদদাতা বুলি লিখকৰ পৰিচয় দিয়া আছে আৰু কোনো সংবাদদাতাৰ প্ৰকৃত নাম দিয়া হোৱা নাই ।

ৱেবচাইটটোৰ লগত কোন জড়িত সেইয়া কোনো নিৰ্দিষ্ট ভাৱে দিয়া হোৱা নাই । লিখনিটো নিউজ ৰিপৰ্ট হয় নে কোনো ব্যঙ্গ লিখনি হয়, সেইয়াও ইয়াত দিয়া নাই । লগতে আমি লিখিনিটোত কেইবাটাও বানান ভুল চকুত পৰিল যি এক প্ৰকৃত নিউজ ৱেবচাইটৰ ক্ষেত্ৰত সাধাৰণতে নহয় ।

ইয়াৰ পাছত আমি এই বিষয়ে কিছুমান বিশেষ কীৱৰ্ডছ ব্যবহাৰ কৰি গুগলত উক্ত বাতৰিটোৰ সন্দৰ্ভত আৰু চাৰ্ছ কৰিলোঁ । আমি এটাও নিউজ গোষ্ঠীৰ বাতৰি দেখা নাপালোঁ য’ত ৰিপৰ্ট কৰা হৈছে যে চীন চৰকাৰে নিজৰ দেশৰ ছুপ্ৰীম কোৰ্টৰ ওচৰত আবেদন জনাইছে যে চৰকাৰক ক’ৰনা ভাইৰাছত আক্রান্ত ২০০০০ চীনা নাগৰিকক হত্যা কৰিবলৈ অনুমতি দিব লাগে যাতে ভয়াবহ ৰোগটো বিয়পাৰ গতি ৰোধিব পৰা যাই ।
আমি আৰু চাৰ্ছ কৰি পালোঁ যে উক্ত ৱেবচাইটটোৱে আগতেও এনে ধৰণৰ ভুৱা বাতৰি প্ৰকাশ কৰাৰ ৰেকৰ্ড আছে । এই সম্পৰ্কে পঢ়ক ইয়াত ।

ইয়াৰ উপৰিয়ো চিংগাপুৰ চৰকাৰে যোৱা জানুৱাৰী ৩০, ২০২০ তাৰিখে এই ab-tc.com নামৰ ৱেবচাইটটোৱে প্রকাশ কৰা আন এক বাতৰিৰ সম্পৰ্কে নিজৰ অফিচিয়েল ৱেবচাইটত এক স্পষ্টীকৰণ দিছিল আৰু উক্ত ৱেবচাইটটোৱে প্ৰকাশ কৰা বাতৰিটো ভুৱা বুলি উল্লেখ কৰিছিল । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত ।

ইয়াৰ ওপৰিয়ো চীনৰ ছুপ্ৰীম পিপুলছ কোৰ্টৰ অফিচিয়েল ৱেবছাইটত আমি এই সম্পৰ্কে কোনো ধৰণৰ তথ্য দেখা নাপালোঁ ।

ফলাফল
চীন চৰকাৰে ক’ৰনা ভাইৰাছত আক্রান্ত ২০০০০ চীনা নাগৰিকক হত্যা কৰিবলৈ অনুমতি দিব লাগে বুলি নিজৰ দেশৰ ছুপ্ৰীম কোৰ্টৰ ওচৰত আবেদন জনাইছে বুলি প্ৰচাৰ হোৱা বাতৰিটোৰ কোনো সত্যতা নাই আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰিবলৈ এনে ধৰণৰ উৰা বাতৰি প্ৰচাৰ কৰা হৈছে ।

Title:চীন চৰকাৰে ক’ৰনা ভাইৰাছত আক্রান্ত ২০০০০ নাগৰিকক হত্যা কৰিবলৈ অনুমতি দিবলৈ ছুপ্ৰীম কোৰ্টৰ ওচৰত আবেদন জনাইছে নেকি?
Fact Check By: Manjori BorkotokyResult: False