Fact Check: কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।
অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কৰ্নাটকাৰ জেএমএম মেডিকেল কলেজৰ ১৭গৰাকী মহিলা অধ্যাপকে গোৱালৈ এক ভ্ৰমন কৰাৰ সময়ত বাংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্নাটকাৰ ডেভাংগেৰে জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হৈছে।
Original Link- Facebook | Archived Link
আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা লিংক প্ৰেৰণ কৰি এইকথাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে। Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে এই খবৰ বিভ্ৰান্তিকৰ।
সত্যতা নিৰূপন পদ্ধতি
প্ৰথমে আমি ভাইৰেল পোষ্টৰ সৈতে সংলগ্ন ফটো লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি কিছুমান বাতৰি লাভ কৰিলো যত কৰ্নাটকাৰ ধাৰৱাড় জিলাৰ হুব্বালী-ধাৰৱাড় বাইপাছত সংঘটিত এক দুৰ্ঘটনাৰ কথা কোৱা হৈছে।
Original Link- Times of India | Archived Link
কৰ্নাটকাৰ দেৱনাগৰেস্থিত চেইন্ট পলছ কনফেন্টৰ ১৭গৰাকী প্ৰাক্তন ছাত্ৰী এখন গাড়ীৰে গোৱালৈ গৈ থকাৰ সময়ত যোৱা শুকুৰবাৰ, ১৫জানুৱাৰীত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এগৰাকী চিকিৎসককে ধৰি ৯গৰাকী মহিলা নিহত হৈছে। সেই মহিলাসকল আছিল বিদ্যালয়ৰ সহপাঠী আৰু তেওঁলোকে এক বাৰ্ষিক প্ৰাক্তন ছাত্ৰী সন্মিনলৰ বাবে পুনৰ মিলিত হৈছিল।
Original Link- New Indian Express | Archived Link
বাতৰি সমুহ পঢ়ি চাই আমি গম পালো যে তেওঁলোকৰ ভিতৰত একমাত্ৰ চিকিৎসক আছিল জেএমএম মে়ডিকেল কলেজৰ প্ৰসুতিৰোগ বিশেষজ্ঞ ডা. বীনা প্ৰকাশ।
আমি প্ৰাসংগিক শব্দ লৈ ছাৰ্চ কৰি চালো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫জানুৱাৰীত সেই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰি কৰা এটা টুইট পোষ্ট পালো।
Original Link- Twitter | Archived Link
ফলাফল
গতিকে, এইটো স্পষ্ট যে কৰ্নাটকাৰ ৰাজপথত ১৭গৰাকী মহিলা চিকিৎসক দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি কৰা দাবীটো বিভ্ৰান্তিকৰ। সেই মহিলাসকল দেৱনাগৰেৰ চেইন্ট পলছ কনভেন্ট স্কুলৰ প্ৰাক্তন সহপাঠীহে আছিল আৰু তেওঁলোকৰ ভিতৰত এগৰাকী চিকিৎসকক ধৰি ৯গৰাকীৰ মৃত্যু ঘটিছে।
Title:কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।
Fact Check By: Manjori BorkotokyResult: Misleading