শেহতীয়াকৈ অসমত কিছু বিশেষ ছবি হোৱাটছএপৰ যোগেদি ভাইৰেল হৈ পৰিছে । ভাইৰেল ছবিবোৰত দেখা গৈছে এক সেউজীয়া কৃমি প্ৰকৃতিৰ পোক আৰু লগতে এজন লোকৰ মৃতদেহ দেখা গৈছে । দাবী কৰা হৈছে যে এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকজনৰ মৃত্যু হৈছে ।

আমালৈ আমাৰ হোৱাটচ‌এপ নম্বৰতও উক্ত ভাইৰেল ফটো সম্বলিত দাবী সত্যতা নিৰূপণৰ বাবে পঠোৱা হৈছে। Archived Link

হোৱাটচ‌এপ বাৰ্তাটোত লিখিছে – 'যদি আপোনাৰ ওচৰে পাজৰে কোনোবা কৃষক আছে, তেন্তে তেওঁলোকক এই খবৰটো পঠাওক যাতে তেওঁলোকে পথাৰলৈ যাওঁতে সাৱধান হয় । এই পোকটোৱে কামুৰিলে মানুহ মৃত্যু মুখত পৰিব পাৰে ।'

আমি এই সম্পৰ্কে অনুসন্ধান কৰি সত্যতা নিৰূপণ কৰিবলৈ ঠিৰাং কৰিলো ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল বাৰ্তাটোত থকা মৃত লোকসকলৰ ছবি আমি গুগুলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ । ফলত আমি উক্ত ফটো সম্বলিত এক ইউটিউব ভিডিঅ’ বাতৰি বিচাৰি পালোঁ । ভাইৰেল ফটোবোৰ আচলতে মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা দুজন পিতৃ-পুত্ৰৰ বুলি বাতৰিত উল্লেখ আছে।

এই ভিডিঅ'টো বহু মাৰাঠী মিডিয়াই প্ৰকাশ কৰিছিল। যিটো আপুনি ইয়াত, ইয়াত, ইয়াত চাব পাৰে।

মহাৰাষ্ট্ৰ টাইমছত প্ৰকাশিত খবৰ অনুসৰি আবা চাৱনে পত্নী আৰু পুত্ৰৰ সৈতে গোবৰ প্ৰয়োগ কৰিবলৈ পথাৰলৈ গৈছিল।

ইফালে দুপৰীয়া প্ৰায় দুই বজাত হঠাৎ বৰষুণ দিবলৈ ধৰিলে। আবা চাৱনে নিজৰ পত্নী আৰু পুত্ৰৰ সৈতে পথাৰত এজোপা গছৰ তলত থিয় হৈ থকাৰ সময়তে হঠাতে গছজোপাত বিজুলীৰ আঘাত লাগিল ।

এই ঘটনাত আবা চাৱন আৰু তেওঁৰ পুত্ৰ দীপক চাৱনৰ থিতাতে মৃত্যু হয়, আনহাতে তেওঁৰ পত্নীয়ে ঘটনাটোৰ পৰা ৰক্ষা পৰে।

বাতৰি অনুসৰি ততাতৈয়াকৈ চলিছগাঁও তালুকাৰ বিধায়ক মংগেশ চাৱনে সেই স্থান পৰিদৰ্শন কৰে। পৰিয়ালটোৰ আগত শোক প্ৰকাশ কৰি তেওঁ পৰিয়ালটোক ৮ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। এই বাতৰিটো ইয়াত আৰু ইয়াতো পঢ়িব পাৰিব।

আমি চালিছগাঁৱৰ উপ পৰিদৰ্শক সঞ্জয় সিঙৰ সৈতে যোগাযোগ কৰিলোঁ, তেওঁ আমাক স্পষ্ট কৰি দিলে যে ভাইৰেল খবৰটো একেবাৰে মিছা। বজ্ৰপাতৰ বাবে পিতৃ পুত্ৰৰ মৃত্যু হৈছে। ইয়াৰ সাক্ষী হৈছে তেওঁৰ পত্নী, যি ঘটনাটোৰ পৰা ৰক্ষা পৰে।

এই পোকে কামোৰাৰ ফলত মৃত্যু হয় নেকি?

তদন্তত আগবাঢ়ি গৈ আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ ব্যৱহাৰ কৰি ভাইৰেল বাৰ্তাটোত দেখা কৃমিটোৰ ফটোখন সন্ধান কৰিলো। সন্ধানৰ ফলাফলত আমি Doordarshan News Andhra ৰ টুইটাৰত এই ফটোখন পাইছিলোঁ। য’ত স্পষ্ট কৰা হৈছে যে ভাইৰেল বাৰ্তাটো ভুৱা। তাত লিখা আছে, "হোৱাটছএপ গ্ৰুপত ভাইৰেল হৈ আছে এটা পোষ্ট। কোৱা হৈছে যে বিষাক্ত পোকে কামোৰাৰ ফলত ৫ মিনিটৰ ভিতৰত যিকোনো ব্যক্তিৰ মৃত্যু হ’ব। কৃষি বিজ্ঞান কেন্দ্ৰই স্পষ্ট কৰি দিয়ে যে এইটো এটা ভুৱা পোষ্ট।"

গুগলত এই পোকবিধৰ ৰিভাৰ্ছ ইমেজ চাৰ্চৰ পাছত বহুতো খবৰ ওলাইছিল । ProjectNoah নামৰ এটা ৱেবচাইটৰ মতে, এই পোকটোৰ দৈৰ্ঘ্য ৩-৪ চে.মি. ইয়াৰ কামোৰ বা স্পৰ্শ কৰিলে শৰীৰত কেৱল খজুৱতি বা জ্বলা-পোৰা হয়, ই মৃত্যুৰ কাৰণ নহয়। ইয়াক স্লাগ কেটাৰপিলাৰ বোলা হয়।

এই পোকবোৰ বেছিকৈ চুপাৰি আৰু ফলৰ বাগিচাত পোৱা যায়। খবৰ অনুসৰি এই কৃমিটো নিশ্চিতভাৱে বিষাক্ত যদিও মাৰাত্মক নহয়

আমি স্থানীয় কৃষি বিভাগত এই কৃমিটোৰ বিষয়ে সোধা-পোছা কৰিলোঁ, য’ত তেওঁলোকে আমাক স্পষ্ট কৰি দিলে যে এই কৃমিটোৱে বিশেষ ক্ষতি নকৰে। ই এক সৰ্বভোজী প্ৰকাৰৰ পোক। বিশেষকৈ কেষ্টাৰ, আম, কল, ডালিম, ছাইট্ৰাছ ফল, অন্যান্য ফলমূল গছ, থলুৱা আলমণ্ড, ওক, চাহ, কফি, আলংকাৰিক উদ্ভিদ, ঠাৰি আদি উদ্ভিদত ইয়াক পোৱা যায়।

মাৰাথৱাড়া কৃষি বিশ্ববিদ্যালয়ৰ পতংগ বিজ্ঞানী ডাঃ বসন্ত্ৰাও নায়কে এক প্ৰতিবেদনত এই পোকৰ পৰা পথাৰখন ৰক্ষা কৰিবলৈ কীটনাশক দ্ৰব্য স্প্ৰে কৰাৰ পৰামৰ্শ দিছে।

হোৱাটছএপত ভাইৰেল ফটোবোৰৰ সৈতে যি দাবী কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা বুলি স্পষ্ট।

ফলাফল

তথ্য পৰীক্ষা কৰাৰ পিছত আমি দেখিলোঁ যে ভাইৰেল ফটোবোৰৰ সৈতে কৰা দাবীটো মিছা। ভাইৰেল ছবিখনত দেখা পোৱা পোকবোৰৰ বাবে নহয়, বজ্ৰপাতৰ বাবে পিতৃ-পুত্ৰৰ মৃত্যু হৈছিল । এই পোকবিধ স্পৰ্শ কৰিলে ছালৰ সমস্যা হয়, কিন্তু মৃত্যু নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পথাৰত এই অদ্ভুত দেখাত পোকটোৱে কামোৰাৰ ফলত কৃষকৰ মৃত্যু হৈছে নেকি?

Fact Check By: Manjori Borkotoky

Result: False