সঁচাকৈ ক'ৰনা ভাইৰাছ অসম পালেহি নেকি?
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক'ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এশজনতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক'ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে এক বাতৰি অসমত বিয়পি পৰিছে যে ক'ৰনা ভাইৰাছ অসমত আহি পালেহি আৰু ইতিমধ্যে এজন অসমীয়া এই ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি আছে ।
অসমীয়া প্ৰতিদিন নামৰ এক নিউজ গোষ্ঠীৰ ৱেবছাইটত এই বিষয়ে এক বাতৰি প্ৰকাশ হৈছে আৰু উক্ত বাতৰিটো শ্বেয়াৰ কৰি ক'ৰনা ভাইৰাছ অসম আহি পালেহি বুলি বিভিন্নজনে ফেচবুকত এই বাতৰিটো ভাইৰেল কৰি তুলিছে ।
উক্ত বাতৰিটো ফেব্ৰুৱাৰী ২, ২০২০ তাৰিখে ফেচবুকত আপলোড কৰা হৈছে আৰু এতিয়ালৈকে ৬৪৪ বাৰ শ্বেয়াৰ কৰা হৈছে । "ক'ৰনা ভাইৰাছ অসম পালেহি..." বুলি বাতৰিটোৰ শিৰোনামা দিয়া হৈছে ।
ঠিক সেইদৰে প্ৰাগ নিউজ নামৰ নিউজ গোষ্ঠীৰ ইউটিউব চেনেলত এই বিষয়ে এক বাতৰি প্ৰকাশ পাইছে । ফেব্ৰুৱাৰী ২, ২০২০ তাৰিখে প্ৰকাশ পোৱা এই ভিডিঅ' নিউজটোৰ শিৰোনামা "ক'ৰনা ভাইৰাছ অসম পালেহি..." বুলি দিয়া হৈছে ।
সঁচাকৈ ক'ৰনা ভাইৰাছ অসম পালেহি নেকি? সঁচাকৈ অসমৰ কোনোবা এই ৰোগত আক্ৰান্ত হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি ভাইৰেল হোৱা বাতৰিটো ভালকৈ পঢ়িলোঁ আৰু দেখিলোঁ যে যদিয়ো বাতৰিটোৰ শিৰোনামাত দিয়া হৈছে যে 'ক'ৰনা ভাইৰাছ অসম পালেহি...', বাতৰিটোৰ ভিতৰত কিন্তু লিখা হৈছে যে এজন ৰোগীক সন্দেহবশত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ক'ৰনা ভাইৰাছ বুলি বৰ্তমানো নিশ্চিত হোৱা নাই । বহুতোলোকে বাতৰিটো ভালকৈ পঢ়ি চোৱা নাই বৰঞ্চ ভ্ৰান্তিজনক শিৰোনামাটো পঢ়িয়েই 'ক'ৰনা ভাইৰাছ অসম পালেহি' বুলি শ্বেয়াৰ কৰিছে ।
ইয়াৰ পাছত আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু এই বিষয়ে প্ৰকাশ পোৱা দুটা বাতৰি দেখা পালোঁ ।
প্ৰথমটো বাতৰি ৰাষ্ট্ৰীয় নিউজ পেপাৰ ডেক্কান হেৰাল্ডত ফেব্ৰুৱাৰী ২, ২০২০ তাৰিখে প্ৰকাশ হৈছিল য'ত স্পষ্টকৈ লিখা আছে যে অসম চৰকাৰে সকলো নাগৰিককে আশ্বাস দিছে যে অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা নাই । এই বিষয়ে বিতংভাৱে পঢ়ক ইয়াত ।
দ্বিতীয়টো বাতৰি ৰাষ্ট্রীয় নিউজ গোষ্ঠী টাইমছ অফ ইণ্ডিয়াৰ ৱেবছাইটত প্ৰকাশ পাইছে য'ত অসম চৰকাৰৰ উদ্ধৃতি দি লিখা হৈছে যে অসমত ক'ৰনা ভাইৰাছৰ ৰোগত কোনো আক্ৰান্ত হোৱা নাই । এই বিষয়ে বিতংভাৱে পঢ়ক ইয়াত ।
এই বিষয়ে আৰু নিশ্চিত হবলৈ আমি গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলৰ মুৰব্বী ডাঃ ৰমেন তালুকদাৰৰ সৈতে যোগাযোগ কৰিলোঁ আৰু তেখেতে আমাৰ আগত নিশ্চিত কৰিলে যে কোনো ক'ৰনা ভাইৰাছত আক্রান্ত ৰোগী হস্পিটেলখনত ভৰ্তি হৈ থকা নাই । এজন ৰোগী সন্দেহবশত পৰ্যবেক্ষণত ৰখা হৈছিল কিন্তু পাছত গম পোৱা গ'ল যে তেওঁৰ আই ওলাইছে, তেওঁ ক'ৰনা ভাইৰাছত আক্ৰান্ত নহয় ।
ফলাফল
বৰ্তমানলৈকে অসমত কোনো ক'ৰনা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই আৰু এজন এজন ৰোগী সন্দেহবশত পৰ্যবেক্ষণত ৰখা হৈছিল কিন্তু পাছত গম পোৱা গ'ল যে তেওঁ ক'ৰনা ভাইৰাছত আক্ৰান্ত নহয় । ভাইৰেল বাতৰিটোৰ ভ্ৰান্তিজনক শিৰোনামায়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।