শেহতীয়াকৈ ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত আফগানিস্তানৰ বিৰুদ্ধে দল অষ্ট্ৰেলিয়াই অলৌকিকভাৱে জয়লাভ কৰিছিল।এটা সময়ত অষ্ট্ৰেলিয়াৰ বাবে লক্ষ্যত উপনীত হোৱাটো অসম্ভৱ যেন লাগিছিল যদিও গ্লেন মেক্সৱেলৰ দ্বৈত শতকেৰে অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেলত স্থান নিশ্চিত হৈছিল।

এই পটভূমিত গ্লেন মেক্সৱেলে শচীন টেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে জয়ৰ পিছত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে শচীন টেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰিছিল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি জানিবলৈ চেষ্টা কৰিলোঁ যে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ খেলৰ সময়ত শচীন টেণ্ডুলকাৰ ষ্টেডিয়ামত উপলব্ধ আছিল নেকি। গুগলত এটা প্ৰাসংগিক কীৱৰ্ড সন্ধানৰ ফলত ই এছ পি এনক্ৰিচিনফ’ ৱেবছাইটত এটা ভিডিঅ’ দেখা গ’ল। এই ভিডিঅ'টোত আমি দেখিলোঁ শচীন টেণ্ডুলকাৰে আফগানিস্তানৰ দলৰ সৈতে মত বিনিময় কৰিছিল ভাইৰেল ফটোখনত পিন্ধা একে পোছাক পিন্ধি। লগতে আমি শুনিছিলো ৰছিদ খানে শচীন টেণ্ডুলকাৰক লগ পোৱাৰ অভিজ্ঞতাৰ সাক্ষ্য দিছিল।

সেয়েহে স্পষ্ট হৈ পৰিছে যে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ খেলৰ সময়ত শচীন টেণ্ডুলকাৰ ষ্টেডিয়ামত উপলব্ধ আছিল।

মেক্সৱেলে শচীনৰ ভৰি চুইছিল নেকি?

এই বিষয়ে জানিবলৈ আমি হটষ্টাৰ ৱেবছাইটত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত খেলা গোটেই মেচখনৰ পুনৰাবৃত্তি পাইছিলোঁ। ৯.৪৫ ঘণ্টাৰ টাইমষ্টেম্পত আমি মেচখনৰ অন্ত দেখিবলৈ পাওঁ যেতিয়া মেক্সৱেলে ছয় মাৰি খেলখন শেষ কৰে।

এই সময়ছোৱাত আমি মেক্সৱেলক টুপী পিন্ধি খেলা দেখিবলৈ পাওঁ। কিন্তু ভাইৰেল ছবিখনত মেক্সৱেলক শচীনৰ ভৰি স্পৰ্শ কৰাৰ সময়ত হেলমেট পিন্ধা দেখা গৈছে। বাকী ভিডিঅ’টোত মেক্সৱেলক হেলমেট পিন্ধি থকা দেখা পোৱা নগ’ল। ইয়াৰ ফলত আমাৰ সন্দেহৰ সৃষ্টি হ’ল।

https://www.hotstar.com/in/sports/cricket/icc-mens-cricket-world-cup-2023/993/replay-m39-aus-vs-afg/1540025278/replay/watch?filters=content_type%3Dsport_replay

তলত তুলনাত্মক ছবি চাব পাৰিব।

আমি গেটী ইমেজ ৱেবছাইটত আফগানিস্তান দলৰ সৈতে কথা পাতি থকা শচীন টেণ্ডুলকাৰৰ এখন ফটো পালোঁ।

আমি দেখিলোঁ যে শচীনৰ শৰীৰৰ ভংগীমা, অভিব্যক্তি, পোছাকৰ ভাঁজ ভাইৰেল ফটোৰ সৈতে একে। তলত তুলনাটো চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে মেক্সৱেলে শচীনৰ ভৰি স্পৰ্শ কৰা কোনো ঘটনা ঘটা নাছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰি যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। দাবী কৰাৰ নিচিনাকৈ গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গ্লেন মেক্সৱেলে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰা নাছিল।

Written By: Debanjana Baishya

Result: Altered