'চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত নিৰ্মান কৰা নাছিল!
শেহতীয়াকৈ এক বিশেষ বাৰ্তা বা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি 'চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত বনাইছিল যি ট্ৰেইনৰ লাইনত স্কেটিং কৰি থাকোঁতে এখন ট্ৰেইনে মহতিয়াই লৈ যোৱাৰ ফলত মৃত্যু মুখত পৰিছিল । উক্ত বাৰ্তাটো সঁচা বুলি বহুল ভাৱে প্ৰচাৰ হৈছে ।
কিন্তু সঁচাকৈ জানোঁ 'চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত বনাইছিল? সঁচাকৈ এই দূৰ্ভগীয়া পুত্ৰৰ ট্ৰেইনৰ খুন্দাত অকাল মৃত্যু হৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি প্ৰথমেই এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যবহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু এই বিষয়ে 'চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো নিৰ্মান কৰা কোম্পানীটোৰ এক টুইট দেখা পালোঁ । চাইব' গে'মছ নামৰ কোম্পানীটোৱে স্পষ্ট কৰিছে যে উক্ত গে'মটো তেওঁলোকে 'ষ্ট্ৰিট কালচাৰ' আৰু বিচিত্ৰতাক শ্ৰদ্ধা জনাবলৈ বনাইছিল । ইয়াৰ ফলত স্পষ্ট হৈ পৰিছে যে উক্ত গে'মটোৰ কোনো বাপেক-পুতেকৰ ট্ৰেজিক কাহিনীৰ লগত কোনো সম্পৰ্ক নাই ।
উক্ত গে'মটোৰ আঁৰৰ কাহিনী জানিবলৈ আমি আৰু গুগল চাৰ্চ কৰাত এক বিশেষ ইউটিউব ভিডিঅ' আমাৰ চকুত পৰিল । উক্ত ভিডিঅ'টোত চাইব' গে'মছৰ চিইঅ'য়ে 'চাবৱে চাৰ্ফাৰ' 'ষ্ট্ৰিট কালচাৰ' আৰু বিচিত্ৰতাক শ্ৰদ্ধা জনাবলৈ কিদৰে বনোৱা হৈছিল তাৰ বাখ্যা কৰিছে । উক্ত ভিডিঅ'টোতও ক'তো এই গে'মটোৰ এহাল বাপেক-পুতেকৰ ট্ৰেজিক কাহিনীৰ লগত কোনো সম্পৰ্ক আছে বুলি কোৱা আমাৰ চকুত নপৰিল ।
ফলাফল
উক্ত ভাইৰেল বাৰ্তাটো ভুৱা হয় । চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত নিৰ্মান কৰা নাছিল । এই গে'মটোৰ এহাল বাপেক-পুতেকৰ ট্ৰেজিক কাহিনীৰ লগত কোনো সম্পৰ্ক আছে বুলি কোনো তথ্য আমাৰ চকুত নপৰিল ।
Title:'চাবৱে চাৰ্ফাৰ' নামৰ জনপ্ৰিয় মোবাইল গে'মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত নিৰ্মান কৰা নাছিল!
Fact Check By: Manjori BorkotokyResult: False