FACT CHECK: এইগৰাকী হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ নেতা নহয়!
এজন মুছলমান লোকে অসমত হিন্দুলোকক গনহত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰা দুখন ফটোৰে সৈতে এটা টুইটাৰ পোষ্টৰ স্ক্ৰিণশ্বট ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈ আছে। একেই স্ক্ৰিণশ্বটটোৱেই আমাৰ ফেক্টলাইন নম্বৰলৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল। এখন ফটোত হাতকেৰেয়া লগোৱা এজন লোকক দেখা গৈছে আৰু আনখন ফটোত গুলি আৰু গ্ৰেনেড এসোপামান দেখা দৈছে।
টুইটাৰ স্ক্ৰিণশ্বটোত লিখা আছিল -"#असम के कांग्रेस नेता अमजात अली सेब की पेटी में हथियार और गोलियां के साथ हिरासत में। काफिरो को मारने का कर रहा था प्लान। पुलिस ने दबोचा।।
इनकी पूरी तैयारी है #हिंदुओ" তাৰ অনুদিত ৰূপ হৈছে, " অসমৰ কংগ্ৰেছ নেতা আমজাত আলীয়ে আপেলৰ বাকছত অস্ত্ৰ আৰু গুলি ভৰাই অনাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে। তেওঁ কাফিৰসকলক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিছে।হিন্দুসকল, তেওঁলোক সাজু হৈছে।"
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলে যে ভাইৰেল হোৱা দাবীটো মিছা। শেহতীয়া সময়ত কোনো কংগ্ৰেছ নেতাকে অস্ত্ৰৰে সৈতে আৰক্ষীয়ে কৰায়ত্ব কৰা নাই। স্ক্ৰিণশ্বটত থকা ফটোকেইখন পুৰণি আৰু সেইবোৰ বাংলাদেশ আৰু কাশ্মীৰৰ হে।
সত্যতা নিৰূপন পদ্ধতি
সৰ্বপ্ৰথমে আমি দুয়োখন ফটো ভালদৰে নিৰিক্ষন কৰিলো। ফটোত দেখুওৱাৰ পৰিৱৰ্তে অসম আৰক্ষীৰ ইউনিফৰ্ম নীলা নহয়, খাকী বৰণৰ হে।
Left: Bangladesh Police, Original Photo- DW News | Right: Assam Police, Original Photo- News Live
ইয়াৰ পিছত এজন অফিচাৰৰ ফটোখন ক্ৰপ কৰি আনি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো। আমি দেখিলো যে বিষয়াগৰাকীয়ে পিন্ধি থকা ইউনিফৰ্মজোৰৰ সাদৃশ্য বাংলাদেশৰ আৰক্ষীৰ বিষয়াসকলৰ ইউনিফৰ্মৰ সৈতে আছে। লোগোটো যদিও ফটোখনত ইমান স্পষ্টকৈ নাই তথাপিও সেই লোগোটোৰ সাদৃশ্যও বাংলাদেশ আৰক্ষীৰ লোগোৰ সৈতে আছে।
তাৰ পিছত প্ৰাসংগিক কেইটামান শব্দ লৈ আমি গুগল চাৰ্ছ কৰি চালো যে অসমত তেনেকুৱা কিবা গ্ৰেপ্তাৰৰ ঘটনা ঘটিছে নেকি কিন্তু আমি তেনেকুৱা ধৰণে অস্ত্ৰৰে সৈতে কোনো কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ হোৱা বাতৰি লাভ নকৰিলো।
পৰৱৰ্তী অনুসন্ধানে স্পষ্ট কৰি দিলে যে অসমত আমজাত আলী নামৰ কোনো খ্যাতিমান কংগ্ৰেছ নেতা নাই।
তাৰ পিছত আমি দুয়োখন ফটোৰেই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। আমি পালো যে হাতত হাতকেৰেয়া বন্ধা সেই ব্যক্তিগৰাকীৰ সেই ফটোখন দুই বছৰৰো আগৰ আৰু বাংলাদেশৰ। ২০১৮চনৰ মে মাহত সেই একেখন ফটোৰেই কেইবাটাও বাতৰি বাংলাদেশত প্ৰকাশ আৰু প্ৰচাৰ হৈছিল।
Screenshot, article, Bangla Sangbad
Original Link- Bangla Sangbad | Archived Link.
বাতৰিসমুহ অনুসৰি ফটোত দেখা মানুহজন হৈছে বাংলাদেশৰ মৈমনসিংহৰ ত্ৰিশাল উপজিলাৰ এখন স্থানীয় মাদ্ৰাছাৰ শিক্ষক যাক এগৰাকী নাবালিকাক যৌন অতিশয্য চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত সেই নাবালিকাই আত্মহত্যা কৰিছিল। Original Link- Dainik Eai Bangla | Archived Link
দ্বিতীয় ফটোখন, যত আপেলৰ মাজত গুলি আৰু গ্ৰেনেড এসোপামান দেখা গৈছিল, ২০১৮ চনৰ ২৯ অক্টোবৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা আপলোড কৰা হৈছিল আৰু তাত লিখা আছিল যে শ্ৰীনগৰৰ দাঁতি কাষৰীয়া অঞ্চলত এক গুলীয়াগুলী সংঘৰ্ষ হয়। তিনিজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰে এজন আহত। অস্ত্ৰ সস্ত্ৰ জব্দ কৰা হৈছে আৰু তদন্ত আৰম্ভ হৈছে। "
Original Link- Twitter | Archived Link
আমি একেটা ঘটনা সম্পৰ্কত কেইবাটাও বাতৰি লাভ কৰিলো। Original Link- Greater Kashmir | Archived Link
ফলাফল
সত্যতা নিৰূপনত এইটো স্পষ্ট হৈ পৰিছে যে কোনো কংগ্ৰেছ নেতাকে শেহতীয়া সময়চোৱাত অসমত অস্ত্ৰ সৰবৰাহ বা হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হোৱা নাই। ভাইৰেল পোষ্টটোত ব্যৱহাৰ কৰা ফটোদুখন দুবছৰতকৈও অধিক পুৰণি আৰু সেই দুখন বাংলাদেশ আৰু কাশ্মীৰৰ।
Title:এইগৰাকী হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ নেতা নহয়!
Fact Check By: Manjori BorkotokyResult: False