দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই!

False Social
Ranjan G.png

ফেচবুক লিংক | সংৰক্ষিত লিংক

শেহতীয়াকৈ এক বিশেষ বাতৰি ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, অসম সন্তান, ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে । উক্ত বাতৰিটো বিভিন্ন জনে শ্বেয়াৰ কৰিছে আৰু কিছু সংবাদ মাধ্যমটো এনে ধৰণৰ বাতৰি প্ৰকাশ পোৱা দেখা গৈছে । 

‘নিউজ অসম২৪’ নামৰ এক ফেচবুক পে’জৰ পৰা এনে ধৰণৰ এক পোষ্ট ৬ আগষ্ট, ২০২০ তাৰিখে আপলোড কৰা হৈছে । “ৰঞ্জন গগৈ Covid-19ত আক্ৰান্ত হৈছে৷” বুলি লিখি এই ফেচবুক পোষ্টটো প্ৰাক্তন মুখ্য ন্যায়াধীশজনৰ এখন ফটোৰ সম্বলিতে আপলোড হোৱা দেখা গৈছে । উক্ত পোষ্টটো ২১৭ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

এনে ধৰণৰ আন কিছু ফেচবুক পোষ্টও দেখা গৈছে । এই পোষ্টবোৰ চাওঁক ইয়াত আৰু ইয়াত । 

সঁচাকৈ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশজন ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে এই বিষয়ে ‘বাৰ এণ্ড বেঞ্চ’ৰ ভেৰিফাইদ টুইটাৰ হেণ্ডেলৰ পৰা স্পষ্ট কৰা হৈছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশজন ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই । ৰঞ্জন গগৈয়ে নিজেই এই বিষয়ে তেওঁলোকক জনাইছে বুলি তেওঁলোকে টুইটটোত লিখিছে । 

Ranjan Gg.png

এই বিষয়ে এটা আইন সম্পৰ্কীয় ৱেবছাইটত এক বাতৰি প্ৰকাশ পাইছে যত স্পষ্ট কৰা হৈছে যে প্ৰাক্তন মুখ্য ন্যায়াধীশজন ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই । এই সম্পৰ্কে বিতংকৈ পঢ়ক ইয়াত । 

Ranjan Ggi.png

ফলাফল

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশজন ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই । ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে । 

Avatar

Title:দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *