এই ভিডিঅ’টোত থকা শিশুটি বাংলাদেশৰ নহয়।

বাংলাদেশৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰেপৰা বিভিন্ন ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ হোৱা বুলি বিভিন্ন পোষ্ট ভাইৰেল হৈছে। এনে সময়তে ধূলি-বালি আৰু ছাইৰে লুতুৰি-পুতুৰি এটি শিশু ফুটপাথত বহি থকাৰ এক দৃশ্য আমি ফেচবুকত পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “Bangladesh 😭 ভাৰতবৰ্ষ বিশ্বগুৰু ❓❓❓ বিশ্বৰ শক্তিশালী নেতা […]

Continue Reading

মিছা খবৰ এয়া। ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰা নাই। 

শেহতীয়াভাবে ইংলণ্ডত সংঘটিত হোৱা এটা হত্যাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই বিভিন্ন সঁচা-মিছা বাতৰি বিয়পি পৰিছে। আনকি সেই ঘটনাটোৰ সৈতে সাম্প্ৰদায়িক দিশ এটা জৰিত কৰিও বিভিন্ন বাৰ্তা প্ৰচাৰ হৈছে। আনকি অসমতো এটা বাৰ্তা বিয়পি পৰিছে যে ইংলণ্ডৰ চাউথপোৰ্টত শৰনাৰ্থী মুছলমানে দুটি শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেই […]

Continue Reading

বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

ছোৱালী অপহৰণ, ৰেপ গেঙ সক্ৰিয় হৈ থকা বুলি অসম পুলিচে কোনো সতৰ্কবাণী দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ -“কলেজ বা অফিচলৈ যোৱা প্ৰতিগৰাকী ছোৱালীৰ বাবে বাৰ্তা।যদি আপুনি ৰাস্তাত কোনো শিশুৱে ঠিকনা দেখুৱাই কান্দি থকা দেখিছে আৰু আপোনাক সেই ঠাইলৈ লৈ যাবলৈ কয়, তেন্তে সেই শিশুটিক পোনে পোনে থানালৈ লৈ যাওক আৰু অনুগ্ৰহ কৰি তেওঁলোকক সেই ঠিকনালৈ নিনিব। ছোৱালীক চুৰি, ৰেপ […]

Continue Reading

অসমত কোনো সোপাধৰা ওলোৱা নাই

শেহতীয়াকৈ অসমৰ বিভিন্ন চ’চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত “সোপাধৰা” / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ’চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব।  তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ’ল।  […]

Continue Reading