শেহতীয়াকৈ চ'চিয়েল মেডিয়াত এটা ভিডিঅ'ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ'টোত দেখা গৈছে পথত ৰখাই থোৱা গাড়ীবোৰৰ ওপৰত পোক সদৃশ কিছুমান বস্তু পৰি আছে। দাবী কৰা হৈছে যে এয়া চীনৰ দৃশ্য আৰু তাত পোক পৰুৱাৰ বৰষুণ হৈছে। তেনে এটা পোষ্ট আমি ফেচবুকত পালোঁ য'ত লিখা আছিল এইদৰে - "চীনত পোক পৰুৱাৰ বৰষুণ! অসংখ্য পোক-পৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে চীনত। অভাৱনীয় ভাবে দেশখনত বৃদ্ধি পাইছে পোক-পৰুৱাৰ সংখ্যা। ৰাজপথত ৰখাই থোৱা গাড়ীৰ ওপৰত পোক-পৰুৱাৰ দম।"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল'লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ। তদুপৰি আমি চীনা প্ৰেক্ষাপটত গৱেষণা কৰি প্ৰাসংগিক তথ্য বিচাৰিলোঁ।

পোক পৰুৱাৰ নিচিনা দেখা এইবোৰ আচলতে চীনদেশত পোৱা এক প্ৰকাৰৰ ফুলহে। এই সম্পৰ্কে বিতং তথ্য বিচাৰি আমি এটা ভিডিঅ' পালোঁ।

এই ভিডিঅ'টোৰ এটা অংশ লৈ সম্পাদনা কৰি চীনত পোক পৰুৱাৰ বৰষুণ হোৱা বুলি ভাইৰেল কৰা হৈছিল। গাড়ীবোৰৰ কাষৰ এজোপা গছ একেটা ভিডিঅ’ৰ ধাৰাবাহিকতাত দেখা গৈছে।

এই ভিডিঅ' আৰু ফটোসমূহ চীন হোৱা পোক পৰুৱাৰ বৰষুণৰ বুলি বিভিন্ন মাধ্যমত বিয়পি পৰাৰ পাছতে চীনা লোকসকলে এই সম্পৰ্কে স্পষ্টিকৰণ দিয়া দেখা গৈছে। তেওঁলোকে স্পষ্টকৈ কৈছে যে এয়া কোনো পোক পৰুৱাৰ বৰষুণ নহয়, এয়া পপলাৰ ফুলহে আচলতে।

তদুপৰি টুইটাৰত এনে উৰাবাতৰি বিয়পোৱা আমেৰিকাৰ এক সংবাদ মাধ্যমৰ (@TheInsiderPaper) এটা পোষ্টৰ উত্তৰ দিয়া দেখা গ'ল এজন চীনা ব্যক্তিয়ে।

তদুপৰি ইংৰাজী সংবাদ মাধ্যমে এই সম্পৰ্কে কৰা এটা তথ্য পৰীক্ষাও আমি পালোঁ।

এনে ধৰণৰ ফুলৰ থোপা চাইনিজ নেকলেচ পপলাৰ নামৰ গছত পোৱা যায়। প্ৰতি বছৰে বসন্ত কালৰ আৰম্ভণিত এনে ধৰণৰ ফুলৰ থোপা দেখা যায়।

এই গছৰ বৈজ্ঞানিক নাম হ'ল পপুলাছ (Populus)। ইহঁত পপুলাছ ৱিলচ'নি (Populus Wilsonii) গছৰ এটা প্ৰজাতি। পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ দেশসমূহতহে এই গছ পোৱা যায়।

চীনত এই গছজোপা কেৱল অৰণ্যতে নহয়, পথৰ দাঁতিতো পোৱা যায়। ইয়াত মতা গছ আৰু মাইকী গছ পৃথক। ঠিক তেনেদৰে ইহঁতৰ প্ৰজনন অংগবোৰ একক হৈ থকাৰ বাবে শৰৎ শেষ হৈ বসন্ত আৰম্ভ হ’লে প্ৰজননৰ বাবে পৰাগ সৰি পৰে। এইবোৰ দেখাত কেটাৰপিলাৰ বা কৃমিৰ দৰে। এইবোৰ সৰি পৰাৰ পিছত গছজোপা গজালি ওলাবলৈ আৰম্ভ কৰে।

ইয়াৰ বিষয়ে অধিক পঢ়িবলৈ এই লিংকটো চাওক।

এনে পুষ্পপুঞ্জক বৈজ্ঞানিকভাৱে কেটকিন বুলি কোৱা হয় ৷ একে সময়তে এইবোৰৰ বাবে বায়ু প্ৰদূষণ ঘটে আৰু প্ৰতি বছৰে চীনা জনসাধাৰণে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ বিষয়ে অধিক পঢ়িবলৈ এই লিংকটো চাওক।

গুগলত পপলাৰ গছ কেটকিন কীৱ'ৰ্ড চাৰ্চ কৰিলে বিভিন্ন প্ৰবন্ধ, ফটো আৰু ভিডিঅ' দেখা পাব।

ইয়াত এই গছৰ বিষয়ে চীনা চৰকাৰে দিয়া আনুষ্ঠানিক বিবৃতি পঢ়িবলৈ পাব।

গতিকে ভাইৰেল দাবীটো মিছা বুলি প্ৰমাণিত হ'ল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত দাবী কৰাৰ নিচিনাকৈ চীন দেশত পোক পৰুৱাৰ বৰষুণ হোৱা নাই। ভিডিঅ'টোত দেখা পোক পৰুৱা সদৃশ বস্তুবোৰ আচলতে পপলাৰ ফুলহে হয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চীনদেশত সঁচাকৈয়ে পোক পৰুৱাৰ বৰষুণ হৈছেনে?

Fact Check By: FactCrescendo Assamese

Result: False