
শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত দাবী কৰা হৈছে যে এখন ৰাফেল যুঁজাৰু বিমান আম্বালাৰ ওচৰত
কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্রস্থ হৈছে আৰু এজন পাইলটৰ মৃত্যু হৈছে । উক্ত টুইটটো ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা কৰা বুলি দাবী কৰা হৈছে যিহেতু টুইটটোৰ স্ক্ৰীনশ্বটটোত ব্লুটিক দেখা গৈছে ।

উক্ত স্ক্ৰীনশ্বটটো অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে নেকি, প্ৰশ্ন কৰিছে ।
আমি এই বিষয়ে অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । সঁচাকৈ শেহতীয়াকৈ আম্বালাৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবে এখন ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হৈছে নেকি আৰু এজন পাইলটৰ মৃত্যু হৈছে নেকি? সত্য কি? জানো আহক ।
প্ৰণালী
প্ৰথমে আমি স্ক্ৰীনশ্বটটোত দেখা পোৱা ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টটো চালোঁ কিন্তু এনেধৰণৰ কোনো টুইট আমাৰ চকুত নপৰিল ।

ইয়াৰ পাছত আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু ‘পিআইবি ফেক্টচেক’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰা দেখিলোঁ য’ত স্পষ্ট কৰা হৈছে যে এনে ধৰণৰ কোনো ঘটনা ঘটা নাই আৰু এইয়া আচলতে এক মৰ্ফ কৰা স্ক্ৰীনশ্বট হয় ।ভাৰতীয় বায়ু সেনায়ে এনে ধৰণৰ কোনো টুইট কৰা নাই বুলি তেওঁলোকে লগতে উল্লেখ কৰে ।

ইয়াৰ পাছত আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰিলোঁ আৰু এনে ধৰণৰ কোনো বাতৰি ক’তো আমাৰ চকুত নপৰিল ।
ইয়াৰ উপৰিও আমি দেখিলোঁ যে ভাইৰেল টুইটৰ স্ক্ৰীনশ্বটটোত ইংৰাজী দৃষ্টিকটু ভাৱে
ভুল আছে, যি ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা কৰা এক টুইটত কেতিয়াও থাকিব নোৱাৰে ।

ফলাফল
উক্ত ভাইৰেল স্ক্ৰীনশ্বটটো ভুৱা হয় । ভাৰতীয় বায়ু সেনায়ে এনে ধৰণৰ কোনো টুইট কৰা নাই আৰু শেহতীয়াকৈ আম্বালাৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবে কোনো ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হোৱা নাই আৰু কোনো পাইলটৰ মৃত্যু হোৱা নাই ।

Title:আম্বালাৰ ওচৰত ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হৈছে বুলি ভুৱা স্ক্ৰীনশ্বট ভাইৰেল!
Fact Check By: Manjori BorkotokyResult: False