ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে।

Kerala FB.png

Original Link- Facebook | Archived Link

Original Link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে।

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে আমি প্ৰাসংগিক শব্দ কিছুমান লৈ গুগল ছাৰ্চ কৰি চালো আৰু আমি ২০১৮চনৰ এপ্ৰিলৰ কিছুমান বাতৰি পালো। যত লগতে উল্লেখ কৰা দেখিলো যে প্ৰায় ১.২ লাখ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সময়ত প্ৰপত্ৰত ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি থৈছে।

একাংশ বাতৰিত উল্লেখ কৰা হৈছে যে কেৰালাৰ ৰাজ্যিক শিক্ষামন্ত্ৰী প্ৰফেছাৰ চি.ৰবীন্দ্ৰনাথে বিধানসভাত ৰাজ্যখনৰ নৱপ্ৰজন্মই স্কুল কলেজৰ নামভৰ্তিৰ সময়ত ঝৰ্ম আৰু জাতিৰ স্থানটো কিদৰে উকা কৰি এৰি গৈছে তাৰ এক হিচাপ দাঙি ধৰিছিল। Original Link- India Today | Archived Link

ইয়াৰ পিছত আমি এই বাতৰিও লাভ কৰিলো যে মন্ত্ৰীগৰাকীয়ে সংখ্যাটো ভুলকৈ উল্লেখ কৰিছিল। বাতৰি মতে কেৱল ২৯৮৪গাৰকী ছাত্ৰ-ছাত্ৰীয়েহে এইদৰে ধৰ্ম আৰু জাতিৰ স্থানটো এৰি থৈ গৈছে আৰু সংখ্যাৰ খেলিমেলি কাৰিকৰি কাৰণত হৈছিল।

Kerala Scroll.png

Original Link- Scroll.in | Archived Link

ফলাফল

মন্ত্ৰীগৰাকীয়ে এটা ভুল সংখ্যা দাঙি ধৰিছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ধৰ্ম আৰু জাতিৰ উল্লেখ কৰা নাই, সেই সংখ্যা কেৱল ২৯৮৪গৰাকীহে, ১.২৪লাখ নহয়। গতকে এই পোষ্টসমুহ বিভ্ৰান্তিকৰ যত তথ্য বিভ্ৰাট ঘটিছে।

Avatar

Title:বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।

Fact Check By: Manjori Borkotoky

Result: Misleading