
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনতকৈ অধিক মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰোনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
ক’ৰোনা ভাইৰাছ ৰোগৰ প্ৰধান উৎপত্তিৰ স্থল হ’ল জীৱ-জন্তু আৰু আমি সকলোৱে জানোঁ যে চীন দেশত আন এছিয় দেশবোৰৰ দৰেই জীৱ-জন্তুৰ মাংসৰ খুব চাহিদা আছে । যিহেতু এই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰথমবাৰৰ বাবে চীনৰ ৱুহান নামৰ ঠাইখনৰ পৰা হৈছিল, সেই ঠাইখনৰ জীৱ-জন্তুৰ মাংসৰ বজাৰবোৰ সম্প্ৰতি ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । বহুতে দাবী কৰিছে যে এই মাংসৰ বজাৰবোৰ উক্ত ৰোগৰ সংক্ৰমণৰ কাৰণ ।
সম্প্ৰতি ৱুহানৰ মাংসৰ বজাৰৰ ভিডিঅ’ বুলি এনে এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা পোৱা এই বিশেষ বজাৰখন ৱুহান ক’ৰোনা ভাইৰাছৰ উৎপত্তি স্থল । উক্ত ভিডিঅ’টোৰ এক ফেচবুক লিংক অসমত হোৱাটচ এপ্পৰ জৰিয়তে বহুল ভাৱে শ্বেয়াৰ হৈছে ।
সঁচাকৈ এইটো ৱুহান বজাৰৰ ভিডিঅ’ নেকি? সঁচাকৈ এই বজাৰৰ পৰাই ৱুহান ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ হৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু আমি এটা ইউটিউব ভিডিঅ‘ৰ লিংক পালোঁ য’ত এক বিদেশী ভাষা ব্যৱহাৰ কৰি “Le marché de Langowan Indonésie” বুলি শিৰোনামা দিয়া আছিল । আমি গুগল ব্যৱহাৰ কৰি ইয়াৰ অনুবাদ কৰি “Langowan market Indonesia” (লাংগ’ৱান মাৰ্কেট ইণ্ডোনেছিয়া) বুলি লিখা আছে বুলি গম পালোঁ ।

ভিডিঅ’টো ভালকৈ লক্ষ্য কৰি আমি ভিডিঅ’টোৰ এঠাইত এখন চাইন বৰ্ড দেখিলোঁ য’ত “লাংগ’ৱান” শব্দটো ইংৰাজীত লিখা আছিল ।

গতিকে সেইখন যে ইণ্ডোনেছিয়াৰ লাংগ’ৱান মাৰ্কেট হয় সেই বিষয়ে আৰু নিশ্চয়তা লাভ কৰিলোঁ ।

ইয়াৰ পাছত আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি এই বিষয়ে আৰু অনলাইন চাৰ্ছ কৰিলোঁ আৰু আন্তৰাষ্ট্ৰীয় নিউজ গোষ্ঠী এএফপি’য়ে এই সম্পৰ্কে কৰা এক ফেক্ট চেক দেখা পালোঁ য’ত এই একেটা ভিডিঅ’ৰ বিষয়ে লিখা আছে যে এইয়া আচলতে ইণ্ডোনেছিয়াৰ লাংগ’ৱান মাৰ্কেট হয়, চীনৰ ৱুহানৰ বজাৰ নহয় ।

ফলাফল
উক্ত ভিডিঅ’টো চীনৰ ৱুহান বজাৰৰ নহয় বৰঞ্চ এইটো ইণ্ডোনেছিয়াৰ লাংগ’ৱান মাৰ্কেটৰ ভিডিঅ’ হয় আৰু ইয়াৰ ৱুহান ক’ৰোনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই । ৱুহান বজাৰৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:এইটো ৱুহান ক’ৰোনা ভাইৰাছৰ উৎপত্তি স্থল চীনৰ ৱুহান বজাৰৰ ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: False