WhatsApp Image 2020-09-17 at 18.39.14.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ ।

উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে নেকি, প্ৰশ্ন কৰিছে ।

WhatsApp Image 2020-09-17 at 14.59.17.jpeg

সংৰক্ষিত লিংক

আমি এই বিষয়ে অনুসন্ধান কৰিবলৈ ঠিৰাং কৰিলোঁ । সঁচাকৈ এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰৰ ফটো নেকি? সত্য কি? জানো আহক ।

প্ৰণালী

প্ৰথমে আমি ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত ২০১৮ চনতে উক্ত ফটোখন সন্নিবিষ্ট হোৱা দেখিলোঁ । দৰাচলতে এই ফটোখন ২০১৮ চনতে কেদাৰনাথত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ হয় । বিতংকৈ জানিবলৈ ইয়াত ক্লিক কৰক ।

IAF crash.png

ইয়াৰ উপৰিও আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে পিআইবি ফেক্ট চেকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰিছে য'ত তেওঁলোকে স্পষ্ট কৰিছে যে শেহতীয়াকৈ লাডাখত কোনো ভাৰতীয় হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হোৱা নাই । লগতে তেওঁলোকে এই ফটোখন ২০১৮ চনতে কেদাৰনাথত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ হয় বুলি স্পষ্ট কৰিছে ।

pib.png

ফলাফল

শেহতীয়াকৈ লাডাখত কোনো ভাৰতীয় হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হোৱা নাই আৰু উক্ত ভাইৰেল ফটোখন আচলতে ২০১৮ চনতে কেদাৰনাথত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ হয় ।

Avatar

Title:শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?

Fact Check By: Manjori Borkotoky

Result: False