অষ্ট্ৰেলিয়াৰ বনজুইৰ সময়ত কোৱালাৰ পোৱালীক শিয়ালিয়ে গাখীৰ খুৱাই থকা ভিডিঅ'ৰ আচল কাহিনী!
শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বনজুইৰ বিধ্বংসী ৰূপে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ'য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । বিশেষকৈ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু কেংগেৰু আৰু কোৱালাৰ বিভিন্ন দুখলগা ছবিয়ে বিশ্ববাসীক মৰ্মাহত কৰি তুলিছে । ইয়াৰ লগতে অষ্ট্ৰেলিয়াৰ বনজুইৰ বলি হোৱা বুলি বিভিন্ন জীৱ জন্তুৰ হৃদয়স্পৰ্শী ভিডিঅ' ছচিয়েল মিডিয়াত ভৰি পৰিছে ।
এজনী ৰঙা শিয়ালীয়ে কেইটামান পোৱালীক গাখীৰ খুৱাই থকা এনে এক ভিডিঅ' ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াৰ ইউজাৰৰ লগতে বিভিন্ন সংবাদ মাধ্যমে দাবী কৰিছে যে গাখীৰ খাই থকা এইকেইটা কোৱালাৰ পোৱালি আৰু সিহঁতে নিজৰ মাকক অষ্ট্ৰেলিয়াৰ বনজুইত হেৰুৱাইছে আৰু এই দুৰ্ভগীয়া পোৱালি কেইটাক এতিয়া এজনী শিয়ালীয়ে নিজৰ দুগ্ধ পান কৰিব দিছে ।
অসমতো এই বাতৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কাৰণ বিভিন্নজনে এই বিষয়ে প্ৰকাশ হোৱা বাতৰিবোৰৰ ৱেব লিংক ফেচবুকত নিজৰ প্ৰফাইলৰ পৰা শ্বেয়াৰ কৰিছে ।
আলিয়া বৰুৱা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা ইণ্ডিয়া টাইমছ নামৰ নিউজ ৱেবছাইটত এনে ধৰণৰ এক বাতৰিৰ লিংক জানুৱাৰী ২৮, ২০২০ তাৰিখে শ্বেয়াৰ কৰা হৈছে য'ত তেওঁ লিখিছে, "অহ! মা সদাই মা হয়" ।
সঁচাকৈ অষ্ট্ৰেলিয়াৰ বনজুইত নিজৰ মাতৃক হেৰুৱা এই কোৱালা পোৱালি কেইটাক এজনী শিয়ালীয়ে দুগ্ধ পান কৰিব দিছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত উক্ত ভিডিঅ'টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু আমি দেখিলোঁ যে উক্ত ভিডিঅ'টো ইণ্টাৰনেটত থকা ভালেমান দিন হ'ল আৰু বিভিন্ন ধৰণৰ দাবী সহ প্ৰচাৰ কৰি থকা হৈছে ।
উক্ত ভিডিঅ'টো 'এৰাউণ্ড দা ৱৰ্ল্ড' নামৰ এটা ইউটিউব চেনেলে ২০১৮ চনতে 'মাইকী শিয়ালে বান্দৰ পোৱালি কেইটামানক গাখীৰ খুৱাই আছে, দুষ্প্ৰাপ্য ছবি' বুলি শিৰোনামা দি আপলোড কৰিছিল ।
আন এটা ইউটিউব চেনেল, বালকান মিউজিকে, ২০১৬ চনতে 'মাক শিয়ালিয়ে নিজৰ পোৱালীবোৰক গাখীৰ খুৱাই আছে' বুলি উক্ত ভিডিঅ'টো আপলোড কৰিছিল ।
ইয়াৰ উপৰিয়ো ২০১৪ চনতে এজন ইউটিউবাৰে উক্ত ভিডিঅ'টোৰ লগতে আন কেইটামান ভিডিঅ' আপলোড কৰিছিল (একেইজনী শিয়ালীয়ে গাখীৰ খুৱাই থকা আন কোণৰ পৰা ৰেকৰ্ড কৰা ভিডিঅ') য'ত আমি স্পষ্টকৈ ধৰিব পাৰোঁ যে সেইকেইটা শিয়ালৰ পোৱালি হয়, কোৱালাৰ নহয় ।
যিহেতু উক্ত ভিডিঅ'টো ইণ্টাৰনেটত ২০১৪ চনৰে পৰা উপলব্ধ হৈ আছে আৰু আমি নিশ্চিত হলোঁ যে শিয়ালিজনীয়ে নিজৰ পোৱালীক গাখীৰ খুৱাই আছিল, কোৱালাৰ পোৱালীক নহয়, গতিকে উক্ত ভিডিঅ'টো শেহতীয়াকৈ হোৱা অষ্ট্ৰেলিয়াৰ বনজুইৰ লগত সম্পৰ্ক আছে বুলি কৰা ভাইৰেল দাবীটোৰ কোনো সত্যতা নাই বৰঞ্চ ই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে ।
ফলাফল
ভিডিঅ'টো আচলতে প্ৰায় ছয় বছৰ পুৰণি আৰু অষ্ট্ৰেলিয়াৰ শেহতীয়া বনজুইৰ লগত কোনো সম্পৰ্ক নাই । আমি আৰু গম পালোঁ যে শিয়ালীজনীয়ে শিয়ালৰ পোৱালিকে গাখীৰ খুৱাই আছিল, কোৱালাৰ পোৱালিক নহয় ।
Title:অষ্ট্ৰেলিয়াৰ বনজুইৰ সময়ত কোৱালাৰ পোৱালীক শিয়ালিয়ে গাখীৰ খুৱাই থকা ভিডিঅ'ৰ আচল কাহিনী!
Fact Check By: Manjori BorkotokyResult: False