FACT CHECK: 'আইচিএমআৰ'এ ২১টা নিয়মাৱলীসহ কোনো কোভিড পৰামৰ্শাৱলী প্ৰকাশ কৰা নাই
কোভিড১৯ৰ পৰা হাত সাৰি থাকিবলৈ বিদেশলৈ ভ্ৰমন নকৰা,সামাজিক দূৰত্ব অৱলম্বন কৰা আদিকে ধৰি ২১টা নিয়মাৱলীসহ এখন পৰামৰ্শাৱলী শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেইখন ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ(আইচিএমআৰ)ৰ তৰফৰ পৰা এই নিয়ম জাৰি কৰা হৈছে।
এই পৰামৰ্শাৱলীত ২১টা এনেকুৱা পদক্ষেপৰ কথা লিখা আছে যিখিনি কোভিড ১৯ৰ পৰা হাত সাৰি থাকিবৰ বাবে অনাগত ৬মাহৰ পৰা ১২মাহলৈ পালন কৰিবলগীয়া।
২বছৰলৈ বিদেশ ভ্ৰমন নকৰা,১ বছৰলৈ বাহিৰত আহাৰ গ্ৰহন নকৰা আদি পৰামৰ্শ তাত লিখা আছে।
দেশৰ বিভিন্ন ৰাজ্যত কৰ'ণাভাইৰাছত সংক্ৰমিত হোৱা নিশ্চিত তথ্য কেইবাটিও জনাজাত হোৱাৰ পিছত এই কথাবোৰ ভাইৰেল হৈছে।
ছোচিয়েল মিডিয়া প্লেটফৰ্মত বহুতেই এই দাবী শ্বেয়াৰ কৰি আছে আৰু আমাৰ ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আহ্বান কৰি মেছেজ কৰিছিল।
কিন্তু আইচিএমআৰৰ কোভিড ১৯ৰ বাবে গঠিত এপেক্স বডীয়ে এই নিয়মসমুহ যোৱাবছৰেই জাৰি কৰিছিল বুলি আমি জানিব পাৰিলো আৰু ইয়াক ইতিমধ্যে ফেক্ট ক্ৰেছেণ্ডো হিন্দীয়ে সত্যতা নিৰূপন কৰিয়ে থৈছে।
সত্যতা নিৰূপন পদ্ধতি:
প্ৰথমে আমি সেই পৰামৰ্শাৱলীখন মন দি পঢ়িলো আৰু তাত বৈয়াকৰণিক ভুল লক্ষ্য কৰিলো।
ইয়াৰ পিছত আমি আইচিএমআৰৰ ৱেবচাইট পৰীক্ষা কৰিলো আৰু তাত এনেকুৱা কোনো পৰামৰ্শাৱলী দেখিবলৈ নাপালো। Original Link- ICMR | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা আইচিএমআৰৰ পলিছী প্লেনিঙৰ মুৰব্বী ড:ৰজনীকান্তৰ সৈতে যোগাযোগ কৰাত তেওঁ স্পষ্ট কৰি দিয়ে যে "ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা জাননীখন আইচিএমআৰৰ ফালৰ পৰা জাৰি কৰা হোৱা নাই। তেওঁৰ দ্বাৰা প্ৰকাশ কৰা সকলো প্ৰেছ বিজ্ঞপ্তি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ ৱেবচাইটত আপলোড কৰি থোৱা আছে। এই জাননীখন ভূৱা।"
ফেক্ট ক্ৰেছেণ্ডো হিন্দীয়ে গতবৰ্ষতে এই দাবীৰ সত্যাসত্য প্ৰমান কৰি থৈছে। সত্যতা নিৰূপন ইয়াত দিয়া হৈছে:
ফলাফল:
ওপৰোক্ত সত্যতা নিৰূোপনে প্ৰমান কৰিছে যে ভাইৰেল হোৱা পৰামৰ্শাৱলীখন আইচিএমআৰৰ দ্বাৰা জাৰি কৰা হোৱা নাই।
Title:FACT CHECK: 'আইচিএমআৰ'এ ২১টা নিয়মাৱলীসহ কোনো কোভিড পৰামৰ্শাৱলী প্ৰকাশ কৰা নাই
Fact Check By: Manjori BorkotokyResult: False