
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্টে দাবী কৰিছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ অধিনৰ ৩৫,০০০ একৰ ভূমি বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা কৰিছে।
অসমত ভাইৰেল হোৱা তেনেকুৱা কেইটামান পোষ্ট এয়া:
Original Link: Facebook | Archived Link
Original Link: Facebook | Archived Link
Original Link: Facebook | Archived Link
Original Link: Facebook | Archived Link
Original Link: Facebook | Archived Link
কিছুমান পোষ্টে দাবী কৰিছে যে ৬খন ৰাজ্যৰ ২৪খন জিলালৈ ভাগ কৰি এই ভুমি বিক্ৰী কৰা হ’ব।
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই বিষ অনুসন্ধান কৰি জানিব পাৰিলো যে এই দাবী মিছা।
সত্যতা নিৰূপন পদ্ধতি:
আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলো গুগলত প্ৰাসংগিক শব্দৰে ছাৰ্চ কৰি। আমি একেই তথ্য বহন কৰা কেইবাটাও বাতৰি বিভিন্ন মাধ্যমত পালো।
Screenshot, Article India Today
Original Link: India Today | Archived Link
বাতৰিসমুহত পোৱা হ’ল যে ওড়িশাৰ আইন মন্ত্ৰী প্ৰতাপ জেনাই ওড়িশা বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত “ভগবান জগন্নাথৰ নামত থকা ৬০,৪২৬একৰ ভূমি ২৪খন জিলাত চিনাক্ত কৰা হৈছে। ৩৯৫একৰ ভূমি পশ্চিম বংগ,মহাৰাষ্ট্ৰ,মধ্যপ্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,ছট্টিছগড় আৰু বিহাৰত চিনাক্ত কৰা হৈছে” বুলি মন্তব্য কৰাৰ পিছত এই পোষ্টবোৰ ভাইৰেল হৈছে। জেনাই কৈছিল যে উল্লিখিত জিলাকেইখনৰ উপায়ুক্তসকলৰ সৈতে এই সম্পত্তি সমুহ বিক্ৰীৰ বাবে যোগাযোগ কৰা হৈছে। বাতৰি মতে মন্দিৰ কৰ্তৃপক্ষই এতিয়ালৈ ৩৪,৮৭৬.৯৮৩ একৰ ভূমি পুনৰ দাবী কৰিবলৈ সক্ষম হৈছে।
ছাৰ্চ কৰোতে ইয়াকো পোৱা গ’ল যে ১৮মাৰ্চৰ এটা বাতৰিয়ে এই কথা স্পষ্ট কৰিছে যে আগৰ তথ্য কিছুমান আচলতে মিছা।
তেনেকুৱা এটা বাতৰিত কোৱা হৈছে যে ৩৫,০০০ একৰ ভুমি বিক্ৰী কৰি দিয়া বুলি খবৰ বিয়পি পৰাৰ পিছত মন্দিৰ কৰ্তৃপক্ষই এলানি টুইটেৰে ইয়াক স্পষ্ট কৰি দিছে যে ভূমি বিক্ৰী কৰি দিয়া বুলি কৰা প্ৰচাৰটো সম্পূৰ্ণ মিছা আৰু উদ্দেশ্যপ্ৰনোদিত।
Screenshot, The New Indian Express article
Original Link- The New Indian Express | Archived Link
আমি তদুপৰি ((শ্ৰী জগন্নাথ মন্দিৰ কাৰ্যালয়,পুৰী)ৰ ছ’চিয়েল মিডিয়া হেণ্ডেলসমুহ পৰীক্ষা কৰিলো আৰু দেখিলো যে তেওঁলোকে ১৮মাৰ্চত এলানি টুইট কৰিছে, য’ত উল্লেখ কৰিছে, “২০০৩চনৰ ‘ইউনিফাইড পলিছী’ৰ মতে, জগন্নাথ মহাপ্ৰভূৰ নামৰ বিভিন্ন ভূমি, যি আন লোকে বহুবছৰ ধৰি অধিকাৰ কৰি আছে, সেয়া মন্দিৰ কমিটীয়ে থিকথাক কৰি লোৱাৰ ব্যৱস্থা আৰম্ভ হৈছে!”
Chief Administrator, Shree Jagannatha Temple Administration (SJTA) clarifies on the issue related to lands of Shree Jagannatha Mahaprabhu. (1/7)
— Shree Jagannatha Temple Office, Puri (@SJTA_Puri) March 18, 2021
মন্দিৰ কমিটীয়ে ইয়াকো স্পষ্ট কৰি দিছে যে ৰাইজৰ সুবিধাৰ্থে নিৰ্মান কৰা বিভিন্ন অনুষ্ঠান আৰু চৰকাৰী প্ৰকল্পসমুহৰ সিদ্ধান্ত শ্ৰী জগন্নাথ মন্দিৰ কমিটীৰ দ্বাৰা গ্ৰহন কৰা হৈছে।
আমি নিউজ গোষ্ঠী ‘এএনআই’য়ে এই বিষয়ে কৰা এক টুইট দেখিলোঁ য’ত তেওঁলোকে মন্দিৰ কর্তৃপক্ষৰ এক বক্তব্য উল্লেখ কৰিছে, যি বক্তব্যত তেওঁ উক্ত দাবী নাকচ কৰিছে ।
It has been falsely reported that 35,000 acres of land of Lord Jagannath is being sold. This is complete distortion of facts and is blatantly false and motivated: Chief Administrator, Shree Jagannatha Temple Administration (SJTA), Odisha
— ANI (@ANI) March 18, 2021
ফেক্ট ক্ৰেছেণ্ডোৱে এছজেটিপিৰ হৈ মন্তব্য প্ৰকাশ কৰা বিশেষ কৰ্তব্যৰত বিষয়া শুভ্ৰাংশ শেখৰ পাধীৰ সৈতে যোগাযোগ কৰিছিল।তেওঁ স্পষ্ট কৰি দিছে যে মন্দিৰৰ ভূমি বিক্ৰী কৰা কোনো পৰিকল্পনা বৰ্তমান নাই আৰু তেনেকুৱা কোনো পদক্ষেপ গ্ৰহন কৰা হোৱা নাই। তেওঁ কয় যে সেই ভূমিত অবৈধ দখল দিয়া কিছুমান লোকৰ পৰা কিছু ধন সংগ্ৰহ কৰা হৈছে আৰু সেই কথা এছজেটিপিৰ টুইটত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।
ফলাফল:
ভূমি বিক্ৰী কৰা বুলি পোষ্ট ভাইৰেল হোৱাৰ পিছতে প্ৰকাশ হোৱা এলানি টুইট আৰু বিভিন্ন বাতৰিয়ে স্পষ্ট কৰিছে যে সম্পত্তি সন্দৰ্ভত সকলো সিদ্ধান্ত শ্ৰী জগন্নাথ মন্দিৰ কমিটীয়েহে গ্ৰহন কৰিছে। কমিটীয়ে অস্বীকাৰ কৰিছে আৰু স্পষ্ট কৰিছে যে পুৰীৰ জগন্নাথ মন্দিৰৰ ৩৫,০০০ একৰ ভূমি বিক্ৰী কৰা হোৱা নাই।

Title:পুৰীৰ জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ ভূমি বিক্ৰী কৰি দিয়া হোৱা নাই!
Fact Check By: Manjori BorkotokyResult: False