FACT CHECK: ভাইৰেল ভিডিঅ'ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি।
অসমত ফেচবুকত ভাইৰেল হোৱা এটা ভিডিঅ'ত দাবী কৰা হৈছে যে গোটেই দেশতে ব্যৱহাৰ হোৱা ইভিএম সমুহ বিশেষজ্ঞই টেম্পাৰিং কৰিব পাৰে। হিন্দী ভাষাত কথা কোৱা এজন লোকে ভিডিঅ'টোত ইভিএমৰ দৰে এটা যন্ত্ৰ দেখুৱাই কৈছে যে ইভিএম টেম্পাৰিং ইমানো জটিল কাম নহয় আৰু তেওঁ সেয়া কৰিও দেখুৱাইছে।
Original Link: Facebook | Archived Link
কেচপনটোত দাবী কৰা হৈছে যে মানুহজন এজন ইঞ্জিনিয়াৰ।
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে দাবীটো মিছা।
সত্যতা নিৰূপন পদ্ধতি:
ভিডিঅ'ত দেখা যন্ত্ৰটোত ইভিএমৰ দৰে এটা বেলট ইউনিট আছে আৰু এটা কন্ট্ৰ'ল ইউনিট আছে যিয়ে সংগৃহিত ভোট আৰু বেলট ইউনিটটো নিয়ন্ত্ৰন কৰে। কিন্তু এই যন্ত্ৰটোত প্ৰকৃত ইভিএমৰ লগত বহুখিনি পাৰ্থক্য আছে।
ভিডিঅ'টোত দেখুওৱা যন্ত্ৰটোত ষ্টেণ্ডাৰ্ড প্ৰছেচৰ ব'ৰ্ড আছে। প্ৰকৃত ইভিএমৰ কন্ত্ৰ'ল ব'ৰ্ডত থকা মাইক্ৰ'প্ৰচেছৰ হৈছে এবাৰেই ব্যৱহাৰযোগ্য ছীপ। এবাৰ প্ৰ'গ্ৰেমটো আপলোড হ'লে ইয়াত আৰু দুনাই ব্যৱহাৰ কৰিব নোৱাৰি।
ইভিএমত ব্যৱহাৰ হোৱা ছফ্টৱেৰটো ভাৰতৰ দুটা কোম্পেনীয়ে প্ৰস্তুত কৰে। এটা হৈছে বাংগালুৰুৰ বিইএল আৰু আনটো হৈছে হাইদৰাবাদৰ ইচিআইএল। বিইএল কোম্পেনীটোৰ মালিক হ'ল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়।
একেদৰেই ইচিআইএলৰ কৰ্মীসকলো একেই মন্ত্ৰ্যালয়ৰদ্বাৰা নিয়ন্ত্ৰিত হয়। এই দুয়োটা কোম্পেনীতে ছফ্টৱেল প্ৰস্তুত কৰিবলৈ ২/৩জনীয়া ইঞ্জিনিয়াৰৰ দল থাকিব। তেওঁলোকে প্ৰস্তুত কৰা প্ৰোগ্ৰামটো পৰীক্ষা কৰাৰ অন্তত মেছিন ক'ডটো সলনি কৰি প্ৰছেচৰ নিৰ্মানকাৰীক হস্তান্তৰ কৰা হয়। নিৰ্মানকাৰীয়ে সেই ক'ড উদ্ধাৰ বা মূল ক'ডটো লাভ কৰাৰ উপায় নাথাকে। মেছিনত ক'ড আপলোড হোৱাৰ পিছত কেইটামান ইউনিট কোম্পানীলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। কোম্পেনীয়ে সকলোখিবি পৰীক্ষা কৰি সৱ থিকে থাকে থাকিলেহে মেছিন নিৰ্মান কৰা আৰম্ভ কৰে।
আমি ইণ্ডিয়ান এক্সপ্ৰেছত এটা প্ৰৱন্ধ পালো, য'ত ইভিএম হেকিং সন্দৰ্ভত কোৱা হৈছে যে যিয়ে এই মেছিন নিৰ্মান কৰিছে কেৱল সেই ইঞ্জিনিয়াৰেহে ইয়াক হেক কৰিব পাৰিব।
Original Link- Indian Express | Archived Link
ভিডিঅ'টোত দেখুওৱা যন্ত্ৰটোৰ মাইক্ৰ'প্ৰছেচৰ আৰু কন্ত্ৰ'ল ইউনিট প্ৰকৃত ইভিএমৰ দৰে নহয়। প্ৰকৃত ইভিএমৰ কন্ট্ৰ'ল ইউনিট ডিজাইন কৰিবলৈ কোটি টকাৰ প্ৰয়োজন হয়।
এই মাইক্ৰ'প্ৰছেচৰ ছীপসমুহ বিশেষভাৱে ইভিএমৰ দ্বাৰা ডিজাইন কৰা হয়। এভিএম ৱায়াৰলেছ হেক কৰিব নোৱাৰি কাৰণ এভিএম হৈছে এনেকুৱা স্বতন্ত্ৰ যন্ত্ৰ যিটোৰ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি কোনো সংযোগ আন কোনো যন্ত্ৰৰ লগত নাথাকে।
আমি ক'ৰাত এটা থ্ৰেড পালো একেটা বিষয়ক লৈ। তাত আইএএছ বিষয়া ভৱেশ মিশ্ৰই সবিস্তাৰে বৰ্ণনা কৰিছে যে ইভিএম হেকিং কৰাটো সহজ নহয়। ভৱেশ মিশ্ৰ আছিল অন্ধ্ৰ প্ৰদেশৰ ভদ্ৰচালাম সমষ্টিত কৰ্তব্যৰত বিষয়া আৰু তেওঁ দিল্লী আইআইটিৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট। Original Link- Quora | Archived Link
আমি এনডিটিভিৰ অফিছিয়েল ৱেবচাইটতো এই বিষয়টো লৈ এটা প্ৰৱন্ধ পালো,য'ত কোৱা হৈছে যে ইভিএমসমুহ নিৰাপদ। Original Link: NDTV | Archived Link
ইয়াৰ পিছত আমি নিৰ্বাচন আয়োগৰ এটা প্ৰেছ বিবৃতি দেখিলো য'ত কোৱা হৈছে যে ইভিএম টেম্পাৰিং কৰিব নোৱাৰি। Original Link: PIB | Archived Link
ফেক্ট ক্ৰেছেণ্ডো মালায়ালামে একেটা দাবীক লৈ এটা সত্যতা নিৰূপন কৰিছে। লিংকটো এইটো:
ഇ വി എം മെഷീനുകള് ഇങ്ങനെ ഹാക്ക് ചെയ്യാന് സാധിക്കുമോ...?
ফলাফল
ভিডিঅ'টোত দেখুওৱাৰ দৰে ইভিএমসমুহ আন ইভিএমৰ সৈতে সালসলনি বা নিৰ্মান কৰি উলিয়াব নোৱাৰি। নিৰ্বাচনত ব্যৱহাৰ হোৱা প্ৰকৃত ইভিএম ভিডিঅ'টোত দেখুওৱা আৰ্হিটোৰ দৰে নহয়।গতিকে আমি আমাৰ পাঠকক অনুৰোধ কৰো যে তেনেকুৱা দাবীৰ পোষ্টবোৰ শ্বেয়াৰ নকৰিব।
Title:ভাইৰেল ভিডিঅ'ত দাবী কৰা হৈছে যে ভাৰতত ব্যৱহাৰ হোৱা ইভিএমত খেলিমেলি কৰিব পাৰি।
Fact Check By: Manjori BorkotokyResult: False