FACT CHECK: হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই

International Misleading

ছোচিয়েল মিডিয়াত অভিনন্দনমূলক কিছুমান পোষ্ট ভাইৰেল হৈ পৰিছে যত ওৰিয়েন্টেল ষ্টাডিজত ডক্টৰেট ডিগ্ৰীধাৰী তথা ইছলামিক আইনৰো ছাত্ৰ হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ নিযুক্ত কৰা বুলি দাবী কৰা হৈছে। 

তেনেকুৱা কিছুমান পোষ্ট এয়া: 

Original link- Facebook | Archived Link 

Original link- Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই দাবী বিভ্ৰান্তিকৰ। ছাহাৱীক হাৰ্ভাৰ্ড ল’ ৰিভিউ নামৰ এখন জাৰ্ণেলৰ হে অধ্যক্ষ নিযুক্ত কৰা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ নহয়। 

সত্যতা নিৰূপন পদ্ধতি :

প্ৰাসংগিক শব্দৰে কৰা এটা গুগল ছাৰ্চে আমাক এটা বাতৰি দেখুৱালে যত হাৰ্ভাৰ্ড ল’ ৰিভিউৰ অধ্যক্ষ হিচাপে ছাহাৱীক নিযুক্তি দিয়া কথাটো হাৰ্ভাৰ্ড ল’ টুডেই প্ৰকাশ কৰিছে। বাতৰিটোত শিৰোনামটো লিখা হৈছে “Harvard Law Review elects Hassaan Shahawy ’22 as its 135th president”. (হাৰ্ভাৰ্ড লৱ ৰিভিউৱে হাছান ছাহাৱীক ১৩৫সংখ্যক অধ্যক্ষ হিচাৰে নিৰ্বাচিত কৰা হৈছে)

Original Link- Harvard Law Review | Archived Link

সেই প্ৰৱন্ধটোৰ পৰা আমি জানিব পাৰিলো যে হাৰ্ভাৰ্ড ল’ ৰিভিউৰ জন্ম হৈছিল ১৮৮৭চনত আৰু জন্ম দিয়া হৈছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধিশ লুইচ ডি ব্ৰেণ্ডেইছ, এল এল বিৰ দ্বাৰা ১৮৮৭ত। এইখন হৈছে ছাত্ৰৰদ্বাৰা সম্পাদিত এখন জাৰ্ণেল আৰু সমগ্ৰ বিশ্বতেই সৰ্বাধিক প্ৰচলিত এখন জাৰ্ণেল। এইখন নৱেম্বৰৰ পৰা জুনলৈ মাহেকীয়া হিচাপে প্ৰকাশ হয়। 

ইয়াৰ পিছত আমি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অফিচিয়েল বেৱচাইটটো পৰীক্ষা কৰিলো আৰু অধ্যক্ষৰ পদটো বৰ্তমান লৱৰেন্স এছ বেকওৱে অলংকৃত কৰি থকা জানিব পাৰিলো। 

Original Link- Harvard University | Archived Link 

ফলাফল

দাবী কৰা ধৰণে হাছান ছাহাৱীক হাৰ্ভাৰ্ড ল’ ৰিভিউ নামৰ এখন জাৰ্ণেলৰ হে অধ্যক্ষ নিযুক্ত কৰা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ নহয়। বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ পদটো বৰ্তমান লৱৰেন্স এছ বেকও নামৰ এজন লোকে অলংকৃত কৰি আছে।

Avatar

Title:হাছান ছাহাৱীক হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাই

Fact Check By: Manjori Borkotoky 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *