২০১৫ চনৰ নেপাল ভূইকঁপৰ দৃশ্য শেহতীয়া ৭ জানুৱাৰী,২০২৫ৰ বুলি প্ৰচাৰ।

Misleading Social

শেহতীয়াকৈ যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত বিশেষ ভিডিঅ’ এটা আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে সেইটো সেই দিনটোৰ লাইভ ভিডিঅ’ য’ত নেপালৰ ভয়ংকৰ ভূইকঁপৰ দৃশ্য দেখা গৈছে। কেপছনত লিখিছেঃ-নেপালৰ বিধ্বংসী ভূমিকম্পৰ লাইভ ভিডিঅ চাওঁক ! বুকু কঁপি যাব আপোন‍াৰ । ভিডিঅ’টোৰ ওপৰতো লিখা হৈছেঃ- আজিৰ নেপালৰ ভূমিকম্পৰ প্ৰাবল্য চাওঁক লাইভ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfJWq6MWnywYlZNrR_SxcMW4BpuLtHdtOjbjLMM4pAJHWgRiXsaS6r_Quh2HsIM3h9Zu8CmMF0BG6fou8xU8tp4gBULwCw2haSyautMSJ5cwJPcjwE7Tph_U2IXtcWVsumsO7qI?key=a_AvtCdWWUsSHY7zV-aUuKRc

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি তাৰ পৰা ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি আজিৰ পৰা ৯ বছৰ পূৰ্বে ইউটিউৱত সেই ভিডিঅ’টো আপলোড কৰা কেইবাটাও লিংক লাভ কৰিলোঁ। আমাৰ দেশৰ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰো একাধিক প্ৰতিষ্ঠিত সংবাদ মাধ্যমে সেই ভিডিঅ’টো ২০১৫ চনত আপলোড কৰি সেয়া নেপালৰ সেই সময়ৰ ভিডিঅ’ বুলি বাতৰি কৰিছে। ৩০ এপ্ৰিল ২০১৫ত ইণ্ডিয়া টিভিয়ে নেপাল ভূমিকম্পৰ ভয়ংকৰ পৰিস্থিতিৰ বাতৰি কৰিছিল। সেই বাতৰিত এই লেখাত সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো দেখুৱাই সেয়া দৰবাৰ স্কুৱেৰৰ দৃশ্য বুলি কোৱা হৈছে। 

 

বিশ্বৰ প্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান এছোচিয়েটেড প্ৰেছে একেদিনাই Raw: Moment Nepal Quake Strikes Ancient Square শীৰ্ষক ভিডিঅ’ সংবাদটোতো সেই দৃশ্যটো নেপালৰ এটা পুৰণি স্কুৱেৰৰ বুলি প্ৰকাশ কৰিছে। 

 

বিবিচি নিউজ জাপানে ১ এপ্ৰিল ২০১৫ত একেটি ভিডিঅ’ৰে পৰিবেশন কৰা  ネパール地震 寺院が崩れる様子を観光客が (নেপালৰ ভূমিকম্পঃ মন্দিৰ ভাঙি পৰা পৰ্যটকে চাই আছে) শীৰ্ষক বাতৰিতো সেয়া নেপালৰ দৃশ্য বুলি উল্লেখ কৰিছে।

  

স্কাই নিউজৰ Tourist Captures Moment Nepal Earthquake Hit শীৰ্ষক বাতৰিটোতো সেয়া নেপালৰ ভক্তপুৰৰ মূল স্কুৱেৰটো বুলি ভিডিঅ’ৰে দেখুওৱা হৈছে। সেই বাতৰিটোও ২০১৫ চনৰ ৩০ এপ্ৰিলত পৰিবেশন কৰা হৈছিল।

আনকি বিবিচি নিউজ ব্ৰাজিলে ১ মে’ ২০১৫ত পৰ্টুগীজ ভাষাত পৰিবেশন কৰা Vídeo mostra templos históricos ruindo no Nepal por causa de terremoto(ভিডিঅ’ত নেপালত ভূমিকম্পৰ ফলত ঐতিহাসিক মন্দিৰসমূহ ভাঙি পৰা দেখা গৈছে) শীৰ্ষক বাতৰিটোতো আমি সেয়া নেপালৰ ভূমিকম্পৰ দৃশ্য বুলি জানিব পাৰিলোঁ।

 

ইমানবোৰ তথ্য প্ৰমাণৰ পৰা এই কথা নিশ্চিত হৈছে যে সেই দৃশ্যটো ২০১৫ চনৰ এপ্ৰিলত নেপালত অহা প্ৰলয়ংকৰী ভূমিকম্পৰ সময়ত নেপালৰ ভক্তপুৰত থকা দৰবাৰ স্কুৱেৰৰ। পৰ্যটকৰ কেমেৰাত সেই দৃশ্যটো বন্দী হৈছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। সেই দৃশ্যটো নেপালৰ ভূমিকম্পৰ হয় যদিও সেয়া ২০১৫ চনত অহা ভয়ংকৰ ভূমিকম্পৰহে। সেয়া যোৱা ৭ জানুৱাৰী,২০২৫ৰ দৃশ্য নহয়। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০১৫ চনৰ নেপাল ভূইকঁপৰ দৃশ্য শেহতীয়া ৭ জানুৱাৰী,২০২৫ৰ বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *