FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৪ফেব্ৰুৱাৰীৰ দিনটোত ভেলেন্টাইনছ ডে' পালন কৰা হয় আৰু ছোচিয়েল মিডিয়াতো প্ৰেমৰ দিনটো সম্পৰ্কত অযস্ৰ পোষ্টৰ জোৱাৰ উঠিছিল। কিন্তু, ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টে এই বুলি দাবী কৰে যে ১৯৩১ চনৰ এই দিনটোতেই লাহোৰত শ্বহীদ ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক মৃত্যুদণ্ড দিয়া হৈছিল আৰু সেইবাবেই এই দিনটো গুৰুত্বপূৰ্ণ।
ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুৰ ফটো শ্বেয়াৰ কৰি লিখা হৈছে, "দেশ স্বাধীন কৰিবলৈ তেজাল ডেকা লৰা কেইজনে প্ৰেম পিৰিতী কৰা বয়সত আজিৰ দিনটোত(১৪ ফেব্ৰুৱাৰী) হেলাৰঙে ফাচী কাঠত উলমিবলৈ কুন্থাবোধ নকৰা ভাৰত মাৰ সেই তিনিওগৰাকী মনীষীলৈ(ভগত সিং,সুসদেৱ,ৰাজগুৰু) সশ্ৰদ্ধা প্ৰণাম যাচিলো!"
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে ১৯৩০ চনৰ ৭অক্টোবৰত ফাঁচীৰ হুকুম দিয়াৰ পিছত ১৯৩১ চনৰ ২৩মাৰ্চত হে মৃত্যুদণ্ড বিহা হৈছিল।
সত্যতা নিৰূপন পদ্ধতি:
প্ৰাসংগিক কিছু শব্দ লৈ কৰা চাৰ্ছে আমাক এনেকুৱা বহুতো লিংক দিলে য'ত তেওঁলোকৰ মৃত্যদণ্ডৰ সঠিক দিন আৰু সময়ৰ উল্লেখ আছিল,কিন্তু ক'তো ১৪ফেব্ৰুৱাৰীৰ কোনো গুৰুত্বতাৰ উল্লেখ নাই। Original Link- Indian Law Journal | Archived Link
২০১৫চনত বিভিন্ন নিউজ ৱেবচাইটে ভগৎ সিঙৰ মৃত্যুদণ্ডৰ হুকুমৰ ভাইলেৰ হোৱা ৱাৰেন্টখন সন্দৰ্ভত বাতৰি লিখিছিল। সেই বাতৰিসমুহ মতে বিচাৰৰ দিনটো ১৯৩০ চনৰ ৭ অক্টোবৰ বুলি উল্লেখ কৰা আছে।
Original Link- Times of India | Archived Link
বাতৰিসমুহ অনুসৰি ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত ১৯৩১চনৰ ২৩মাৰ্চত সন্ধিয়া ৭বাজি ১৫মিনিটত ফাঁচী দিয়া হৈছিল।
'দ্য হিন্দু'ত ২০১১চনত প্ৰকাশিত এক লেখা অনুসৰি ২০০৭চনত ভগৎ সিঙৰ বিচাৰৰ সম্পৰ্কীত বিভিন্ন তথ্য,নথি আদি উচ্চতম ন্যায়ালয়ৰ দ্বাৰা এটা সংগ্ৰহালয়ত কিউৰেট আৰু ডিজিটাইজড কৰা হৈছে।
Original Link- The Hindu | Archived Link
"shahidbhagatsingh.org" নামৰ এটা ৱেবচাইট অনুসৰি ভগৎ সিঙে পাঞ্জাৱৰ ৰাজ্যপালক এক আবেদনযোগে তেওঁক ফাঁচীৰ পৰিৱৰ্তে মুৰত গুলীয়াবলৈ অনুৰোধ কৰিছিল।
Original Link- SHAHEEDBHAGATSINGH.ORG | Archived Link
সেই আবেদনখনত তেওঁ লিখিছিল " we were sentenced to death on 7th October 1930 by a British Court, L.C.C Tribunal, constituted under the Sp. Lahore Conspiracy Case Ordinance, promulgated by the H.E. The Viceroy, the Head of the British Government of India"
আমি এনেকুৱা কোনো বৈধ তথ্য নাপালো,যিয়ে এই সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটোত ১৪ফেব্ৰুৱাৰীৰ কিবা গুৰুত্ব আছে বুলি প্ৰতিয়মান কৰিব পাৰে।
ফলাফল:
সত্যতা নিৰূপনে স্পষ্ট কৰিলে যে ১৯৩১ চনৰ ১৪ফেব্ৰুৱাৰীত লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত ভগৎ সিং,সুখদেৱ আৰু ৰাজগুৰুক ফাঁচী দিয়া বুলি কৰা দাবীটো সত্য নহয়। তেওঁলোকক ১৯৩০চনৰ ৭অক্টোবৰত ফাঁচীৰ হুকুম প্ৰদান কৰি মাৰ্চত সেই মৃত্যুদণ্ড প্ৰদান কৰা হৈছিল।
Title:FACT CHECK: ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক ১৪ ফেব্ৰুৱাৰীৰ দিনটোত মৃত্যুদণ্ড দিয়া হোৱা নাছিল।
Fact Check By: Manjori BorkotokyResult: False