
শেহতীয়া মহামাৰীৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ফেমিনা মিছ ইণ্ডিয়াৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাখনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলী কৰা হৈছে। ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ এই প্ৰতিযোগিতাখন আছিল ৫৭সংখ্যক সংস্কৰণ।
বিজয়ীসকলক অভিনন্দন জনাই ছোচিয়েল মিডিয়াত অসংখ্য পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে। আৰু ফেক্ট ক্ৰেছেণ্ডোৱা মন কৰিলো যে কিছুমান ভাইৰেল পোষ্টে দাবী কৰিছে যে এইবাৰৰ বিজয়ী মান্যা সিং। কিছুমান ভাইৰেল পোষ্টত ভিডিঅ’ বা বাতৰি সংলগ্ন কৰা হৈছে য’ত মান্যা সিঙক ৰানাৰ্ছ আপ বুলি ঘোষণা কৰা দেখা গৈছে কিন্তু তৎস্বত্তেও তেওঁলোকে কেপছনত মান্যা সিঙ নামৰ প্ৰতিযোগী গৰাকীয়ে মিছ ইণ্ডিয়া ২০২০ৰ খিতাপ পাইছে বুলি লিখিছে ।
তেনেকুৱা কিছুমান পোষ্ট এয়া:
Original Link- Facebook | Archived Link
(Original Article Link- News18 Assam Northeast | Archived Link)
Original Link- Facebook | Archived
আমি সত্যত নিৰূপন কৰি জানিলো যে দাবীটো বিভ্ৰান্তিকৰ আৰু মান্যা সিং ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ চুড়ান্ত বিজয়ী নহয়, ৰানাৰ্ছ আপ হে।
সত্যতা নিৰূপন পদ্ধতি:
আমি প্ৰাসংগিক শব্দ কিছুমান লৈ গুগল নিউজত ছাৰ্চ কৰি চালো আৰু বহুকেইটা আগশাৰীৰ সংবাদ প্ৰতিস্থানে কৰা বাতৰি লাভ কৰিলো,য’ত উল্লেখ কৰা হৈছে যে মানসা বাৰানসীক মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ৰ খিতাপ দিয়া হৈছে, মনিকা শ্বেওকাণ্ডক মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২০ৰ খিতাপ আৰু মান্যা সিঙক মিছ ইণ্ডিয়া ২০২০ৰ ৰানাৰ্ছ আপ ঘোষণা কৰা হৈছে।
Screenshot, article, The Hindu
Original Link- The Hindu | Archived Link
আমি বাতৰিবোৰত মান্যা সিঙৰ বিষয়ে পঢ়িলো আৰু আনকি তাতো তেওঁলোকে তেওঁক সৌন্দৰ্য প্ৰতিযোগিতাখনৰ ৰানাৰ্ছ আপ বুলি লিখিছে।
Original Link- The Outlook | Archived Link
আমি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ অফিচিয়েল ছোচিয়েল মিডিয়া একাউন্টবোৰ পৰীক্ষা কৰিলো আৰু দেখিলো যে মানসা বাৰানসীক ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ চুড়ান্ত বিজয়ী ঘোষণা কৰা হৈছে আৰু মান্যা সিঙক ৰানাৰ আপ।
Original Link- Instagram | Archived Link
মান্যাৰ প্ৰেৰণামূলক কাহিনী সংবাদ মাধ্যমৰ সৰ্বত্ৰ চৰ্চা হৈছে। তেওঁ এটা অতি সাধাৰণ পৰিয়ালৰ কন্যা। তেওঁৰ পিতৃ এগৰাকী অট’চালক আৰু মাতৃ গৃহিনী। তেওঁ ১৪ বছৰ বয়সতেই মুম্বাইলৈ আহি সংগ্ৰাম কৰি কৰি আজি এইটো স্থান লাভ কৰিছে, একমাত্ৰ তেওঁৰ একাগ্ৰতা আৰু নিষ্ঠাৰে।
ফলাফল
আংশিকভাৱে মিছা। মান্যা সিং ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ চুড়ান্ত বিজয়ী নহয়, তেওঁ ৰানাৰ্ছ আপৰ খিতাপহে লাভ কৰিছে।

Title:মান্যা সিঙক ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ খিতাপ প্ৰদান কৰা হোৱা নাই ।
Fact Check By: Manjori BorkotokyResult: Partly False