পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত বুলি ভাইৰেল।

Misleading Social

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এগৰাকী কণমানি ছোৱালীক সান্ত্বনা দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি হোৱা নাবালিকাগৰাকীৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত আন দুটা ক্লিপ ক’লাজ আকাৰে সংলগ্ন কৰা হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকক আৰক্ষীয়ে আটক কৰি জনতাৰ সন্মুখত মৰিয়াইছে। দাবী কৰা হৈছে যে সেয়া ৰাজস্থানৰ ঘটনাটোৰ অভিযুক্তক আৰক্ষীয়ে আটক কৰাৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে কণমানি ছোৱালীজনীক সান্ত্বনা দি থাকে ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৬ চনৰ ২৭ মে’ত এই ভিডিঅ’টো এটা ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ।

কেপশ্বন অনুসৰি ভিডিঅ’টোত চিৰাগ পাছৱানে বিহাৰৰ দৰভংগাত এগৰাকী কণমানিৰ সৈতে কথা পতাৰ দৃশ্য।

ইয়াকে সমল হিচাপে লৈ আমি গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি “জাগৰণ“ত ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল।

প্রতিবেদনৰ অসমীয়া অনুবাদ অনুসৰি, “দৰভংগাৰ কুশেশ্বৰস্থানৰ হৰিনগৰৰ জাতিগত হিংসাৰ বলি হোৱা লোকসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী চিৰাগ পাছৱানে সাক্ষাৎ কৰে৷ তেওঁ আহতসকলৰ স্বাস্থ্যৰ খবৰ লয়, আর্থিক সাহায্য প্রদান কৰে, লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিয়ে৷ পাছৱানে উল্লেখ কৰে যে জাতি-ধর্মৰ ভিত্তিত সমাজখন বিভাজন কৰাটো গ্ৰহণযোগ্য নহয় আৰু অপৰাধীসকলক এৰি দিয়া নহ’ব৷ তেওঁ ভুক্তভোগীসকলক ন্যায় আৰু নিৰাপত্তাৰ আশ্বাস দিয়ে, লগতে প্ৰশাসনিক বিষয়াসকলকো সতৰ্ক কৰি দিয়ে”।

ABP BIHAR ৰ‌ অফিচিয়েল ইউটিউব চেনেলতো আমি ভাইৰেল ক্লিপটো সংলগ্ন এক প্ৰতিবেদন ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ বিৱৰণৰ অসমীয়া অনুবাদ এনেধৰণৰ, “দেওবাৰে লোক জনশক্তি পাৰ্টিৰ (ৰামবিলাস)ৰ মুৰব্বী চিৰাগ পাছৱানে দৰভংগাৰ ডি এম চি এইচ চিকিৎসালয়ত উপস্থিত হৈ হৰিনগৰ গাঁৱৰ জাতিগত হিংসাৰ বলি হোৱা দলিতসকলৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ এই ভ্ৰমণৰ সময়ত তেওঁ চিকিৎসকৰ পৰা ৰোগীসকলৰ অৱস্থাৰ বিষয়ে সোধ-পোছ কৰি পৰিয়ালসমূহক ন্যায়ৰ আশ্বাস দিয়ে।”

খবৰ অনুসৰি ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিহাৰৰ দৰভংগা জিলাৰ হৰিনগৰ গাঁৱত এটা দলিত পৰিয়াল আৰু প্ৰধান ব্ৰাহ্মণ সম্প্ৰদায়ৰ মাজত অনাদায় মজুৰিক লৈ হোৱা বিবাদে হিংসাত্মক ৰূপ লৈছিল।

ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি।

তদুপৰি ভাইৰেল ভিডিঅ’টোৰ ক’লাজত থকা আন দুটা ক্লিপ য’ত আৰক্ষী কেইজনমান লোকক আটক কৰি মৰিয়াই মৰিয়াই ৰাস্তাৰে লৈ গৈ থকা দেখা গৈছে, সেয়া ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ঘটনাৰ সৈতে সম্পৰ্কিত নহয়।

এই সম্পৰ্কে আমি কৰা ফেক্ট চেক ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

তদুপৰি শ্ৰী গংগানগৰ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’সমূহৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ সৈতে সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে ঘটনাৰ পাছতে আৰক্ষীয়ে ইয়াৰ সৈতে জড়িত তিনিখন হোটেল বুলডোজাৰেৰে ভাঙি পেলায়। ভাইৰেল ভিডিঅ’টোৰ ক’লাজৰ সোঁফালৰ তলৰফালে থকা দৃশ্যটো সেই সময়ৰ বুলি আমি জানিব পাৰিলোঁ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ বলি নাবালিকাগৰাকীক সান্ত্বনা দিয়া দৃশ্য নহয় এয়া। এই ভিডিঅ’টো বিহাৰৰ দৰভংগাৰ এক পুৰণি ভিডিঅ’। তদুপৰি আৰক্ষীয়ে কেইজনমান লোকক প্ৰহাৰ কৰা দৃশ্যৰো শ্ৰী গংগানগৰৰ ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাজস্থানৰ শ্ৰী গংগানগৰৰ গণধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *