ভাৰত চৰকাৰে প্ৰত্যেকজন নাগৰিকক ২০০০ টকা সাহায্য দিব বুলি প্ৰচাৰ হোৱা হোৱাটচ এপ্প বার্তাটো ভুৱা হয়!

Coronavirus False Social

WhatsApp Image 2020-07-03 at 17.57.34.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৯ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ১৪জনৰ মৃত্যু হৈছে । 

যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত লক ডাউন যদিয়ো বহু পৰিমানে শিথিল কৰি দিয়া হৈছে, কিছু বাধ্য-বাধ্যকতা এতিয়াও বিভিন্ন পৰ্য্যায়ত আছে, সেই সময়তে লক ডাউন আৰু লক ডাউনৰ সময়ত বিভিন্ন সাহায্য সম্পৰ্কীয় বিভিন্ন ফটো/ভিডিঅ’/বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হব ধৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । 

শেহতীয়াকৈ হোৱাটচ এপ্পত ভাইৰেল হোৱা এক বাৰ্তাত দাবী কৰা হৈছে যে প্ৰত্যেকজন নাগৰিকক চৰকাৰে ২০০০ টকা সাহায্য হিচাবে দিবলৈ সিদ্ধান্ত লৈছে । এই সম্পৰ্কে এক ৱেবলিংকও বাৰ্তাটোত শ্বেয়াৰ কৰা হৈছে । বাৰ্তাটোত লগতে দাবী কৰা হৈছে যে এই সুযোগ মাত্ৰ এবাৰহে দিয়া হৈছে । 

সঁচাকৈ ভাৰত চৰকাৰে প্ৰত্যেকজন নাগৰিকক ২০০০ টকা সাহায্য হিচাবে দিবলৈ সিদ্ধান্ত লৈছে নেকি ? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি বাৰ্তাটোত থকা লিংকটোত ক্লিক কৰিলোঁ আৰু দেখিলোঁ যে উক্ত লিংকটো বিকল হৈ আছে । গতিকে বার্তাটোৰ সত্যতাৰ ওপৰত প্ৰশ্ন আহি পৰিল । 

WhatsApp Image 2020-07-03 at 10.57.18.jpeg

সংৰক্ষিত লিংক

ইয়াৰ পাছতেই আমি এই বিষয়ে সন্দেহবশত পিআইবি ফেক্ট চেকৰ টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ দি থৈছে  । তেওঁলোকে স্পষ্ট কৰিছে যে উক্ত বার্তাটো ভুৱা হয় আৰু চৰকাৰে এনে কোনো ঘোষণা কৰা নাই ।

tw.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

ফলাফল

ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটো ভুৱা হয় আৰু এনে কোনো সাহায্যৰ অস্তিত্ব বৰ্তমান নাই । এনে ধৰণৰ বাৰ্তা প্রচাৰ কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে ।

Avatar

Title:ভাৰত চৰকাৰে প্ৰত্যেকজন নাগৰিকক ২০০০ টকা সাহায্য দিব বুলি প্ৰচাৰ হোৱা হোৱাটচ এপ্প বার্তাটো ভুৱা হয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *