এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

Economy False
petrol.png

petrol.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে । 

পোষ্টটোত এখন ফটো সংলগ্ন কৰা হৈছে য’ত ভাৰতৰ পেট্ৰলৰ মূল্যৰ লগতে আন কেইবাখনো দেশৰ পেট্ৰলৰ মূল্য সন্নিবিষ্ট কৰা এখন তালিকা দেখা গৈছে । পোষ্টটোৰ শিৰোনামা, “ভাৰতীয় টকাৰ হিচাপত কোন দেশে কিমান টকাত পেট্ৰল বিক্ৰী কৰে এবাৰ ভালদৰে চাওক—” বুলি দিয়া আছে । উক্ত পোষ্টটো ২.৫ হাজাৰতকৈ অধিকবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । 

দেখা গৈছে যে তালিকাখনত ভাৰতৰ পেট্ৰলৰ মূল্যৰ তুলনাত আন দেশৰ পেট্ৰলৰ মূল্যৰ যথেষ্ট কম বুলি দেখোৱা হৈছে । সঁচাকৈয়ে এই তালিকাখন শুদ্ধ নে? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি উক্ত ভাইৰেল তালিকাত উল্লেখিত কেইখনমান দেশৰ পেট্ৰলৰ মূল্যৰ বিষয়ে গুগল চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে তালিকাত উল্লেখিত মূল্যবোৰ সঁচা নহয় আৰু বৰ্তমান মূল্যবোৰ যথেষ্ট বাঢ়িল । 

পাকিস্তানৰ পেট্ৰলৰ মূল্যৰ সম্পর্কে আমি টাইমছ অফ ইণ্ডিয়াৰ এক নিউজ ৰিপৰ্ট দেখা পালোঁ য’ত লিখা আছে যে শেহতীয়াকৈ পাকিস্তানত পেট্ৰলৰ দাম ৭৪.৫২ টকাৰ পৰা ১০০.১০ টকালৈ বৃদ্ধি পাইছে । আমি দেখিলোঁ যে পাকিস্তানত পেট্ৰলৰ মূল্য ২৬ টকা বুলি ভাইৰেল তালিকাখনত উল্লেখ আছে যি কেতিয়াও সঁচা হব নোৱাৰে । 

petrol 1.png

ইয়াৰ পাছত আমি নেপালৰ পেট্ৰলৰ মূল্য সম্পৰ্কে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে নেপালত শেহতীয়াকৈ ৫ টকা বঢ়োৱাৰ পাছত পেট্ৰলৰ মূল্য ১০১ টকা হৈছে । গতিকে নেপালত যি পেট্ৰলৰ মূল্য ৩৪ টকা বুলি ভাইৰেল তালিকাখনত উল্লেখ আছে সেইয়া কেতিয়াও সঁচা হব নোৱাৰে । 

petrol 2.png
petrol 3.png

ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ প্ৰকৃত তালিকা এখন আমি কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰাত পালোঁ । দুয়োখন তালিকা তুলনা কৰিলেই ভাইৰেল তালিকাখন বা ফেচবুক পোষ্টটো ভুৱা বুলি স্পষ্ট হৈ পৰে । 

petrol 4.png

ফলাফল

উক্ত ভাইৰেল তালিকাখন ভুৱা হয় আৰু সত্যৰ ওপৰত আধাৰিত নহয় । তালিকাখনত উল্লেখিত কেইবাখনো দেশত পেট্ৰলৰ মুল্য ভাৰততকৈ অধিকহে হয় আৰু আন কিছু দেশত কম বেছি পৰিমানে একেই হয় । 

Avatar

Title:এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *