যোৱা কিছুদিন ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফ'ৰ্মত সুৰাৰ মূল্যবৃদ্ধি সম্পৰ্কে এটা বাৰ্তা প্ৰচাৰ হৈ আহিছে। বাৰ্তাটোত কোৱা হৈছে যে অহা ১৫ জুনৰপৰা অসমত সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি হ'ব।

Facebook Link | Archived Link

Facebook Link | Archived Link

Facebook Link | Archived Link

অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে বাৰ্তাটোৰ ভুল ব্যাখ্যা কৰা হৈছে।

সত্যতা নিৰূপণ পদ্ধতি:

আমি প্ৰথমে কীৱ'ৰ্ড ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ কিন্তু কোনো ধৰণৰ বিশ্বাসযোগ্য তথ্য নাপালোঁ। ইয়াৰ পিছত আমি আবকাৰী বিভাগৰ এগৰাকী বিষয়াৰ লগত যোগাযোগ কৰিলোঁ। তেখেতে আমাক ক'লে যে সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি হ'ব বুলি ভাইৰেল হোৱা বাৰ্তাটো আচলতে সম্পূৰ্ণ সত্য নহয়। কিছু পৰিমাণে বৃদ্ধি হ'ব যদিও সেয়া ৬৫ শতাংশ বৃদ্ধি নহয়। এই বাৰ্তাটো আচলতে আবকাৰী বিভাগৰ এখন অধিসূচনাৰ এটা ভুল ব্যাখ্যাহে।

The Assam Gazette Archived Link

তাৰ পিছত আমি অসম ৰাজ্যিক আবকাৰী বিভাগৰ অফিচিয়েল ফেচবুক পেজত (Assam State Excise) এটা প্ৰেছ বিজ্ঞপ্তি পালোঁ য'ত স্পষ্টভাৱে লিখা আছে যে সুৰাৰ আবকাৰী শুল্ক সম্পৰ্কে কিছুমান ভুল তথ্য প্ৰচাৰ হৈ আছে। বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে সুৰাৰ কৰ ৬৫ শতাংশ বৃদ্ধি হোৱা নাই আৰু সুৰাৰ মূল্যবৃদ্ধিও ৬৫ শতাংশ হোৱা নাই। আবকাৰী শুল্ক বৃদ্ধিৰ ফলত কিছুমান ব্ৰেণ্ডৰ এম আৰ পি ৩-৮ শতাংশহে বৃদ্ধি হ'ব

Archived Link

ফলাফলঃ

সুৰাৰ কৰ ৬৫ শতাংশ বৃদ্ধি হোৱা নাই আৰু সুৰাৰ মূল্যবৃদ্ধিও ৬৫ শতাংশ হোৱা নাই, ভাইৰেল হোৱা বাৰ্তাটো আচলতে আবকাৰী বিভাগৰ এখন অধিসূচনাৰ এটা ভুল ব্যাখ্যাহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অসমত ১৫ জুনৰপৰা সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি নহয়

Fact Check By: Debanjana Baishya

Result: False