

শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে যে আইচিএমআৰ’ৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ) তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে ক’ৰনা ভাইৰাছৰ ভেকচিন অহা ১৫ আগষ্টত ৰাইজৰ বাবে আগবঢ়াব । বাতৰিটোত লগতে কোৱা হৈছে যে ভেকচিন বিধৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু মানৱ দেহত সফল পৰীক্ষণ হলেই, সাধাৰণ ৰাইজৰ বাবে এই ভেকচিন বিধ আগবঢ়াই দিয়া হব ।
এনে সময়তে এখন বিশেষ ফটো হোৱাটচ এপ্পত ভাইৰেল হব ধৰিছে । ফটোখনত এজন লোকক এগৰাকী চিকিৎসা কৰ্মীয়ে বেজী দি থকা দেখা গৈছে । দাবী কৰা হৈছে যে ফটোখনত সেইয়া ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডৰ উপ-সভাপতি ভি কে শ্ৰীনিভাষ হয় আৰু ভেকচিন বিধৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি তেওঁ নিজৰ পৰাই কৰিছে ।

সঁচাকৈ ভাইৰেল ফটোখনত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডৰ উপ-সভাপতি ভি কে শ্ৰীনিভাষে তেওঁলোকৰ কোম্পানীয়ে প্ৰস্তুত কৰা ভেকচিন বিধৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহৰ পৰাই কৰিছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
এই বিষয়ে ভাৰত বায়’টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া হৈছে নেকি জানিবলৈ তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে তেওঁলোকে ইতিমধ্যে এই বিষয়ে এক স্পষ্টীকৰণ দিছে । তেওঁলোকে উক্ত ফটোখন ভেকচিন বিধৰ মানৱ দেহত পৰীক্ষণৰ সময়ৰ বুলি ভাইৰেল হোৱা দাবীটো অস্বীকাৰ কৰিছে । তেওঁলোকে লগতে জনাইছে যে এইয়া আচলতে তেওঁলোকৰ কৰ্মচাৰীৰ নিয়মিত ভাৱে যি তেজ পৰীক্ষা কৰা হয় তাৰহে ফটো হয় ।

আমি ভাইৰেল ফটোখন ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে বেজিটো ব্যক্তিজনৰ কিলাকুটিৰ গাঁতটোৰ শিৰাত ভৰোৱা হৈছে । আনহাতে আমি দেখিলোঁ যে আইচিএমআৰ’ৰ ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্রিত উক্ত ভেকচিন বিধ (BBV152) মাংসপেশীত দিয়া বেজীৰ দ্বাৰাহে ভেকচিনটো কোনো ব্যক্তিৰ দেহত ভৰোৱা হব বুলি উল্লেখ আছে । এই বিষয়ে চাওক ইয়াত ।

ফলাফল
উক্ত ভাইৰেল ফটোখনত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডৰ উপ-সভাপতি ভি কে শ্ৰীনিভাষে তেওঁলোকৰ কোম্পানীয়ে প্ৰস্তুত কৰা ভেকচিন বিধৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিন বিধৰ বেজী লৈ কৰা নাই । এইয়া আচলতে তেওঁলোকৰ কৰ্মচাৰীৰ নিয়মিত ভাৱে যি তেজ পৰীক্ষা কৰা হয় তাৰহে ফটো হয় ।

Title:ভাইৰেল ফটোত ভাৰত বায়’টেকৰ উপ-সভাপতিয়ে ভাৰতত ক’ৰনা ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিনৰ বেজী লৈ কৰা নাই!
Fact Check By: Manjori BorkotokyResult: False